কৰ’নাৰ সংক্ৰমণ: ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ খাওক কেৰেলাৰ চাহ

bittergourd-tea-1

কৰ’না ভাইৰাছে গোটেই বিশ্বতে আতংকৰ সৃষ্টি কৰিছে। আক্ৰান্তৰ সংখ্যাৰ দিনে দিনে বৃদ্ধি পোৱাৰ সমান্তৰালকৈ মৃত্যুৰ সংখ্যাও বৃদ্ধি পাইছে।

কৰ’না মহামাৰীৰ ব্যাপক সংক্ৰমণৰ সময়ত সকলোৰে মনত ভয় আৰু শংকাৰ সৃষ্টি হৈছে। বহুলোক কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে আৰু বহুতেই শংকাৰ মাজেৰে দায়িত্ব-কৰ্তব্যৰ খাতিৰত বাহিৰলৈ ওলাই যাবলগীয়া হৈছে।

এনে পৰিস্থিতিত ভাইৰাছৰ সংক্ৰমণৰ পৰা হাত সাৰি থাকিবলৈ কি কৰা উচিত তাক লৈ সকলোৱে কম বেছি পৰিমানে জানিবলৈ উদগ্ৰীৱ হৈ থাকে।

যিবোৰ খাদ্য খালে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় বা বিভিন্ন ৰোগ নিয়ন্ত্ৰণ হয় সেই বিষয়ে জনাটো প্ৰয়োজনীয়।

কেৰেলাৰ চাহ হৈছে এনে এবিধ পানীয় যাৰ বহু উপকাৰিতা আছে। জানি লওক ইয়াৰ বিভিন্ন উপকাৰিতা:-

কেৰেলাৰ চাহে ডায়েবেটিছত তেজত ছুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণত সহায় কৰে।

এই চাহে শৰীৰৰ ক’লেষ্টৰেল নিয়ন্ত্ৰণ কৰে। দৃষ্টি শক্তি বৃদ্ধি কৰে আৰু লিভাৰ পৰিষ্কাৰ ৰখাত সহায় কৰে।

এই চাহ পানে শৰীৰৰ ওজন হ্ৰাস কৰাতো সহায় কৰে।

ভিটামিন চি ভৰপূৰ কেৰেলাৰ চাহে সকলো ধৰণৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰাত সহায় কৰে।

সৰ্বোপৰি, কেৰেলাৰ চাহে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

কেনেকৈ প্রস্তুত কৰিব এই কেৰেলাৰ চাহ?

কেৰেলাৰ শুকোৱা টুকুৰা পানীত তিয়াই ৰাখি এই চাহ প্ৰস্তুত কৰা হয়। নিৰ্দিষ্ট জোখত পানী গৰম কৰি লৈ তাত কেৰেলাৰ শুকান টুকুৰাকেইটা দি প্ৰায় ১০মিনিট উতলাওক যাতে কেৰেলাৰ পুষ্টিগুণ সম্পূৰ্ণ পোৱা যায়।

এই চাহত সাধাৰণ পৰিমানে চাহপাতো দিব পাৰে আৰু মিঠাৰ বাবে চেনিৰ সলনি সামান্য মৌ দিব পাৰে।

বৰ্তমান ইয়াৰ গুড়িও বজাৰত পোৱা যায়। কিবা খোকোজা থাকিলে চিকিৎসকৰ পৰামৰ্শ লওক।