কালি ২৪ মাৰ্চত অসম বিধানসভাত অসমত চলি থকা চিণ্ডিকেটৰাজ সম্পৰ্কে আলোচনাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি বক্তব্য দাঙি ধৰিলে তাৰ পৰা এইটো স্পষ্ট হৈ পৰিছে যে ৰাজ্যখনত চিণ্ডিকেটৰ যি দৌৰাত্ম্য চলিছে সেয়া তেওঁৰ চৰকাৰৰ পৃষ্ঠপোষকতা তথা দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ বাবেই সম্ভৱ হৈছে। উল্লেখযোগ্য যে সম্প্ৰতি ৰাজ্যখনক ছানি ধৰা বিভিন্ন চিণ্ডিকেট সম্পৰ্কে এইবাৰৰ বিধানসভা অধিৱেশনত চিপিআই(এম) বিধায়ক মনোৰঞ্জন তালুকদাৰে চুপাৰী চিণ্ডিকেটসহ বিভিন্ন চিণ্ডিকেটৰ কাৰ্যকলাপৰ বিষয়ে তথ্যসহ আৰু বলিষ্ঠভাৱে বক্তব্য দাঙি ধৰিছিল। কিন্তু এই আলোচনাৰ মোখনি মাৰিবলৈ গৈ কালি মুখ্যমন্ত্ৰীয়ে যিখিনি কথা ক‘লে তাৰ মাজেৰে চিণ্ডিকেট আৰু বিজেপি চৰকাৰৰ মাজৰ অশুভ জোঁটহে স্পষ্ট হৈ পৰিছে। আশ্চৰ্যকৰ কথা যে চুপাৰী চিণ্ডিকেটৰ বিষয়ে যথেষ্ট সুনিৰ্দিষ্ট তথ্য প্ৰকাশিত হোৱাৰ পাছতো মুখ্যমন্ত্ৰীয়ে চুপাৰী চিণ্ডিকেটৰ মূল কাণ্ডাৰী বুলি অভিযুক্তজনক তেওঁৰ ভাষণৰ জৰিয়তে ৰক্ষণাবেক্ষণ দিয়াৰহে চেষ্টা কৰা দেখা গ’ল। সামগ্ৰিকভাৱে ৰাজ্যখনৰ বিভিন্ন চিণ্ডিকে’ট সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে চালে-বেৰে কোবাই দিয়া বক্তৃতাৰ ফুলজাৰিৰে নিজৰ দায়িত্ব সামৰিলে।
অসমৰ অৰ্থনীতি আৰু সমাজ জীৱনত বিভীষিকা সৃষ্টি কৰা চিণ্ডিকেটসমূহ নাইকিয়া কৰাৰ বাবে থকা দায়িত্বৰ পৰা মূৰ পোলোকা মৰা কাৰ্যক চিপিআই(এম) অসম ৰাজ্যিক কমিটিয়ে তীব্ৰ নিন্দা কৰিছে। চিণ্ডিকেট‘ৰ ৰাজত্বৰ ফলত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈ আছে অসমৰ জনগণ। চুপাৰী চিণ্ডিকেটৰ পৰিণতিত তামোলৰ দাম কমি যোৱাত তামোল খেতিয়কসকলে ব্যাপক লোকচান ভৰিবলগীয়া হৈছে। মাছ,মুৰ্গী,কণী আদিৰ চিণ্ডিকে’টৰ ফলত গ্ৰাহকসকলে অতিৰিক্ত দামৰ বোজা বহন কৰিবলগীয়া হৈছে। তদুপৰি অবৈধ কয়লা খনন আৰু কয়লা চিণ্ডিকেটে ৰাজ্যখনৰ অৰ্থনীতিত কিদৰে নেতিবাচক প্ৰভাৱ পেলাইছে আৰু একধৰণৰ মাফিয়াৰাজ সৃষ্টি কৰিছে, সেইকথা সকলোৱে প্ৰত্যক্ষ কৰিছে। শাসক দলৰ মন্ত্ৰী, বিধায়ক প্ৰতিটো চিণ্ডিকেটৰ সৈতে জড়িত হৈ এইবোৰক সকলো ধৰণে সুৰক্ষা দি আছে আৰু কোটি কোটি টকা আয় কৰি আছে। সেয়ে চিণ্ডিকে’টবিৰোধী যুঁজখন দৰাচলতে বিজেপিবিৰোধী যুঁজ। চিপিআই(এম) অসম ৰাজ্যিক কমিটিয়ে চিণ্ডিকে’টৰ দৌৰাত্ম্যৰ বিৰুদ্ধে জনমত গঠনৰ কাম তীব্ৰতৰ কৰাৰ লগতে বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে সংগ্ৰাম গঢ়ি তুলিবলৈ অসমৰ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে।
চিপিআই(এম) অসম ৰাজ্যিক কমিটিয়ে এইটোও লক্ষ্য কৰিছে যে এটা ফোন কলৰ ‘টেইপ’ৰ সূত্ৰ ধৰি বিজেপি নেতৃত্ব আৰু কমিউনিষ্ট বিৰোধী শক্তিসমূহে চিপিআই(এম)ৰ বিৰুদ্ধে নানা ধৰণৰ কুৎসা ৰটনাত নামি পৰিছে। এয়া হাস্যকৰ। কাৰণ চিপিআই(এম) আৰু বাওঁপন্থী দলসমূহে দলীয় পুঁজি সংগ্ৰহৰ ক্ষেত্ৰত যে উচ্চ নৈতিক প্ৰমূল্য ৰক্ষা কৰি আহিছে, সেয়া সৰ্বজনবিদিত। একমাত্ৰ বাঁওপন্থী দলবোৰেই ইলেক্ট’ৰেল বণ্ডৰ জৰিয়তে দলীয় ধন সংগ্ৰহ অথবা কৰ্প’ৰেট ব্যৱসায়ীৰ পৰা ধন সংগ্ৰহ কৰিবলৈ অস্বীকাৰ কৰি আহিছে।আনকি ইলেক্ট্ৰৰেল বণ্ডৰ বিৰুদ্ধে চিপিআই(এম) দলে উচ্চতম ন্যায়ালয়ত গোচৰো তৰে আৰু সৰ্বোচ্চ ন্যায়ালয়ে ইয়াক অবৈধ তথা সংবিধানবিৰোধী বুলি ৰায় দিয়ে। দলীয় তহবিল সংগ্ৰহৰ ক্ষেত্ৰত চিপিআই(এম) কেন্দ্ৰীয় কমিটিৰ সুনিৰ্দিষ্ট নিৰ্দেশিকা আছে। সেই অনুসৰি কেইজনমান ব্যক্তিৰ পৰা বেছি পৰিমাণৰ ধন সংগ্ৰহৰ সলনি গণ পুঁজি সংগ্ৰহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। কোনো ব্যক্তিৰ পৰা ধন সংগ্ৰহ কৰাৰ সময়ত কেৱল এজনে পুঁজি সংগ্ৰহ কৰাৰ সলনি কমেও দুজনে লগ হৈ ধন সংগ্ৰহ কৰিবলৈ নিৰ্দেশ দিয়ে। অসমতো যাতে সৰ্বক্ষেত্ৰত এই নীতিসমূহ মানি চলা হয় তাক নিশ্চিত কৰিবলৈ চিপিআই(এম)ৰ ৰাজ্যিক কমিটিয়ে বিধায়ক মনোৰঞ্জন তালুকদাৰসহ সকলো পাৰ্টি নেতা আৰু কৰ্মীক নিৰ্দেশ দিছে।