২০১৯ৰ চি-টে’ট পৰীক্ষাৰ দিন ঘোষণা কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ; আবেদন প্ৰক্ৰিয়া আৰম্ভ

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ ( চি বি এছ ই)এ ২০১৯ বৰ্ষৰ বাবে অনুষ্ঠিত হ’বলগীয়া চেন্ট্ৰেল টিচাৰছ ইলিজিবিলিটি টেষ্ট চমুকৈ চি-টে’টৰ দিন ঘোষণা কৰিছে।

চি বি এছ ইয়ে ঘোষণা কৰা অনুসৰি চলিত বৰ্ষৰ ৮ ডিচেম্বৰত চি-টে’ট অনুষ্ঠিত হ’ব। এই সন্দৰ্ভত সবিশেষ অহা সপ্তাহত জনাব বুলি উল্লেখ কৰিছে।

লগতে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে অনুষ্ঠিত হ’ব লগীয়া চি-টে’টৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হোৱা বুলি উল্লেখ কৰিছে।

পৰিষদে ঘোষণা কৰা অনুসৰি চি-টে’টৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া ১৯ আগষ্টৰ পৰা আৰম্ভ হ’ব আৰু ১৮ ছেপ্টেম্বৰত শেষ হ’ব।

লগতে চি-টে’টৰ আবেদন মাচুল ২৩ ছেপ্টেম্বৰৰ বিয়লি ৩.৩০ বজালৈকে দিব পাৰিব বুলিও পৰিষদে ঘোষণাটোত উল্লেখ কৰে।