সম্ভৱ হ’ব অতীত আৰু ভৱিষ্যত যাত্ৰা! কোৱান্টাম গৱেষণাৰ বাবে ৬,০০৩ কোটি আবন্টন কেন্দ্ৰৰ

আপুনি জানি আচৰিত হ'ব যে পদাৰ্থ বিজ্ঞানৰ "কোৱাণ্টাম মেকানিক্স" অনুসৰি নিৰ্মিত এই কোৱাণ্টাম কম্পিউটাৰটো সাধাৰণ কম্পিউটাৰ আৰু লেপটপতকৈ ১০ কোটি গুণ বেছি শক্তিশালী।

টাইম ট্ৰেভেলৰ কথা শুনিছেনে? নিশ্চয় শুনিছে। টাইম ট্ৰেভেল হৈছে এনে এটা বিষয় যাৰ দ্বাৰা অতীত বা ভৱিষ্যতৰ পৃথিৱীখনলৈ ভ্ৰমণ কৰাৰ কথা ভবা হয়।

ইতিমধ্যে টাইম মেচিনৰ যোগেদি সময়ৰ আগলৈ বা পাছলৈ গতি কৰাৰ কাহিনীৰে বিভিন্ন কল্পবিজ্ঞানৰ গ্ৰন্থ ৰচনা কৰা হৈছে, লগতে টাইম ট্ৰেভেল সম্পৰ্কে নিৰ্মাণ কৰা হৈছে বহুকেইখন চিনেমা।

লগতে পঢ়কঃ গুগলত ভুলটো সন্ধান নকৰিব এইকেইটা বিষয়: কৰিলে হ’ব পাৰে ৰঙাঘৰৰ আলহী

কিন্তু এইবোৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত বাৰে বাৰে প্ৰশ্ন উত্থাপন হৈছে যে টাইম ট্ৰেভেল আচলতে সম্ভৱনে?

মন কৰিবলগীয়া যে কোৱাণ্টাম সূত্ৰ তথা প্ৰযুক্তিৰ সহায়ত টাইম ট্ৰেভেলৰ ধাৰণা আৰম্ভ হৈছিল।

লগতে পঢ়কঃ পছন্দ আপোনাৰ! Twitter-ৰ বিকল্প হিচাপে নতুন এপ Bluesky আনিছে টুইটাৰৰে সহ-প্ৰতিষ্ঠাপক জেক ডৰ্চিয়ে

ভাৰতত এই কোৱাণ্টাম প্ৰযুক্তিৰ গৱেষণা আগবঢ়াই নিয়াৰ উদ্দেশ্যেৰে পৰিকল্পনা হাতত লৈছে মোডী চৰকাৰে। ইতিমধ্যে ভাৰতে কোৱাণ্টাম ক্ষেত্ৰখন শক্তিশালী কৰাৰ বাবে ৰাষ্ট্ৰীয় কোৱাণ্টাম মিছনৰ কথা ঘোষণা কৰিছে। ইতিমধ্যে এই প্ৰকল্পৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীসভাই ৬,০০৩ কোটি টকা আবণ্টন দিছে। লগতে ৰাষ্ট্ৰীয় কোৱাণ্টাম মিছনৰ অধীনত কেন্দ্ৰই অহা আঠ বছৰৰ ভিতৰত ১০০০ কিউবিট কোৱাণ্টাম কম্পিউটাৰ নিৰ্মাণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

লগতে পঢ়কঃ চকুৰ ৰোগ পৰীক্ষা কৰিবলৈ AI APP প্ৰস্তুত ১১ বছৰীয়া ভাৰতীয় কন্যাৰ

আপুনি জানি আচৰিত হব যে পদাৰ্থ বিজ্ঞানৰ “কোৱাণ্টাম মেকানিক্স” অনুসৰি নিৰ্মিত এই কোৱাণ্টাম কম্পিউটাৰটো সাধাৰণ কম্পিউটাৰ আৰু লেপটপতকৈ ১০ কোটি গুণ বেছি শক্তিশালী। কেৱল সেয়াই নহয়, ইয়াৰ জৰিয়তে যিকোনো তথ্যৰ গৱেষণা আৰু বিশ্লেষণ নিখুঁত আৰু নিৰাপদভাৱে কৰিব পৰা যায়। ইয়াৰ উপৰিও এই কম্পিউটিং পদ্ধতি অতিপৰিবাহী আৰু ফটনিক প্ৰযুক্তিৰ বিভিন্ন ক্ষেত্ৰত অতি উপযোগী হব।

যদিও এই প্ৰকল্পটো ২০২০ চনৰ বাজেটত ঘোষণা কৰা হৈছিল, তথাপিও এই প্ৰকল্পৰ সময়সীমা ৫ বছৰৰ বাবে নিৰ্ধাৰণ কৰা হৈছিল। কিন্তু চলিত বৰ্ষৰ এপ্ৰিল মাহত পূৰ্বৰ বাজেটৰ তুলনাত বহু কম খৰচত সেই লক্ষ্যত উপনীত হোৱাৰ খবৰটো চৰ্চালৈ আহিছে।

লগতে পঢ়কঃ চাণক্য নীতি: এই দুটা বস্তুৰ অভাৱত কেতিয়াও দুখ নকৰিবা, সুখ অৱশ্যেই আহিব

উল্লেখ্য যে আমেৰিকা, ফ্ৰান্স, কানাডা, চীন, ফিনলেণ্ড, অষ্ট্ৰিয়া আদি দেশসমূহে বিশ্বত কোৱাণ্টাম প্ৰযুক্তিৰ সম্পৰ্কে কাম কৰি আছে। এতিয়া ভাৰতেও সেই তালিকাত নাম সংযোজন কৰিবলৈ ওলাইছে।

এটা বিশেষজ্ঞ দলৰ মতে, ভাৰতে কোৱাণ্টাম কম্পিউটিঙৰ ক্ষেত্ৰত পশ্চিমীয়া দেশৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ এই গৱেষণা কৰাটো অতি জৰুৰী।

কিন্তু আটাইতকৈ তাৎপৰ্যপূৰ্ণ কথাটো হল যে যদিও চিনেমা বা কল্পবিজ্ঞানত কোৱাণ্টাম প্ৰযুক্তিক টাইম ট্ৰেভেলৰ লগত মিলাই দেখুওৱা হয়, তথাপিও বেছিভাগ বিজ্ঞানীয়ে বাস্তৱত ইয়াক অস্বীকাৰ কৰিছে।

লগতে পঢ়কঃ প্ৰেম আৰু যুদ্ধত সকলো শুদ্ধ! প্ৰেমিকৰ পিতৃৰ সৈতে পলায়ন ২০ বছৰীয়া প্ৰেমিকাৰ

আনহাতে এলবাৰ্ট আইনষ্টাইনৰ দৰে বিশ্ববিখ্যাত বিজ্ঞানীয়ে কোৱাণ্টাম প্ৰযুক্তিক স্পুকি ফেক্টৰী বুলি অভিহিত কৰে। কিন্তু এই প্ৰযুক্তি সম্পৰ্কে গৱেষণা কৰি ৰাছিয়া, আমেৰিকান আৰু চুইজাৰলেণ্ডৰ বিজ্ঞানীসকলে দাবী কৰিছিল যে কোৱাণ্টাম জগতত বিভিন্ন ধৰণৰ তথ্য পোৱা যায়। যিটো বাস্তৱ জগতত সম্পূৰ্ণ বিপৰীত হব পাৰে। অৰ্থাৎ কোৱাণ্টাম তত্ত্বত একেটা সত্তা জীয়াই থকা আৰু মৃত দুয়োটা হব পাৰে।

লগতে পঢ়কঃ ৰোমহৰ্ষক… প্ৰাক্তন প্ৰেমিকসহ ১২ জন বন্ধুক চাইনাইড বিষ দি হত্যা গৰ্ভৱতী যুৱতীৰ!