NORTHEAST NOW (Assamese)

নৱবৰ্ষ উদযাপনৰ সময়ত অনুমতি থকা বাৰ-ৰেষ্টুৰেণ্টহে নিশা ১২ বজালৈকে খুলিব পাৰিব : বিশ্বজিৎ পেগু

December 27, 2019 5:33 pm · এন ই নাও নিউজ
প্ৰতিনিধত্বমূলক ফটো

অসম তথা উত্তৰ-পূবৰ লগেত সমদ্ৰ দেশতে বৰ্তমান অব্যাহত আছে ‘কা’ বিৰোধী প্ৰতিবাদ। ইয়াৰ সমান্তৰালভাৱে আহি আছে নৱবৰ্ষ। গতিকে কামৰূপ মহানগৰ জিলা প্ৰশাসনে ৩১ ডিচেম্বৰ আৰু নৱবৰ্ষ পালনৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে।

এই ক্ষেত্ৰত জিলা প্ৰশাসনে তদাৰকী শাখা, পৰিবহণ বিভাগ, আৰক্ষী বিভাগক লৈ যুটীয়াভাৱে গঠন কৰিছে এটা স্কোৱাড টীম। আৰু এই টীমটোৱে প্ৰতিটো দিশ নিৰীক্ষণ কৰিব। এই কথা জনায় কামৰূপ মহানগৰ জিলা উপায়ুক্তই।

উপায়ুক্তগৰাকীয়ে আগন্তুক নৱবৰ্ষৰ প্ৰতি লক্ষ্য ৰাখি কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি যাতে সংঘটিত নহয় তাৰ বাবে বাৰ ৰেষ্টুৰেণ্টৰ ক্ষেত্ৰত কঠোৰ হ’ব বুলি উল্লেখ কৰে।

তেওঁ কয় যে কেৱল অনুমতি থকা বাৰ-ৰেষ্টুৰেণ্টসমূহ হে নিশা ১২ বজালৈকে খোলা ৰাখিব পাৰিব। বিপৰীতে বাকীসমূহ নিশা ১০ বজাতেই বন্ধ কৰিব লাগিব।

লগতে উপায়ুক্তগৰাকীয়ে উচ্চ প্ৰাবল্য শব্দ সৃষ্টি কৰিলেও প্ৰশাসনে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে।

Related News