NORTHEAST NOW (Assamese)

সাংবাদিকৰ ভুৱা বাতৰিত অতিষ্ঠ হৈ সোণাৰিত বিজেপি নেতাই ল’লে চৰম সিদ্ধান্ত

September 20, 2024 8:20 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: September 20, 2024 8:22 pm

সাংবাদিকৰ বাতৰিত অতিষ্ঠ হৈ চৰাইদেউ জিলাৰ সোণাৰিত আত্মহত্যা কৰিছে এজন বিজেপি নেতাই। শুকুৰবাৰে সংঘটিত হৈছে এই ঘটনা। স্থানীয় পঞ্চায়তৰ সমীপত উদ্ধাৰ হৈছে নেতাগৰাকীৰ মৃতদেহ।

নিহত লোকজনৰ নাম দেৱজিৎ হাজৰিকা। অভিযোগ অনুসৰি পৰিস্মিতা ফুকন নামৰ এগৰাকী সাংবাদিকে হাজৰিকাৰ বিৰুদ্ধে ভুৱা তথা বিভ্ৰান্তিকৰ বাতৰি প্ৰচাৰ কৰাৰ বাবে মানসিক অশান্তিত তেওঁ আত্মহত্যা কৰে।

নেতাগৰাকীয়ে চুইচাইড নোটত সেই সাংবাদিকগৰাকীয়ে প্ৰচাৰ কৰা ভুৱা খবৰৰ বাবে আত্মহত্যা কৰিবলৈ বাধ্য হোৱা বুলি দাবী কৰিছে। চুইচাইড নোটখনত মুঠ চাৰি জন ব্যক্তিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে বিজেপিৰ নেতাগৰাকীয়ে।

ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

Related News