NORTHEAST NOW (Assamese)

নিবনুৱাক চাকৰি প্ৰদান কৰা ৰকিবুল হুছেইনৰ বিৰুদ্ধে চৰকাৰী তদন্ত চলাব মুখ্যমন্ত্ৰীয়ে

November 7, 2024 9:34 am · এন ই নাও নিউজ

“বিগত বিশ বছৰে বিটিএডিত কোনো লোক আহিব পৰাতো দূৰৰে কথা দিনতে ঘৰৰ বাহিৰত ওলাব পৰা নাছিল । সেই দিনত অৰ্থাৎ কংগ্ৰেছ চৰকাৰৰ দিনত বিটিএডি এলেকাত ১৫ হেজাৰৰ অধিক বিভিন্ন জনগোষ্ঠীৰ লোক মৃত্যুৰ মুখত পৰিছিল। কিন্তু আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠন হোৱাৰ পিছত এই এলেকাত কোনো মানুহ মৰাতো নায়েই, এতিয়া শান্তি সম্প্ৰীতি আৰু উন্নয়নৰ জোৱাৰ উঠিছে । বিটিআৰত মানুহ জীয়াই থাকিবলৈ মই যি দিব পাৰিছো আৰু দিম।“ নিৰ্বাচনী প্ৰচাৰত এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ।

প্ৰাক্তন মন্ত্ৰী তথা সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ উঠিছে হিমন্ত বিশ্ব শৰ্মা।

ৰকিবুল হুছেইনে মন্ত্ৰী নোহোৱাকৈ কেনেকৈ বহুতো নিবনুৱাক চাকৰি দিব পাৰিছে, চাকৰি দিলে মুখ্যমন্ত্ৰী তথা এখন চৰকাৰে দিব পাৰে বুলি প্ৰশ্ন কৰি তেওঁ এই সন্দৰ্ভত নিৰ্বাচনৰ পিছত আৰক্ষী বাহিনী তথা বিভিন্ন এজেঞ্চিৰ দ্বাৰা তদন্ত কৰিবলৈ দিব বুলি প্ৰকাশ কৰে অসমৰ বহুবল্কী মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

বঙাইগাঁও সমষ্টিৰ গান্ধীময়দান আৰু চিৰাং জিলাৰ চিদলি সমষ্টিৰ বেংগতলত অনুষ্ঠিত হোৱা দুখন বৃহৎ নিৰ্বাচনী প্ৰচাৰ জনসভাত অংশগ্ৰহণ কৰি দুয়োটা সমষ্টিৰ কংগ্ৰেছ দল আৰু বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে সৰৱ হয় হিমন্ত বিশ্ব শৰ্মা।

মুখ্যমন্ত্ৰী গৰাকীয়ে ধলাই , চিডলী আৰু বঙাইগাঁৱত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হব বুলি বক্তব্য প্ৰদান কৰে।

উক্ত সভাত সাংসদ ফণীভূষণ চৌধুৰী ,মন্ত্ৰী অশোক সিংঘাল ,মন্ত্ৰী নন্দিতা গাৰ্লচা , বিটিআৰ প্ৰধান প্ৰমোদ বড়োকে ধৰি কেইবাজনো বিধায়ক বিটিচি ৰ এম চি এল এ আৰু শীর্ষ নেতৃবৃন্দ অংশগ্ৰহণ কৰে।

Related News