• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰীহ কৃষকক গুলীয়াই হত্যা কৰাৰ পাছত মুখ্যমন্ত্ৰীৰ অধিকাৰ নাই গৃহ বিভাগৰ দায়িত্বত থকাৰঃ আম আদমি পাৰ্টী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 26, 2023 6:21 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ সংবিধান অৱমাননা কৰি অসম আৰক্ষীক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হকে–বিহকে এনকাউণ্টাৰ কৰিবলৈ অত্যুৎসাহ যোগোৱাৰ ভয়াবহ পৰিণতি হ‘ল ওদালগুৰি জিলাৰ ৰৌতাৰ দুৰ্ভাগ্যজনক ঘটনা। অসম আৰক্ষীৰ গুলিত ডিম্বেশ্বৰ মুছাহাৰী নামৰ এজন নিৰীহ লোকৰ মৃত্যু হোৱা ঘটনাক আম আদমি পাৰ্টীয়ে শোক প্ৰকাশ কৰাৰ লগতে এনে কাৰ্যৰ বাবে গৃহ বিভাগক গৰিহণা প্ৰদান কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাৰ্যভাৰ লোৱাৰে পৰা অভিযুক্তক এনকাউণ্টাৰ কৰিবলৈ আৰক্ষীক অত্যুৎসাহ দি অহাৰ বাবেই অসম আৰক্ষীয়ে যধে–মধে অসাংবিধানিক এনকাউণ্টাৰ কৰি আহিছে আৰু ইয়াৰ বাবে আদালতৰ ভৰ্ৎসনাৰো সন্মুখীন হৈছে। ইয়াৰ পাছতো ৰাজ্য চৰকাৰে এনকাউণ্টাৰ বন্ধ কৰা নাই। যাৰ ফলত ৰৌতাত দুৰ্ধৰ্ষ ডকাইত কেনাৰাম বসুমতাৰী বুলি নিৰীহ ডিম্বেশ্বৰ মুছাহাৰীয়ে মৃত্যুক সাৱটি ল‘বলগীয়া হ‘ল। এনকাউণ্টাৰৰ দৰে অসাংবিধানিক কাৰ্য বন্ধ কৰিব নোৱাৰা অথচ এনকাউণ্টাৰৰ নামত নিৰীহ লোকক হত্যা কৰা অসমৰ গৃহ বিভাগৰ মুৰব্বী হিমন্ত বিশ্ব শৰ্মাই বিভাগটোৰ দায়িত্বৰ পৰা পদত্যাগ কৰিব লাগে। এই দাবী আপ–অসমৰ সমন্বয়ক ডা৹ ভবেন চৌধুৰী ডাঙৰীয়াৰ।

অভিযুক্তক এনকাউণ্টাৰৰ জৰিয়তে হত্যা কৰা গৃহ বিভাগে আইন–আদালতক অংগুষ্ঠ প্ৰদৰ্শন কৰাৰ লগতে একোটা জঘন্য অপৰাধৰ আঁৰত থকা ৰাজনৈতিক লোকসকলক সুৰক্ষিত কৰাৰ দৰে ঘৃণনীয় উদ্দেশ্যও নিহিত হৈ আছে বুলি মন্তব্য কৰে আম আদমি পাৰ্টীয়ে।

Apply Now

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীৰ এনে অসাংবিধানিক কাৰ্য বন্ধ কৰাৰ সলনি আজি মৃত ব্যক্তিজন নিৰীহ নাছিল বুলি মন্তব্য কৰাটোৱে চৰকাৰৰ আইন–আদালতৰ প্ৰতি আস্থা নথকাটোকে প্ৰতিপন্ন কৰিলে। হিমন্ত বিশ্ব শৰ্মাৰ এনে মন্তব্যকো আম আদমি পাৰ্টীয়ে ধিক্কাৰ দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd