প্ৰাকৃতিক কাৰণত নহয়, নাগৰিকৰ বাবেই অপমৃত্যুৰ দিশে এখন নদী!

২০২১ ৰ ভিতৰত প্ৰদূষণমুক্ত হ’ব নে ভৰলু?

প্ৰতিনিধিত্বমূলক স্থিৰচিত্ৰ, উৎস- ইন্টাৰনেট

ক্ৰমবৰ্দ্ধমান এখন মহানগৰৰ বাবেই অপমৃত্যু ঘটাৰ উপক্ৰম হৈছে এখন নদীৰ!

অপমৃত্যু ঘটাৰ উপক্ৰম হোৱা এই নদীখন হ’ল আমাৰ অতি পৰিচিত ভৰলু নদী!

প্ৰায় ১০ লাখ বসতিপূৰ্ণ গুৱাহাটী মহানগৰীৰৰ মাজেৰে বৈ যোৱা ভৰলুৱে গণিছে মৃত্যুৰ ক্ষণ!

গুৱাহাটী মহানগৰীৰ এটা জাৱৰ নিষ্কাশন নলাৰ দৰেই জীৱন কটাই আছে এসময়ৰ প্ৰাণৱন্ত ভৰলু নদীয়ে।

উল্লেখ্য যে ভাৰত চৰকাৰৰ স্মাৰ্ট চিটি নিৰ্মাণৰ তালিকাত গুৱাহাটী মহানগৰীখনো আছে। অথচ এই প্ৰস্তাৱিত স্মাৰ্ট চিটিৰ বুকুৰে বৈ যোৱা মূল নদীখনেই এতিয়া এটা কদৰ্যময় নলালৈ পৰ্যবসিত হৈছে।

প্ৰণিধানযোগ্য যে ১০ লাখ জনসংখ্যাৰে পূৰ্ণ গুৱাহাটী মহানগৰীৰ মাত্ৰ ৩০ শতাংশ মানুহৰ বাবেহে পাইপ লাইনযোগে পানী উপলব্ধ হয়, তাকো দৈনিক ৭০ লিটাৰকৈহে।

এটা জাৱৰ নিষ্কাশন নলালৈ ক্ৰমাৎ পৰ্যবসিত হোৱা ভৰলু নদীখন চাফা আৰু প্ৰদূষণমুক্ত কৰাৰ বাবে গুৱাহাটী পৌৰ নিগমে বিভিন্ন আঁচিন গ্ৰহণ কৰি বিগত দিনবোৰত বহু ধন অপচয় কৰাহে পৰিলক্ষিত হৈছে।

যাৰ ফলত ভৰলুৱে পানীৰ বহন ক্ষমতা হেৰুৱাই বাৰিষা কালত গুৱাহাটী মানগৰীত প্ৰায়ে কৃত্ৰিম বনাপানীৰ সৃষ্টি কৰি আহিছে।

মেঘালয়ৰ পৰা নামি অহা বাহিনী নৈখন ৰাজ্যিক চিৰিয়াখানাৰ পৰা নতুন নাম লৈছে। তাৰ পৰাই ভৰলুৱে প্ৰায় ৬.২ কিলোমিটাৰ নামনিলৈ বৈ গৈ ভৰলুমুখত ব্ৰহ্মপুত্ৰত পৰিছে।

 ২০১৩ চনৰ অসম প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ এক তথ্যৰ মতে গুৱাহাটীৰ সৰু আৰু মধ্যম সকলো ধৰণৰ উদ্যোগ, কাৰখানা, ব্যৱসায় প্ৰতিষ্ঠান, অট্টালিকা, গৃহ আদিৰ নিৰ্গত দূষিত পানী আৰু জাৱৰবোৰ ভৰলুৰ বুকু বিষাক্ত আৰু কদৰ্যময় কৰি তুলিছে।

আনফালে গুৱাহাটী মহানগৰীৰ ৩৩০ টা নলাই কঢ়িয়াই নিয়া দূষিত পানী আৰু জাবৰ/পলিথিন আদিবোৰ গৈ ভৰলুতে পৰিছে।

কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ড ইতিমধ্যে ভৰলুক দেশৰ ভিতৰতে আটাইতকৈ প্ৰদূষিত নদী বুলি চিনাক্ত কৰিছে।

২০২১ চনৰ ৩১ মাৰ্চৰ ভিতৰত ভৰলুক চাফা কৰা লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল। কিন্তু দেখা গৈছে সেই লক্ষ্য পূৰণ হোৱাৰ কোনো আশা নাই।

প্ৰায় এক দশক পূৰ্বে কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগক অসম প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ যোগেদি ভৰলুৰ লগতে কলং নদীৰ পুনৰুজ্জীৱিতকৰণৰ বাবে ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজিয়ে এক প্ৰকল্পৰ প্ৰতিবেদন জমা দিছিল যদিও মন্ত্ৰালয়ে গ্ৰহণ কৰা নাছিল।

গুৱাহাটী আই আই টিয়েও ভৰলু আৰু বাহিনী নদীৰ পনৰুজ্জীৱিতকৰণ আৰু দুয়ো পাৰৰ সংবৰ্দ্ধন আৰু সংৰক্ষণৰ গছ কটা পাহাৰ কটা বন্ধ কৰিবলৈ পৰামৰ্শ দিছে। কিন্তু এই ক্ষেত্ৰত পৌৰ নিগম, মহানগৰ জিলা প্ৰশাসন আৰু গুৱাহাটী নগৰ উন্নয়ন বিভাগে বিশেষ একো গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই।