• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মুখ্যমন্ত্ৰীয়ে লাইভ কৰি কৰি পৰিকল্পনাহীন নিযুক্তি প্ৰক্ৰিয়াৰ স্বৰূপহে উদঙাইছেঃ ডি ৱাই এফ আই

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 27, 2024 3:02 pm
মুখ্যমন্ত্ৰীয়ে লাইভ কৰি কৰি পৰিকল্পনাহীন নিযুক্তি প্ৰক্ৰিয়াৰ স্বৰূপহে উদঙাইছেঃ ডি ৱাই এফ আই
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিত্য-নতুন SOP ঘোষণা আৰু নিশা হ’লেই ফেইচবুক লাইভ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এডিআৰ পৰীক্ষাকলৈ ৰাইজক চমক দিয়াৰ প্ৰয়াস কৰাৰ বিপৰীতে নিযুক্তি পৰীক্ষাটোকলৈ চৰকাৰখনৰ পৰিকল্পনাহীন স্বৰূপটোহে প্ৰকাশ কৰিছে। ইয়াৰ আঁ‌ৰত আছে স্বজন-তোষণৰে নিজৰ প্ৰাৰ্থীক চাকৰি দিয়াৰ গভীৰ ষড়যন্ত।

বিগত বৰ্ষৰ ধাৰাবাহিক আন্দোলন আৰু চৰকাৰৰ নিযুক্তিৰ সুৰঙাবোৰ উদঙাই দিয়াৰ ফলত কিছু সংশোধনী আনিছে যদিও মূল সুৰঙাবোৰ আঁ‌তৰ কৰাৰ বাবে কোনো ব্যৱস্থা লোৱা নাই। কঠোৰ আইন, নিত্য-নতুন নিৰ্দেশনা আৰু যুৱক- যুৱতীৰ মান-সন্মান ধূলিসাৎ কৰা, মানসিক আতিশয্য দি চেকিং ব্যৱস্থাৰে চমক দি এডিআৰ পৰীক্ষা পতা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বচ্ছ আৰু নিকা নিযুক্তি প্ৰক্ৰিয়াৰ ওচৰ পাবলৈ এতিয়াও বহু বাকী। কঠোৰ বিধি ব্যৱস্থা আৰু স্বচ্ছ-নিকা নিযুক্তিৰ আশ্বাস দিয়া এ ডি আৰ ইৰ নিযুক্তি প্ৰক্ৰিয়াত পদে পদে বিচ্যুতি পৰিলক্ষিত হৈছে। ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াত আৰম্ভণিৰে পৰা চকু ৰাখিছে আৰু অসম চৰকাৰৰ ওচৰত যুক্তিপূৰ্ণ দাবী উত্থাপন কৰি আহিছে।

প্ৰথম পৰ্যায়ত হৈ যোৱা লিখিত পৰীক্ষাৰ OMR Sheet ত ফটো আৰু নাম সংলগ্ন কৰাটো ভুল হৈছে বুলি মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে আওপকীয়াকৈ স্বীকাৰ কৰিছে। কিন্তু ইয়াৰ পাছতো ২৯ তাৰিখৰ পৰীক্ষাত একেটা ভুলৰেই পৰীক্ষা পাতিব ওলাইছে। এয়া দেখদেখকৈ অন্যায় আৰু গভীৰ ষড়যন্ত্ৰৰ অংশ। প্ৰাৰ্থীসকলৰ এডমিট কাৰ্ড আৰু এটেণ্ডেনচ শ্বীটত চহী কৰাৰ সময়তে নিৰীক্ষককে প্ৰাৰ্থী এজনৰ সত্যতা নিৰূপন কৰে। গতিকে OMR Sheet ত ফটো, নাম উল্লেখ কৰাৰ কোনো অৰ্থ নাই। এপিএছচি-ইউপিএছচি ৰ দৰে উচ্চ পৰ্যায়ৰ পৰীক্ষাতো স্বচ্ছতা আৰু প্ৰাৰ্থীৰ গোপনীয়তা ৰক্ষাত গুৰুত্ব দিয়া হয়। তাত কোনো প্ৰকাৰে নাম, ফটো, প্ৰাপ্ত নম্বৰ আদি তথ্য প্ৰকাশ নকৰে। কিন্তু এডিআৰ ই পৰীক্ষাত ফটো আৰু নাম প্ৰকাশ কৰি গুৰুতৰ ভুল কৰাৰ পাছতো তাক সংশোধন নকৰাকৈ পুনৰ পৰীক্ষা অনুষ্ঠিত কৰিব যোৱাতো এটা ডাঙৰ অপৰাধ। প্ৰাৰ্থীৰ গোপনীয়তা ভংগ হোৱাৰ ফলত জাতি-জনজাতি, ধৰ্ম-ভাষা আদি প্ৰেক্ষাপটত এজন প্ৰাৰ্থী বৈষম্যৰ বলি হোৱাৰ প্ৰবল সম্ভাৱনা আছে।

এটা ইতিবাচক খবৰ যে ডি ৱাই এফ আইৰ লগতে বিভিন্ন সংগঠনে ধাৰাবাহিক আন্দোলন আৰু সংবাদ মাধ্যমত বাতৰি প্ৰকাশ কৰাৰ ফলত নিযুক্তি প্ৰক্ৰিয়াত অভাৰলেপিং আঁ‌তৰ কৰাৰ কথা ঘোষণা কৰিছে। কিন্তু এই কাম কেনেকৈ কৰিব তাৰ কোনো সুনিৰ্দিষ্ট ঘোষণা কৰা হোৱা নাই। এই কাম ৱেইটিং লিষ্ট প্ৰকাশ কৰাৰ মাজেৰে হ’ব নে পদ বাছনি কৰাৰ সুবিধা প্ৰদানৰ মাজেৰে হ’ব সেয়া স্পষ্ট নহয়। এক স্পষ্ট নীতি নাথাকিলে বক্ৰপথেৰে নিযুক্তি পোৱাৰ সম্ভাৱনা প্ৰকট হ’ব।
ডি ৱাই এফ আইয়ে মুখ্যমন্ত্ৰীৰ নিশাৰ ঘোষণাৰ পৰিৱৰ্তে স্বচ্ছ আৰু নিকা নিযুক্তি দিবলৈ কেইটামান গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰিছে।
ফলাফল ঘোষণা কৰি এখন Consolidated Merit List (একত্ৰিত তালিকা) প্ৰকাশ কৰক। কোনো প্ৰাৰ্থীয়ে পদত যোগদান নকৰিলে তাক যাতে সহজতে পূৰণ কৰিব পৰা যায় তাৰ বাবে অপেক্ষাৰ তালিকা (Waiting List) প্ৰকাশ কৰক।

অনিয়মৰ আন এটা গুৰুত্বপূৰ্ণ সুৰঙা হ’ল- ভাইভা বা মৌখিক সাক্ষাৎকাৰ। এইটো আচৰিত যে – এজন বিষয় শিক্ষক, হাইস্কুলৰ শিক্ষক বা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক নিযুক্তিৰ বাবে কোনো মৌখিক সাক্ষাৎকাৰৰ ব্যৱস্থা নাই। কিন্তু তেনে বিদ্যালয়ত চতুৰ্থ বৰ্গ পদৰ নিযুক্তিৰ বাবে মৌখিক সাক্ষাৎকাৰৰ ব্যৱস্থা কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজহুৱাকৈ আৰু মুখ্যমন্ত্ৰীয়ে বিধানসভাৰ মজিত ঘোষণা কৰিছিল যে – ভবিষ্যতে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত মৌখিক সাক্ষাৎকাৰৰ ব্যৱস্থা নাথাকিব। কিন্তু বাস্তৱত অদৃশ্য কাৰণত মৌখিক সাক্ষাৎকাৰৰ ব্যৱস্থা কৰিছে আৰু ইয়াৰ মাজেৰে মূল স্বজন-তোষণৰ কামবোৰ কৰি গৈছে। প্ৰকৃততে বাহিৰত বিৰাট চেকিং আৰু স্বচ্ছ-নিকা নিযুক্তিৰ শ্লোগান দিয়াৰ বিপৰীতে দুৰ্নীতি কৰাৰ সুৰঙাসমূহ সুন্দৰভাৱে ৰখাই থৈছে। একেদৰে স্বচ্ছতাৰে পৰীক্ষা পতাৰ কথা কোৱা এইজন মুখ্যমন্ত্ৰীৰ আজব নিৰ্দেশৰ বাবেই এখন বেঞ্চত তিনিজনকৈ প্ৰাৰ্থী একেলগে পৰীক্ষা দিবলগীয়া হৈছে।

OMR Sheetৰ কাৰ্বন কপি পৰীক্ষা দিয়েই প্ৰাৰ্থীয়ে লগত লৈ অনাৰ সলনি OMR শ্বীটৰ ফটো কপিৰ নামত ৫০ টকাৰ বিনিময়তহে লাভ কৰাৰ সুবিধা কৰা হৈছে। যোৱা বৰ্ষৰ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ ১৪ লাখ প্ৰাৰ্থীৰ পৰা সংগ্ৰহীত ৪০ কোটিতকৈ অধিক টকাৰ এটা টকাও ঘূৰাই নিদি এতিয়া কিয় অ’ এম আৰৰ কপিৰ বাবদ ৫০ টকা গ্ৰহণ কৰা যুক্তি ক’ত? অন্যহাতে ৫০০ টকা মাচুল ধাৰ্য কৰা হৈছে Answer Keyত ভুল আঙুলিয়াই দিয়াৰ বাবদ। ইমান বেছি মাচুল হ’লে আনুষ্ঠানিকভাৱে ভুল আঙুলিয়াই দিবলৈ কোনো আগবাঢ়ি নাহিব।

এই সমগ্ৰ ঘটনাৱলীয়ে চৰকাৰৰ পৰিকল্পনাহীন নিযুক্তিৰ স্বৰূপ উদঙাইছে। চৰকাৰে নিজাববীয়াকৈ তেঁওলোকৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ আয়োগক ব্যৱহাৰ সঠিক নিয়ম-নীতি প্ৰস্তুত কৰাৰ সলনি ৰাইজে ভুল-ত্ৰুটি আঙুলিয়াই দিয়াৰ পাছত প্ৰতিটো পদক্ষেপত নতুন নিয়ম প্ৰস্তুত কৰাত লাগিছে। লাইভ দি প্ৰশংসা বুটলাৰ সলনি স্বচ্ছ আৰু নিকা নিযুক্তিৰে পৰীক্ষা অনুষ্ঠিত কৰাত চৰকাৰে মনোনিৱেশ কৰা উচিত বুলি ডি ৱাই এফ আইয়ে দৃঢ় মত পোষণ কৰে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

একেটা গোচৰ ৪৩ বাৰ স্থগিত! উচ্চতম ন্যায়ালয়ৰ ধমক এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

একেটা গোচৰ ৪৩ বাৰ স্থগিত! উচ্চতম ন্যায়ালয়ৰ ধমক এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

August 27, 2025 11:43 am
বৈষ্ণোদেৱীলৈ যোৱা পথত হোৱা ভয়াবহ ভূমিস্খলনত কমেও ৩১ জন লোকৰ মৃত্যু

বৈষ্ণোদেৱীলৈ যোৱা পথত হোৱা ভয়াবহ ভূমিস্খলনত কমেও ৩১ জন লোকৰ মৃত্যু

August 27, 2025 11:30 am
প্ৰযোজ্য  হ’ল ট্ৰাম্পৰ নতুন শুল্ক! কেনে প্ৰভাৱ পৰিব ভাৰতৰ ৰপ্তানি বাণিজ্যত; চিন্তিত ব্যৱসায়ীসকল

প্ৰযোজ্য  হ’ল ট্ৰাম্পৰ নতুন শুল্ক! কেনে প্ৰভাৱ পৰিব ভাৰতৰ ৰপ্তানি বাণিজ্যত; চিন্তিত ব্যৱসায়ীসকল

August 27, 2025 10:50 am
ন্যায়াধীশ নিযুক্তিতো গুজৰাটক প্ৰাধান্য; কলেজিয়ামৰ সিদ্ধান্তক লৈ প্ৰশ্ন ভাবী মুখ্য ন্যায়াধীশৰেই!

ন্যায়াধীশ নিযুক্তিতো গুজৰাটক প্ৰাধান্য; কলেজিয়ামৰ সিদ্ধান্তক লৈ প্ৰশ্ন ভাবী মুখ্য ন্যায়াধীশৰেই!

August 27, 2025 10:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

একেটা গোচৰ ৪৩ বাৰ স্থগিত! উচ্চতম ন্যায়ালয়ৰ ধমক এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

একেটা গোচৰ ৪৩ বাৰ স্থগিত! উচ্চতম ন্যায়ালয়ৰ ধমক এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

August 27, 2025 11:43 am
বৈষ্ণোদেৱীলৈ যোৱা পথত হোৱা ভয়াবহ ভূমিস্খলনত কমেও ৩১ জন লোকৰ মৃত্যু

বৈষ্ণোদেৱীলৈ যোৱা পথত হোৱা ভয়াবহ ভূমিস্খলনত কমেও ৩১ জন লোকৰ মৃত্যু

August 27, 2025 11:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd