ৰামৰ নামত ভোট বিচৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে কৰা অভিযোগ খাৰিজ নিৰ্বাচন আয়োগৰ

নিৰ্বাচন আয়োগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে ৰামৰ নামত ভোট বিচৰাৰ অভিযোগ নাকচ কৰিছে। নিৰ্বাচন আয়োগৰ সূত্ৰ অনুসৰি উচ্চতম ন্যায়ালয়ৰ এগৰাকী জ্যেষ্ঠ অধিবক্তাই ৰামৰ নামত ভোট বিচৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।আয়োগৰ তথ্য অনুসৰি প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচনী ভাষণত ৰাম সন্দৰ্ভত নিজৰ চৰকাৰৰ চিন্তাধাৰা দাঙি ধৰিছে। তেওঁ ৰামৰ নামত ভোট বিচৰা নাছিল।

প্ৰসংগক্ৰমে চলিত মাহৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশৰ পিলিভিটত ৰাম আৰু অযোধ্যাৰ ৰাম মন্দিৰ সন্দৰ্ভত দীঘলীয়া ভাষণ দিছিল। তেওঁ অভিযোগ কৰে যে নিমন্ত্ৰণ পোৱাৰ পাছতো বহু বিৰোধী নেতাই ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠান বৰ্জন কৰে।

ইফালে, প্ৰধানমন্ত্ৰী মোদী আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে আচৰণ বিধি উলংঘাৰ অভিযোগৰ তদন্ত অব্যাহত ৰাখিছে আয়োগে। কংগ্ৰেছ আৰু বিজেপিয়ে ক্ৰমে প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে আয়োগত অভিযোগ দাখিল কৰিছে। দুয়োটা দলে বিৰোধী নেতাক ধৰ্ম, জাতি আৰু ঘৃণামূলক ভাষণৰ ভিত্তিত ভোট বিচৰাৰ অভিযোগ উত্থাপন কৰিছে।