• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“এজনো বিদেশীক ৰখা নহ’ব বুলি কোৱা সোণোৱালে এতিয়া কয় ৫ লাখহে আহিব”, কিৰিপ চলিহা

সংঘৰ্ষ সৃষ্টি কৰাৰ চেষ্টা প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰৰ নেতৃবৃন্দলৈ অনুৰোধ কিৰিপ চলিহাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 27, 2019 5:29 pm
Kirip Chaliha

সংবাদমেলত প্ৰাক্তন সাংসদ কিৰিপ চলিহা। ২৭ ডিচেম্বৰত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাক্তন সাংসদ কিৰিপ চলিহাই আজি চৰকাৰে সংঘৰ্ষ সৃষ্টি কৰাৰ বাবে চলাই থকা চেষ্টা প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰৰ নেতৃবৃন্দক কৰযোৰে অনুৰোধ কৰিছে।

চলিহাই CAA-বিৰোধী আন্দোলনৰ পৃষ্ঠভূমিত অসমৰ পৰিস্থিতিক লৈ গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল আয়োজন কৰে।

Apply Now

তেওঁ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক উদ্দেশ্য কৰি বহু কথা কয়। মুখ্য মন্ত্ৰীজনক সমালোচনা আৰু কটাক্ষ কৰে।

চলিহাই কয়, “কংগ্ৰেছৰ দিনত তেওঁ (সোণোৱালে) কৈছিল এজনো বিদেশীক ৰখা নহ’ব। এতিয়া আকৌ কয় ৫ লাখহে আহিব। তেওঁৰ অসমীয়া হৈ থকাৰ অধিকাৰ নাই”।

আন্দোলনৰ সময়ত চৰকাৰৰ স্থিতিক সমালোচনা কৰি গুৱাহাটী সমষ্টিটোৰ প্ৰাক্তন সাংসদজনৰ দাবী, হত্যা, অগ্নি সংযোগ এইবোৰ ঘটনা হোৱা নাছিল। তাৰ পাছতো কাৰফিউ দিয়া হৈছিল। ৩৫ বছৰৰ পাছত গুৱাহাটীত কাৰফিউ হৈছে। ৰাইজে হয়তো জনা নাছিল কাৰফিউ কি আছিল। কাৰফিউ নামানি ৰাইজ ওলাই আহিছিল লতাশিললৈ। কাৰফিউ দিম বুলি জাননীও ভালদৰে দিয়া নাছিল প্ৰশাসনে।

“এইবোৰ অৱস্থা কোনে কৰিলে? এসময়ত আন্দোলন কৰি মুখ্য মন্ত্ৰী হোৱাজনেই নহয় জানো? তেওঁৰ মুখখন চালেই বেয়া লাগে এতিয়া। আগৰ উজ্জ্বলতা তেওঁৰ মুখত নাই। তেওঁ মিঠা হাঁহি ঘূৰাই আনক, নিজৰ সৰলতা ঘূৰাই আনক”, সোণোৱালক তীব্ৰ কটাক্ষ চলিহাৰ।

আনহাতে চৰকাৰখন বা শাসক দলটো ৫গৰাকী চহিদৰ প্ৰতি সংবেদনশীল নোহোৱাৰ বাবে দুখ প্ৰকাশ কৰে প্ৰাক্তন সাংসদজনে।

“দশম শ্ৰেণীত পঢ়ি থকা ছাত্ৰ চহিদ হ’ল তদন্ত ঘোষণা নকৰিলে। এই ৫জন চহিদৰ হত্যাকাৰীৰ বিচাৰ হ’ব নে নাই? কেনেকৈ মৃত্যু হ’ল তদন্ত কৰা হ’লনে?”

তেওঁ আকৌ কয়, “দশম শ্ৰেণীৰ ছাত্ৰজনে কাক প্ৰহাৰ কৰিছিল? কিয় লাঠীচালনা নকৰি, গ্ৰেপ্তাৰ নকৰি গুলীয়াই হত্যা কৰিলে?”

কোনোবাই থানাত এজাহাৰ দিছে নে নাই অৱগত নহয় বুলি জানিবলৈ দি চলিহাৰ প্ৰশ্ন “ভাৰতৰ আদালতত তেওঁলোকৰ মৃত্যুৰ জবাব বিচৰা হ’ব নে নাই?”

“মই ভাবো মৃতকৰ পৰিয়ালৰ লোকে উচ্চতম ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজড়িত আৱেদন দাখিল কৰিব লাগে। ময়ো কৰিব পাৰো, কিন্তু পৰিয়ালৰ লোকে কৰিলে বিষয়টোৰ গুৰুত্ব থাকে”, হাতীগাৱঁত আৰক্ষীৰ গুলীত নিহত ১৭ বছৰীয়া ছেম ষ্টেফ’ৰ্ড সন্দৰ্ভৰত চলিহাৰ মন্তব্য।

তেওঁ মহন্তৰ স্থিতিক সমৰ্থন কৰি কয়, “CAA আন্দোলনৰ আৰম্ভণিতেই অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই মাত মাতিছিল। কিন্তু ৰাইজে অধিক গুৰুত্বসহকাৰে নল’লে। তেওঁ এসময়ত কৰা ভুলৰ বাবেই হয়তো ইমান গুৰুত্ব নাপালে।”

প্ৰফুল্ল কুমাৰ মহন্তৰ CAA বিৰোধী আন্দোলন কৰিবলৈ লতাশিললৈ যাবলৈ অধিকাৰ আছে নে নাই বুলিও তেওঁ তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে।

আনহাতে, অসম আন্দোলনৰ অগ্ৰণী নেতা প্ৰণৱজিৎ চলিহাৰ (শৃংখল চলিহাৰ দেউতাক) ঘৰত চৰকাৰী বাহিনীৰ তালাচী সন্দৰ্ভত কটাক্ষ কৰি কয়, “সৰ্বানন্দ সোণোৱালক ধন্যবাদ জনাইছো যে যিটো ঘৰত অসম আন্দোলনৰ প্ৰায়বোৰ নেতাই আশ্ৰয় লৈছিল, সেই ঘৰটোতে পুলিচ পঠাই তালাচী চলাইছে”।

তেওঁ লগতে কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়েই CAA-এ অসমক হানি কৰিব বুলি স্বীকাৰ কৰা কথাটো উল্লেখ কৰে।

“এই চৰকাৰৰ মন্ত্ৰীসকলেও আগতে আন্দোলন কৰি আহিছিল। অসমৰ এই জনজাগৰণক সন্মান জনাই ৰাজ্যৰ ভৱিষ্যত বৃহত্তৰ স্বাৰ্থত আন্দোলনটোৰ উপশম ঘটাই কেবখন অসমৰ ক্ষেত্ৰত প্ৰযোজ্য নকৰিবলৈ আহ্বান জনাইছো”, চলিহাই কয়।

আঞ্চলিকতাবাদক আগৰ দৰে ৰাইজে বিশ্বাসত লৈ থকা নাই বুলি মন্তব্য কৰি প্ৰাক্তন সাংসদজনে কয়, “জাতীয়তাবাদৰ সেই জোৰ বা শক্তি আছে নে নাই মোৰ সন্দেহ হৈছে। অঞ্চলিকতাবাদী নায়কে বহুতে এতিয়া ৰাষ্ট্ৰীয় পোচাক পিন্ধিছে। জাতীয়তাবাদী নায়কে ৰাষ্ট্ৰীয়তাবাদী ধ্বজাত নিজকে সমৰ্পণ কৰিছে”।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd