NORTHEAST NOW (Assamese)

শ্ৰেষ্ঠ ৰাজ্য গঢ়াৰ সপোন দেখা মুখ্যমন্ত্ৰীয়ে পাহৰে মোবাইল চাৰ্জাৰ! বিমানত লগ পোৱা যুৱকক ঘূৰাই দিবলৈ পাহৰিলে চাৰ্জাৰ

April 9, 2025 12:41 pm · এন ই নাও নিউজ, গুৱাহাটী

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শেহতীয়া টুইটে সামাজিক মাধ্যমত তেওঁৰ আচৰণ সন্দৰ্ভত বিতৰ্কৰ সৃষ্টি কৰিছে।

তেওঁৰ পোষ্টত শৰ্মাই দিল্লীৰ পৰা ডুবাইলৈ বিমান যাত্ৰাৰ সময়ত হোৱা এটা ঘটনাৰ কথা উল্লেখ কৰি লিখিছে যে:- ‘আজি পুৱা মই দিল্লীৰ পৰা ডুবাইলৈ এমিৰেটছৰ বিমানেৰে যাত্ৰা কৰিলোঁ, য’ত এজন দয়ালু যুৱ ভদ্ৰলোকে মোক প্লাগ আৰু চাৰ্জিং কেবল ধাৰলৈ দিলে। দুৰ্ভাগ্যজনকভাৱে মই শুই থাকোঁতে তেওঁ ডুবাইত নামিল, আৰু মই সেই সামগ্ৰীসমূহ ঘূৰাই দিব নোৱাৰিলোঁ৷ মই মাত্ৰ এতিয়া আমষ্টাৰডামত উপস্থিত হৈছোঁ আৰু তেওঁৰ বস্তুবোৰ ঘূৰাই নিদিয়াৰ বাবে গভীৰভাৱে ক্ষমা বিচাৰিছো৷ যদি এই বাৰ্তা তেওঁৰ ওচৰ পায়, অনুগ্ৰহ কৰি মোলৈ এটা প্ৰত্যক্ষ বাৰ্তা পঠাওক যাতে মই আপোনাৰ চাৰ্জাৰ আৰু কেবল তৎক্ষণাত ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিব পাৰো। আপোনাৰ দয়াৰ বাবে ধন্যবাদ, আৰু যিকোনো অসুবিধাৰ বাবে মই ক্ষমাপ্ৰাৰ্থী।’

কিন্তু এই পোষ্টৰ পাছত একাংশ নেটিজেনে যুক্তি আগবঢ়াইছে যে এনে ঘটনা প্ৰকাশৰ ফলত বিদেশযাত্ৰাৰ সময়ত মুখ্যমন্ত্ৰীৰ প্ৰস্তুতি আৰু দায়িত্বৰ ওপৰত প্ৰশ্ন উত্থাপন হয়। এজন মুখ্যমন্ত্ৰী হিচাপে চাৰ্জিং কেবলৰ দৰে অত্যাৱশ্যকীয় বস্তুৰ বাবে সহযাত্ৰীৰ ওপৰত নিৰ্ভৰ কৰাটো ব্যক্তিগত প্ৰস্তুতিৰ অভাৱ বুলি ধৰিব পাৰি

শৰ্মাৰ এই ঘটনাৰ বাবে তেওঁৰ মুখ্যমন্ত্ৰী হিচাপে মৰ্যাদা বজাই ৰাখিবলৈ আৰু আন্তৰ্জাতিক মঞ্চত অসম আৰু ভাৰতৰ সুনাম অক্ষুণ্ণ ৰাখিবলৈ সচেতন নাগৰিক সমাজে আহ্বান জনাইছে।

Related News