• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিধানসভাত মুখ্যমন্ত্ৰীৰ বক্তব্যই প্ৰমাণ কৰিলে বিজেপি চৰকাৰৰ ছত্ৰছায়াতে চলিছে চিণ্ডিকেটৰাজ- চিপিআই(এম)

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 25, 2025 8:10 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কালি ২৪ মাৰ্চত অসম বিধানসভাত অসমত চলি থকা চিণ্ডিকেটৰাজ সম্পৰ্কে আলোচনাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি বক্তব্য দাঙি ধৰিলে তাৰ পৰা এইটো স্পষ্ট হৈ পৰিছে যে ৰাজ্যখনত চিণ্ডিকেটৰ যি দৌৰাত্ম্য চলিছে সেয়া তেওঁৰ চৰকাৰৰ পৃষ্ঠপোষকতা তথা দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ বাবেই সম্ভৱ হৈছে। উল্লেখযোগ্য যে সম্প্ৰতি ৰাজ্যখনক ছানি ধৰা বিভিন্ন চিণ্ডিকেট সম্পৰ্কে এইবাৰৰ বিধানসভা অধিৱেশনত চিপিআই(এম) বিধায়ক মনোৰঞ্জন তালুকদাৰে চুপাৰী চিণ্ডিকেটসহ বিভিন্ন চিণ্ডিকেটৰ কাৰ্যকলাপৰ বিষয়ে তথ্যসহ আৰু বলিষ্ঠভাৱে বক্তব্য দাঙি ধৰিছিল। কিন্তু এই আলোচনাৰ মোখনি মাৰিবলৈ গৈ কালি মুখ্যমন্ত্ৰীয়ে যিখিনি কথা ক‘লে তাৰ মাজেৰে চিণ্ডিকেট আৰু বিজেপি চৰকাৰৰ মাজৰ অশুভ জোঁটহে স্পষ্ট হৈ পৰিছে। আশ্চৰ্যকৰ কথা যে চুপাৰী চিণ্ডিকেটৰ বিষয়ে যথেষ্ট সুনিৰ্দিষ্ট তথ্য প্ৰকাশিত হোৱাৰ পাছতো মুখ্যমন্ত্ৰীয়ে চুপাৰী চিণ্ডিকেটৰ মূল কাণ্ডাৰী বুলি অভিযুক্তজনক তেওঁৰ ভাষণৰ জৰিয়তে ৰক্ষণাবেক্ষণ দিয়াৰহে চেষ্টা কৰা দেখা গ’ল। সামগ্ৰিকভাৱে ৰাজ্যখনৰ বিভিন্ন চিণ্ডিকে’ট সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে চালে-বেৰে কোবাই দিয়া বক্তৃতাৰ ফুলজাৰিৰে নিজৰ দায়িত্ব সামৰিলে।

অসমৰ অৰ্থনীতি আৰু সমাজ জীৱনত বিভীষিকা সৃষ্টি কৰা চিণ্ডিকেটসমূহ নাইকিয়া কৰাৰ বাবে থকা দায়িত্বৰ পৰা মূৰ পোলোকা মৰা কাৰ্যক চিপিআই(এম) অসম ৰাজ্যিক কমিটিয়ে তীব্ৰ নিন্দা কৰিছে। চিণ্ডিকেট‘ৰ ৰাজত্বৰ ফলত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈ আছে অসমৰ জনগণ। চুপাৰী চিণ্ডিকেটৰ পৰিণতিত তামোলৰ দাম কমি যোৱাত তামোল খেতিয়কসকলে ব্যাপক লোকচান ভৰিবলগীয়া হৈছে। মাছ,মুৰ্গী,কণী আদিৰ চিণ্ডিকে’টৰ ফলত গ্ৰাহকসকলে  অতিৰিক্ত দামৰ বোজা বহন কৰিবলগীয়া হৈছে। তদুপৰি অবৈধ কয়লা খনন আৰু কয়লা চিণ্ডিকেটে ৰাজ্যখনৰ অৰ্থনীতিত কিদৰে নেতিবাচক প্ৰভাৱ পেলাইছে আৰু একধৰণৰ মাফিয়াৰাজ সৃষ্টি কৰিছে, সেইকথা সকলোৱে প্ৰত্যক্ষ কৰিছে। শাসক দলৰ মন্ত্ৰী, বিধায়ক প্ৰতিটো চিণ্ডিকেটৰ সৈতে জড়িত হৈ এইবোৰক সকলো ধৰণে সুৰক্ষা দি আছে আৰু কোটি কোটি টকা আয় কৰি আছে। সেয়ে চিণ্ডিকে’টবিৰোধী যুঁজখন দৰাচলতে বিজেপিবিৰোধী যুঁজ। চিপিআই(এম) অসম ৰাজ্যিক কমিটিয়ে চিণ্ডিকে’টৰ দৌৰাত্ম্যৰ বিৰুদ্ধে জনমত গঠনৰ কাম তীব্ৰতৰ কৰাৰ লগতে বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে সংগ্ৰাম গঢ়ি তুলিবলৈ অসমৰ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে।

Apply Now

চিপিআই(এম) অসম ৰাজ্যিক কমিটিয়ে এইটোও লক্ষ্য কৰিছে যে এটা ফোন কলৰ ‘টেইপ’ৰ সূত্ৰ ধৰি বিজেপি নেতৃত্ব আৰু কমিউনিষ্ট বিৰোধী শক্তিসমূহে চিপিআই(এম)ৰ বিৰুদ্ধে নানা ধৰণৰ কুৎসা ৰটনাত নামি পৰিছে। এয়া হাস্যকৰ। কাৰণ চিপিআই(এম) আৰু বাওঁপন্থী দলসমূহে দলীয় পুঁজি সংগ্ৰহৰ ক্ষেত্ৰত যে উচ্চ নৈতিক প্ৰমূল্য ৰক্ষা কৰি আহিছে, সেয়া সৰ্বজনবিদিত। একমাত্ৰ বাঁওপন্থী দলবোৰেই ইলেক্ট’ৰেল বণ্ডৰ জৰিয়তে দলীয় ধন সংগ্ৰহ অথবা কৰ্প’ৰেট ব্যৱসায়ীৰ পৰা ধন সংগ্ৰহ কৰিবলৈ অস্বীকাৰ কৰি আহিছে।আনকি ইলেক্ট্ৰৰেল বণ্ডৰ বিৰুদ্ধে চিপিআই(এম) দলে উচ্চতম ন্যায়ালয়ত গোচৰো তৰে আৰু সৰ্বোচ্চ ন্যায়ালয়ে ইয়াক অবৈধ তথা সংবিধানবিৰোধী বুলি ৰায় দিয়ে। দলীয় তহবিল সংগ্ৰহৰ ক্ষেত্ৰত চিপিআই(এম) কেন্দ্ৰীয় কমিটিৰ সুনিৰ্দিষ্ট নিৰ্দেশিকা আছে। সেই অনুসৰি কেইজনমান ব্যক্তিৰ পৰা বেছি পৰিমাণৰ ধন সংগ্ৰহৰ সলনি গণ পুঁজি সংগ্ৰহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। কোনো ব্যক্তিৰ পৰা ধন সংগ্ৰহ কৰাৰ সময়ত কেৱল এজনে পুঁজি সংগ্ৰহ কৰাৰ সলনি কমেও দুজনে লগ হৈ ধন সংগ্ৰহ কৰিবলৈ নিৰ্দেশ দিয়ে। অসমতো যাতে সৰ্বক্ষেত্ৰত এই নীতিসমূহ মানি চলা হয় তাক নিশ্চিত কৰিবলৈ চিপিআই(এম)ৰ ৰাজ্যিক কমিটিয়ে বিধায়ক মনোৰঞ্জন তালুকদাৰসহ সকলো পাৰ্টি নেতা আৰু কৰ্মীক নিৰ্দেশ দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

August 15, 2026 10:56 am
ডাঙৰ সপোন দেখক, ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

ডাঙৰ সপোন দেখক, ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

August 15, 2026 10:24 am
এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

August 15, 2026 9:36 am
ত্ৰিৰংগ : হৰেকৃষ্ণ ডেকা

ত্ৰিৰংগ : হৰেকৃষ্ণ ডেকা

August 15, 2026 9:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

August 15, 2026 10:56 am
ডাঙৰ সপোন দেখক, ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

ডাঙৰ সপোন দেখক, ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

August 15, 2026 10:24 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd