NORTHEAST NOW (Assamese)

নিৰীহ কৃষকক গুলীয়াই হত্যা কৰাৰ পাছত মুখ্যমন্ত্ৰীৰ অধিকাৰ নাই গৃহ বিভাগৰ দায়িত্বত থকাৰঃ আম আদমি পাৰ্টী

February 26, 2023 6:21 pm · এন ই নাও নিউজ, গুৱাহাটী

দেশৰ সংবিধান অৱমাননা কৰি অসম আৰক্ষীক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হকেবিহকে এনকাউণ্টাৰ কৰিবলৈ অত্যুৎসাহ যোগোৱাৰ ভয়াবহ পৰিণতি হল ওদালগুৰি জিলাৰ ৰৌতাৰ দুৰ্ভাগ্যজনক ঘটনা। অসম আৰক্ষীৰ গুলিত ডিম্বেশ্বৰ মুছাহাৰী নামৰ এজন নিৰীহ লোকৰ মৃত্যু হোৱা ঘটনাক আম আদমি পাৰ্টীয়ে শোক প্ৰকাশ কৰাৰ লগতে এনে কাৰ্যৰ বাবে গৃহ বিভাগক গৰিহণা প্ৰদান কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাৰ্যভাৰ লোৱাৰে পৰা অভিযুক্তক এনকাউণ্টাৰ কৰিবলৈ আৰক্ষীক অত্যুৎসাহ দি অহাৰ বাবেই অসম আৰক্ষীয়ে যধেমধে অসাংবিধানিক এনকাউণ্টাৰ কৰি আহিছে আৰু ইয়াৰ বাবে আদালতৰ ভৰ্ৎসনাৰো সন্মুখীন হৈছে। ইয়াৰ পাছতো ৰাজ্য চৰকাৰে এনকাউণ্টাৰ বন্ধ কৰা নাই। যাৰ ফলত ৰৌতাত দুৰ্ধৰ্ষ ডকাইত কেনাৰাম বসুমতাৰী বুলি নিৰীহ ডিম্বেশ্বৰ মুছাহাৰীয়ে মৃত্যুক সাৱটি লবলগীয়া হল। এনকাউণ্টাৰৰ দৰে অসাংবিধানিক কাৰ্য বন্ধ কৰিব নোৱাৰা অথচ এনকাউণ্টাৰৰ নামত নিৰীহ লোকক হত্যা কৰা অসমৰ গৃহ বিভাগৰ মুৰব্বী হিমন্ত বিশ্ব শৰ্মাই বিভাগটোৰ দায়িত্বৰ পৰা পদত্যাগ কৰিব লাগে। এই দাবী আপঅসমৰ সমন্বয়ক ডা৹ ভবেন চৌধুৰী ডাঙৰীয়াৰ।

অভিযুক্তক এনকাউণ্টাৰৰ জৰিয়তে হত্যা কৰা গৃহ বিভাগে আইনআদালতক অংগুষ্ঠ প্ৰদৰ্শন কৰাৰ লগতে একোটা জঘন্য অপৰাধৰ আঁৰত থকা ৰাজনৈতিক লোকসকলক সুৰক্ষিত কৰাৰ দৰে ঘৃণনীয় উদ্দেশ্যও নিহিত হৈ আছে বুলি মন্তব্য কৰে আম আদমি পাৰ্টীয়ে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীৰ এনে অসাংবিধানিক কাৰ্য বন্ধ কৰাৰ সলনি আজি মৃত ব্যক্তিজন নিৰীহ নাছিল বুলি মন্তব্য কৰাটোৱে চৰকাৰৰ আইনআদালতৰ প্ৰতি আস্থা নথকাটোকে প্ৰতিপন্ন কৰিলে। হিমন্ত বিশ্ব শৰ্মাৰ এনে মন্তব্যকো আম আদমি পাৰ্টীয়ে ধিক্কাৰ দিয়ে।

Related News