• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
July 18, 2025 9:30 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তি প্ৰক্ৰিয়া অব্যাহত ৰাখি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্রেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্রার্থীক নিযুক্তি-পত্র প্রদান কৰে। ইয়াৰে ৰাজ্যৰ পলিটেকনিকসমূহত ১৪১ গৰাকী কাৰিকৰী বিষয়ৰ আৰু ৯৫ গৰাকী অকাৰিকৰী বিষয়ৰ প্ৰবক্তাকে ধৰি সৰ্বমুঠ ২৩৬ গৰাকী প্রবক্তা। আনহাতে, আজিৰ অনুষ্ঠানতে ৰাজ্যৰ অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু পলিটেকনিকসমূহত ৮৫ গৰাকী জ্যেষ্ঠ প্রশিক্ষক আৰু অভিযান্ত্রিক মহাবিদ্যালয়ত ৩ গৰাকী তথা পলিটেকনিকসমূহত ১৮ গৰাকী গ্ৰন্থাগাৰিকক নিযুক্তি-পত্ৰ প্ৰদান কৰা হয়।

মুখ্যমন্ত্ৰীয়ে আজি প্ৰদান কৰা এই নিযুক্তি-পত্ৰৰ ফলত বৰ্তমানৰ ৰাজ্য চৰকাৰৰ কাৰ্যকালত প্ৰদান কৰা নিযুক্তিৰ সংখ্যা ১,২১,১৮২ লৈ বৃদ্ধি পালে। এই উপলক্ষে প্ৰদান কৰা ভাষণত মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে নৱ নিযুক্ত এই প্ৰাৰ্থীসকলক অসম অভিযান্ত্ৰিক সেৱা নিযুক্তি ব’ৰ্ডে জনোৱা অনুমোদনৰ ভিত্তিত আজি নিযুক্তি-পত্ৰ প্ৰদান কৰা হৈছে।

তেওঁ কয় যে ২০২২ চনৰ পৰা বৰ্তমানৰ ৰাজ্য চৰকাৰে এই নিযুক্তি ব’ৰ্ডে জনোৱা অনুমোদনৰ ভিত্তিত ৬৩০ গৰাকী প্ৰাৰ্থীক ৰাজ্যৰ বিভিন্ন অভিযান্ত্রিক মহাবিদ্যালয় আৰু পলিটেকনিকত প্রবক্তা আৰু অন্যান্য পদত নিযুক্তি প্ৰদান কৰিছে। তদুপৰি, ২০২৪ চনত অসম লোকসেৱা আয়োগে জনোৱা অনুমোদনৰ ভিত্তিত ৭৬ গৰাকী প্রার্থীক অভিযান্ত্রিক মহাবিদ্যালয়সমূহত কাৰিকৰী আৰু অকাৰিকৰী বিষয়ৰ সহকাৰী অধ্যাপক পদত নিযুক্তি দিয়া হৈছে। মুখ্যমন্ত্ৰীয়ে কয় যে ১ লাখ চৰকাৰী পদত ৰাজ্যৰ যুৱক-যুৱৰ্তীসকলক নিযুক্তি প্ৰদানৰ বাবে নিৰ্বাচনৰ সময়ত প্ৰদান কৰা প্ৰতিশ্ৰুতি পূৰণৰ দিশত আগবাঢ়ি ৰাজ্য চৰকাৰে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহত অধ্যাপক-অধ্যাপিকাৰ পদ পূৰণত বিশেষ অগ্ৰাধিকাৰ প্ৰদান কৰিছিল। কিয়নো এইধৰণৰ শিক্ষানুষ্ঠানত শিক্ষকৰ পদ খালী হৈ থাকিলে শিক্ষার্থীসমাজ যথেষ্ট ক্ষতিৰ সন্মুখীন হয়। তেওঁ মন্তব্য কৰে যে বিগত ১০-১৫ বছৰ ধৰি ৰাজ্যৰ অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু পলিটেকনিকসমূহত নিযুক্তিৰ সমগ্ৰ প্ৰক্ৰিয়াটো জটিলতাৰ মাজত আবদ্ধ হৈ আছিল।

ৰাজ্য চৰকাৰে বিভিন্ন প্ৰচেষ্টাৰে এই জটিলতা আঁতৰ কৰাৰ পিছত ৰাজ্যৰ ২৬ খন চৰকাৰী পলিটেকনিক আৰু ৭ খন অভিযান্ত্রিক মহাবিদ্যালয়ৰ খালী হৈ থকা অধ্যাপক-অধ্যাপিকাৰ পদ পূৰণৰ প্ৰক্ৰিয়া প্রায় সম্পূৰ্ণ হোৱাৰ দিশত আগবাঢ়িছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে চলিত বৰ্ষৰ ডিচেম্বৰ মাহত এই প্রক্রিয়া সম্পূর্ণ হৈ উঠিব। ভাষণত মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ অভিযান্ত্রিক মহাবিদ্যালয় আৰু পলিটেকনিকসমূহৰ গুণগত মান বৃদ্ধিৰ লগতে চতুর্থ ঔদ্যোগিক বিপ্লৱৰ প্ৰয়োজনীয়তা পূৰণৰ অৰ্থে দক্ষ মানৱ সম্পদ সৃষ্টিত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে জাগীৰোডত ছেমি কণ্ডাক্টৰ উদ্যোগ, নুমলীগড় শোধনাগাৰত ইথানল প্রকল্প, নামৰূপত সাৰ কাৰখানা আদি স্থাপনৰ কাম-কাজ তথা প্রক্রিয়া চলি আছে।

তেনেদৰে প্ৰায় ১০ হাজাৰ কোটি টকা ব্যয় সাপেক্ষ দুটাকৈ বৃহৎ চিমেণ্ট প্ৰকল্প স্থাপনৰ বাবে ৰাজ্য চৰকাৰে প্ৰস্তাৱ লাভ কৰিছে। আনহাতে, দুটা তাপবিদ্যুৎ প্রকল্প স্থাপনৰ বাবেও ৰাজ্য চৰকাৰে প্ৰচেষ্টা গ্ৰহণ কৰিছে। এইদৰে ঔদ্যোগীকৰণৰ প্ৰক্রিয়া অব্যাহত থাকিলে আগন্তুক ৫-৬ বছৰত অসমত এক নিৰ্মাণ খণ্ড গঢ় লৈ উঠিব বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সম্প্রতি ভাৰতবৰ্ষ বিশ্বৰ তৃতীয় শক্তিশালী অর্থনীতি হোৱাৰ দিশত অগ্ৰসৰ হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিততে ৰাজ্যত কৰ্ম সংস্থাপনৰ সুবিধা যথেষ্ট বৃদ্ধি পাব বুলি মন্তব্য কৰি তেওঁ ষ্টাৰ্ট আপ, ইনকুবেশ্যন চেণ্টাৰ গঢ়ি তোলাৰ লগতে উদ্ভাৱনীমূলক কাম-কাজ বৃদ্ধিৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। মুখ্যমন্ত্ৰীয়ে লগতে ৰাজ্যৰ যুৱক-যুৱতীসকলে কৃত্রিম বুদ্ধিমত্তা, মেচিন লার্নিং তথা থ্রী-ডি প্রিন্টিং আদিৰ দৰে প্ৰযুক্তিৰ জ্ঞান লাভৰ ওপৰতো গুৰুত্ব আৰোপ কৰি কয় যে উদ্যমিতা আৰু মেধা সম্পন্ন কোনো ব্যক্তিৰ বাবেই সাম্প্রতিক সময়ত সংস্থাপন লাভ কৰাটো সমস্যা হ’ব নোৱাৰে। স

ম্প্ৰতি ৰাজ্যত ৮খন অভিযান্ত্রিক মহাবিদ্যালয় নিৰ্মাণৰ কাম বিভিন্ন পর্যায়ত আছে বুলিও সদৰী কৰি ভাষণ প্রসংগত মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে যে নিজৰ আকাংক্ষা পূৰ্ণ হোৱাৰ পিছত এগৰাকী ব্যক্তিয়ে সমাজৰ আনসকলৰ বাবে নিজকে সমর্পণ কৰিলেহে সমাজখন আগুৱাই যাবলৈ সক্ষম হয়। তেওঁ অভিযান্ত্রিক মহাবিদ্যালয় আৰু পলিটেকনিকসমূহত আজি নিযুক্তি লাভ কৰা অধ্যাপক-অধ্যাপিকাসকলক সেয়ে নিজ নিজ শিক্ষানুষ্ঠানত নতুন চিন্তাৰ বুনিয়াদ গঢ় দিবলৈ আহ্বান জনায়।

মুখ্যমন্ত্রীয়ে কয় যে অধ্যাপক- অধ্যাপিকাসকলে ৰাজ্যৰ শিক্ষাৰ্থী সমাজক আগন্তুক নতুন সময়ৰ বাবে প্ৰস্তুত কৰা উচিত। ৰাজ্যৰ অভিযান্ত্রিক মহাবিদ্যালয় আৰু পলিটেকনিকসমূহ দক্ষ মানৱ সম্পদ গঢ়াৰ লগতে ষ্টাৰ্ট আপ আৰু উদ্ভাৱনৰ একোটা কেন্দ্ৰ হৈ পৰিব লাগিব বুলিও তেওঁ কয়। মুখ্যমন্ত্রীয়ে লগতে মন্তব্য কৰে যে শক্তিখণ্ডকে ধৰি বিভিন্ন খণ্ডত সম্প্রতি অভিযন্তাসকলৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে। ইয়াৰ পৰিপ্ৰেক্ষিততে অসমৰ অভিযান্ত্রিক পাঠ্যক্ৰমৰ শিক্ষার্থীসকলক এনে চাহিদা পূৰণ কৰিব পৰাকৈ ৰাজ্যৰ অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু পলিটেকনিকসমূহে দক্ষ কৰি তুলিব লাগিব। আজিৰ এই অনুষ্ঠানত শিক্ষা আদি বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেণ্ড, উচ্চ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ, কাৰিকৰী শিক্ষা সঞ্চালক ধ্ৰুৱজ্যোতি বৰাকে ধৰি কেইবাগৰাকীও গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd