• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

পত্নীৰ পৰা থাইলেণ্ড ভ্ৰমণৰ ইতিহাস লুকুৱাবলৈ পাচপৰ্টৰ তথ্য মোহাৰি বিমান বন্দৰত গ্ৰেপ্তাৰ ২৮ বছৰীয়া যুৱক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 20, 2025 8:40 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পত্নীৰ পৰা ভ্ৰমণ ইতিহাস লুকুৱাবলৈ গৈ ৰঙাঘৰৰ আলহী হ’বলগা হ’ল এগৰাকী ভাৰতীয় যুৱক। জানিব পৰা মতে, গ্ৰেপ্তাৰ হোৱা যুৱকজন পালদীৰ বাসিন্দা।


কৰ্তৃপক্ষৰ পৰা জানিব পৰা মতে, ডুবাইৰ পৰা
চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হৈছিলহি যুৱকজন। তাতেই বিমান বন্দৰ কৰ্তৃপক্ষই নিয়মীয়া নথি-পত্ৰ পৰীক্ষাৰ সময়ত যুৱকজনৰ পাচপৰ্টত এই জালিয়াতি লক্ষ্য কৰে।

Apply Now


বিমান বন্দৰৰ প্ৰবজন বিষয়া কুলদীপ কৰমাতাই নিয়মীয়া নথি-পত্ৰ পৰীক্ষণৰ সময়ত যুৱকজনৰ ক্ষতিগ্ৰস্ত পাচপৰ্ট দেখি যুৱকজনক সোধপোচ কৰা আৰম্ভ কৰে। পৰীক্ষণৰ সময়ত বিষয়াগৰাকীয়ে লক্ষ্য কৰে যে তেওঁৰ পাচপৰ্টৰ কেইবাটাও পৃষ্ঠা ক্ষতিগ্ৰস্ত হৈ আছে। লগতে, বহুকেইখন ঠাইৰ ভ্ৰমণ ইতিহাসৰ ষ্টাম্প মোহাৰি পেলোৱা হৈছে।

জানিব পৰা মতে, যাত্ৰীগৰাকীয়ে থাইলেণ্ড ভ্ৰমণৰ প্ৰমাণ আঁতৰাবলৈ কেইবাটাও পৃষ্ঠা পানীৰে ধুই পেলোৱাৰ কথা স্বীকাৰ কৰে, যাৰ ফলত ভ্ৰমণৰ প্ৰস্থান আৰু আগমনৰ তথ্য থকা ষ্টাম্পবোৰ ক্ষতিগ্ৰস্ত হয়।

বিষয়া সকলে জনোৱা মতে, থাইলেণ্ডৰ অনুপ্ৰৱেশৰ আগমনৰ লগতে প্ৰস্থানৰ তাৰিখ দেখুওৱা ষ্টাম্প সমূহো যুৱকজনে মোহাৰি পেলাইছিল। যুৱকজনে পত্নীৰ পৰা থাইলেণ্ড ভ্ৰমণৰ তথ্য লুকুৱাবলৈ এই কাৰ্য সংঘটিত কৰা বুলি স্বীকাৰ কৰে।

বিমান বন্দৰৰ এজন বিষয়াই এই সম্পৰ্কে কয় যে “এইটো এটা গুৰুতৰ অপৰাধ, কিয়নো পাচপ’ৰ্টৰ সৈতে হেতালি খেলাতো কেৱল বেআইনী নহয়, ই ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবেও ভাবুকিৰ সৃষ্টি কৰে।”

জানিব পৰা মতে, কৰ্তৃপক্ষই যাত্ৰীগৰাকীৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ একাধিক ধাৰাত জালিয়াতিৰ গোচৰ ৰুজু কৰিছে। ন্যায় সংহিতাৰ ধাৰা ৩৩৬(২), ৩৩৬(৩), ৩৩৮, আৰু ৩৪০(২) ৰ ধাৰাত গোচৰ ৰুজু কৰাৰ লগতে ১৯৬৭ চনৰ পাছপ’ৰ্ট আইন অনুসৰি অতিৰিক্ত গোচৰো অন্তৰ্ভুক্ত কৰা হৈছে।

উল্লেখ্য যে ইচ্ছাকৃতভাৱে পাছপ’ৰ্টৰ ক্ষতিসাধন কৰাটো অপৰাধ বুলি গণ্য কৰা হয়। আনকি ভুলবশতঃ ক্ষতিগ্ৰস্ত হোৱা পাছপ’ৰ্টসমূহ অভিবাসন পৰীক্ষণ কেন্দ্ৰত প্ৰত্যাখ্যান হোৱাৰ সম্ভাৱনা থাকে। যাৰ বাবে পাচপৰ্ট ক্ষতিগ্ৰস্ত হ’লে নতুন পাছপ’ৰ্টৰ বাবে আবেদন কৰিব লাগে।

অৱশ্যে এই পৰ্যন্ত যুৱকজনৰ পৰিচয় প্ৰকাশ কৰা নাই কৰ্তৃপক্ষই।

উল্লেখ্য যে কিছুদিন পূৰ্বে অসমতো সংঘটিত হৈছিল অনুৰূপ ঘটনা। পত্নীক ফাঁকি দি প্ৰমোদ ভ্ৰমণৰ উদ্দেশ্যেৰে থাইলেণ্ডলৈ গৈছিল ডিব্ৰুগড়ৰৰ কেইজনমান যুৱক। কিন্তু তেওঁলোক থাইলেণ্ডত থকাৰ সময়তে থাইলেণ্ডত অনুভূত হ’ল ভয়ংকৰ ভূমিকম্প। এই ভূমিকম্পত বৃহৎ বৃহৎ অট্টালিকা ভাঙি পৰাৰ লগতে বহু লোক আহত আৰু নিহত হ’ল। এই ভূমিকম্পৰ মাজত আৱদ্ধ হৈ পৰিছিল পত্নীক ফাঁকি দি থাইলেণ্ডলৈ যোৱা ডিব্ৰুগড়ৰ যুৱককেইজন।

কিন্তু ভূমিকম্পৰ ভয়াৱহ পৰিস্থিতিত ভাৰতীয় দূতাবাসে দাখিল কৰা এক তালিকাত পোহৰলৈ আহে যুৱককেইজনৰ কাণ্ড। কথাতেই কয় মিছাকথাৰ ঠেং চুটি। তেতিয়াই পত্নীৰ ওচৰত ধৰা পৰে যুৱককেইজন। পত্নীক এৰি সুখ-প্ৰমোদ বিচাৰি গোপনে থাইলেণ্ডলৈ যোৱা ডিব্ৰুগড়ৰ যুৱক কেইজনৰ দৰেই অৱস্থা হ’ল পালদীৰ যুৱকজনকৰ। আনকি পত্নীক ফাঁকি দিয়াৰ চেষ্টা কৰিবলৈ গৈ ৰঙাঘৰৰো আলহী হ’বলগা হ’ল যুৱকজন।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

August 29, 2026 7:28 pm
খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 29, 2026 6:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd