কাইলৈৰ পৰা ৰাজ্যবাসীয়ে পাব অৰুণোদয় আঁচনিৰ সুফল; কোনে-কোনে কেনেদৰে লাভ কৰিব অৰুণোদয় আঁচনি? জনালে হিমন্তই

Him

কালিৰে পৰা ৰাজ্যৰ দৰিদ্ৰ লোকসকলে নিয়মৰ ভিত্তিত লাভ কৰিব অৰুণোদয় আঁচনিৰ সু-ফল। জনতা ভৱনত সম্বোধন কৰা এক সংবাদমেলত এই কথা জনায় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

কাইলৈ আমিননগাঁও পেৰেড গ্ৰাউণ্ডত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই আঁচনিৰ আনুষ্ঠানিক শুভাৰম্ভ কৰিব বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে।

বিটিএডি এলেকাক বাদ দি মুঠ ২৯ খন জিলাত এই অৰুণোদয় আঁচনিৰ কাম কাইলৈৰ পৰা আৰম্ভ হ’ব বুলি হিমন্তই কয়।

তেওঁ আৰু কয়, ‘২৯ খন জিলাৰ হিতাধিকাৰীয়ে এই আঁচনিৰ সুফল লাভ কৰিব। বেংক একাউন্টৰ জৰিয়তে পোনপটীয়াকৈ হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। মাজত কোনো মধ্যভোগী নাথাকে।‘

হিতাধিকাৰীয়ে লাভ কৰিবলগীয়া ৮৩০ টকা কেনেকৈ ভাগ-বতৰা কৰা হৈছে সেই সম্পৰ্কে উল্লেখ কৰি তেওঁ কয়,‘৪০০ টকা ঔষধ ক্ৰয়, ৫০ শতাংশ বাদ দি, ২০০ টকা চাৰি কিল’গ্ৰাম দালিৰ কাৰণে, ৮০ টকা চেনিৰ কাৰণে, ১৫০ টকা ফল-মূল ক্ৰয় কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।‘

জিলা প্ৰশাসনৰ তৎপৰতাত বৰ্তমালৈকে ১৮.২০ লাখ হিতাধিকাৰী চিনাক্ত কৰিবলৈ সক্ষম হোৱা বুলি তেওঁ উল্লেখ কৰে।

১৮.২০ লাখ লোকৰ একাউন্টত ১ টকাকৈ জমা কৰাত ১৭.০৬ লাখ লোকৰ একাউন্ট কাৰ্য্যক্ষম হৈ আছে বুলি তেওঁ জানিবলৈ দিয়ে। বাকী একাউন্টসমূহ কাৰ্য্যক্ষম কৰিবলৈ চেষ্টা কৰা হ’ব বুলি তেওঁ জনায়।

ইতিমধ্যে, ১৮ লাখ লোকলৈ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে উপযুক্ত বুলি মেছেজ প্ৰেৰণ হৈছে বুলি মন্ত্ৰীয়ে উল্লেখ কৰে।

মন্ত্ৰীয়ে জনোৱা অনুসৰি কাইলৈ নৱেম্বৰ মাহৰ পুঁজি লাভ কৰিব হিতাধিকাৰীসকলে।

ডিচেম্বৰ মাহতে তেওঁলোকে দুবাৰকৈ আঁচনিৰ ধন লাভ কৰিব বুলি কয়। ২৬ ডিচেম্বৰত হিতাধিকাৰীয়ে ডিচেম্বৰ মাহৰ ধন লাভ কৰিব বুলি তেওঁ জনায়।

একেদিনাই বেংকে সকলো হিতাধিকাৰীলৈ ধন লেন-দেন কৰিব নোৱাৰিব বাবে ৫ দিনৰ ভিতৰত সকলো হিতাধিকাৰীয়ে এই ধন লাভ কৰিব বুলি তেওঁ কয়।

প্ৰত্যেক দিনাই ৩ লাখ হিতাধিকাৰীৰ একাউন্টত ধন জমা হ’ব আৰু পৰ্য্যায়ক্ৰমে ৫ দিনৰ ভিতৰত সকলোৰে একাউন্টত এই ধন জমা হ’ব।

উল্লেখযোগ্য যে, অৰুণোদয় আঁচনিৰ হিতাধিকাৰী দুখীয়া হ’ব লাগিব। হিতাধিকাৰীৰ ঘৰত কোনো এগৰাকী হ’লেও দিব্যাংগ অথবা, বিধৱা, অবিবাহিত বা বিবাহ বিচ্ছেদ হোৱা মহিলা থাকিব লাগিব। এইসকল থাকিলেও যদি কোনো চৰকাৰৰ অধীনত কাম কৰা চাকৰিয়াল থাকে তেন্তে অৰুণোদয় আঁচনিৰ সুবিধা লাভ নকৰে। দুখীয়া হ’লেও মাটি ১৫ বিঘাতকৈ কম থাকিব লাগিব। বছৰি আয় ২ লাখতকৈ কম হ’ব লাগিব।চাৰিচকীয়া বাহন, ফ্ৰীজ আৰু ট্ৰেক্টৰ থকা লোকে এই সুবিধা লাভ নকৰে।