• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 2, 2025 8:10 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গৰুখুঁটি প্ৰকল্পত ব্যাপক অনিয়ম আৰু দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছে। গৰুখুঁটি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথাৰ মাজত তালমিল নাই বুলি উল্লেখ কৰি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰামপ্ৰসাদ শৰ্মাই আজি কয় যে গৰুখুঁটি প্ৰকল্পৰ সকলো অনিয়ম আৰু ভ্ৰষ্টাচাৰ চিবিআইৰ দ্বাৰা তদন্ত হ’ব লাগে। ৭৭ হাজাৰ বিঘাতকৈও অধিক কৃষিভূমিত থকা ভাৰতীয় নাগৰিকক উচ্ছেদ কৰি প্ৰায় ২৫ কোটি টকা ব্যয়েৰে এই গৰুখুঁটি প্ৰকল্প স্থাপন কৰা হৈছিল। প্ৰকল্পৰ অধ্যক্ষ, কেবিনেট পদমৰ্যাদা দি চৰকাৰী ধন ব্যয় কৰাৰ পিছত ৰাইজে ভাবিছিল যে গৰুখুঁটি প্ৰকল্পৰ পৰা অসমৰ ৰাইজ লাভাৱান হ’ব আৰু বহু নিবনুৱাই সংস্থাপন লাভ কৰিব।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰকল্পটোৰ অধ্যক্ষ পদ্ম হাজৰিকাই গৰুখুঁটিৰ গাখীৰে অসমৰ চাহিদা পূৰণ কৰিব পাৰিব বুলি উল্লেখ কৰিছিল। শাক-পাচলি, ফলমূল আৰু অন্যান্য দুগ্ধজাত সামগ্ৰী উৎপাদনেৰে অসমক নদন-বদন কৰিব বুলি গৰুখুঁটি প্ৰকল্পই এক আশা দেখুৱাইছিল যদিও মূৰকত ৰাজহুৱা ধনৰ চূড়ান্ত অপচয় ঘটিল আৰু গৰুখুঁটি প্ৰকল্পক লৈ ৰাজনীতি কৰা হ’ল। এই প্ৰকল্পৰ নামত একাংশ মন্ত্ৰী-বিধায়ক ধনী হ’ল বুলি উল্লেখ কৰি কংগ্ৰেছ নেতা ৰামপ্ৰসাদ শৰ্মাই কয় যে ৰাজহুৱা ধনৰ অপচয় কৰাৰ বাবে এই চৰকাৰ চূড়ান্তভাৱে জগৰীয়া। সংবাদমেলত উপস্থিত থকা অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই কয় যে ৩০০ জনী গীৰ গাই গুজৰাটৰ পৰা অনাৰ ক্ষেত্ৰত ঠিকা লাভ কৰা এনডিডিবিৰ নিবিদা প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে গণ্ডগোলীয়া আছিল। এনডিডিবিক কিয় গৰু ক্ৰয় কৰাৰ দায়িত্ব দিয়া হ’ল আৰু এই গীৰ গাইৰ মৃত্যুৰ দায়িত্ব কোনে ল’ব আৰু ৰাজহ লোকচানৰ বাবে জগৰীয়া কোন সেই সকলো সামৰি এক ন্যায়িক তদন্তৰ প্ৰয়োজন আছে বুলি বৰাই উল্লেখ কৰে। বৰাই কয় যে গৰুখুঁটি প্ৰকল্পলৈ কোন চনৰ পৰা গীৰ গাই অনা হৈছিল আৰু ৩০০ গীৰ গাই নতুনকৈ অনাৰ পিছত ৯০ জনী গীৰ গাই ৰঙিয়া ষ্টেচনৰ পৰা কিয় নমাই দিয়া হ’ল আৰু নমাই দিয়া গীৰ গাইসমূহ কোনো ৰাজহুৱা জাননী আৰু নিবিদা নোহোৱাকৈ মন্ত্ৰী-বিধায়ক আৰু বিজেপিৰ ৰাজনৈতিক নেতা-পালিনেতাক কিয় বিলাই দিয়া হ’ল সেই সন্দৰ্ভত সকলো তথ্য ৰাজহুৱা কৰাৰ প্ৰয়োজন আছে। বৰাই কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু গৰুখুঁটি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাৰ মাজত তথ্যৰ বিসংগতি আছে। ৩০০ গীৰ গাইৰ ভিতৰত ৯০ জনী গীৰ গাই মন্ত্ৰী-বিধায়কৰ মাজত ভাগ-বাটোৱাৰা হোৱাৰ পিছত যদি ১৫৪ জনী গীৰ গাই বেমাৰী বাবে ঘূৰাই দিয়া হ’ল তেন্তে ৫৬ জনী গীৰ গাই মৃত্যু হ’লে কিমানজনী গীৰ গাই থাকিব? কংগ্ৰেছৰ এটা প্ৰতিনিধি দল মঙলবাৰে গৰুখুঁটিলৈ যাবলৈ বিচাৰিছিল যদিও বিজেপি কৰ্মী আৰু আৰক্ষীয়ে ইয়াত বাধা প্ৰদান কৰিলে। গীৰ গাই ক্ৰয় কৰা এজন বিজেপি কৰ্মীয়ে এজনী গীৰ গায়ে ৫-৬ লিটাৰ গাখীৰ দিয়ে বুলি উল্লেখ কৰিছিল।

গুজৰাটৰ পৰা লাখ টকা দি কিনি অনা গীৰ গায়ে যদি ৫-৬ লিটাৰ গাখীৰ দিয়ে তেনেহ’লে গৰুখুঁটিয়ে ব্যৱসায় কৰিব কেনেকৈ? উন্নত প্ৰজাতিৰ বৰ্ণ সংকৰ স্থানীয় আৰু জাৰ্ছী গায়ে ১০-১২ লিটাৰকৈ গাখীৰ দিয়ে বুলি উল্লেখ কৰি বৰাই কয় যে গোটেই বিষয়টোত ৰাইজক বিভ্ৰান্ত কৰি গৰুখুঁটি প্ৰকল্পৰ অধ্যক্ষই প্ৰকৃত সত্য লুকুৱাবলৈ বিচাৰিছে। তেওঁ কয়, গৰুখুঁটি প্ৰকল্পৰ সমগ্ৰ আয়-ব্যয় শ্বেতপত্ৰৰ দ্বাৰা প্ৰকাশ কৰিব লাগে। ইফালে, সংবাদমেলত উপস্থিত থকা অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ৰমণ ঝাই কয় যে অসমত থকা গো-শালাসমূহৰ অত্যন্ত বেয়া। গো-মাতাৰ পূজা কৰা বিজেপি দল আৰু চৰকাৰে দীৰ্ঘদিন ধৰি গো-শালাসমূহলৈ গো-মাতাৰ খাদ্যৰ বাবে ৰাজসাহায্য যোগান ধৰা নাই বুলি উল্লেখ কৰে। ঝাই কয়, মন্ত্ৰী-বিধায়কৰ পত্নীয়ে ৰাজসাহায্য লাভ কৰে। কিন্তু গো-মাতাই পশু খাদ্যৰ বাবে ৰাজসাহায্য লাভ নকৰে এইখন অসমত। মুখ্যমন্ত্ৰীৰ উক্তিৰ প্ৰসংগ উত্থাপন কৰি ঝাই কয় যে মুখ্যমন্ত্ৰীয়ে বেমাৰী গৰু মন্ত্ৰী-বিধায়ক আৰু বিজেপিৰ নেতা-কৰ্মীৰ মাজত ভাগ-বাটোৱাৰা কৰাৰ যুক্তি দাঙি ধৰি গো-সুৰক্ষাৰ স্বাৰ্থত এই প্ৰসংগ উল্লেখ কৰিছিল যদিও অসুস্থ গৰুবোৰক গো-শালাসমূহলৈ কিয় প্ৰেৰণ কৰা নাছিল? ৬৫ টা গো-মাতাৰ মৃত্যুৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু গৰুখুঁটি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকা জগৰীয়া বুলি উল্লেখ কৰি ঝাই কয় যে এইখন চৰকাৰে নামতহে গৰুক পূজা কৰাৰ কথা কয়। এওঁলোকে প্ৰকৃততে গৰুৰ ব্যৱসায় কৰি ছিণ্ডিকেট চলাই গো-মাতাক অপমানহে কৰিছে। গো-মাতাৰ প্ৰতি দেখুওৱা এই অনাদাৰে চৰকাৰখনৰ পতন ঘটাব বুলিও তেওঁ উল্লেখ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমত জন্মগ্ৰহণ কৰা অভিনেতা ৰাজদ্বীপ চৌধুৰীৰ ছবি ‘A Teacher’s Gift’ ট্ৰাইবেকা ফেষ্টিভেল লিছব’য়াৰ বাবে নিৰ্বাচিত

অসমত জন্মগ্ৰহণ কৰা অভিনেতা ৰাজদ্বীপ চৌধুৰীৰ ছবি ‘A Teacher’s Gift’ ট্ৰাইবেকা ফেষ্টিভেল লিছব’য়াৰ বাবে নিৰ্বাচিত

September 9, 2025 2:14 pm
জনজাতীয় লোকক উচ্ছেদ কৰি জৈৱ বৈচিত্ৰ ধ্বংসেৰে কেন্দ্ৰীয় শাসিত অঞ্চলত চৰকাৰৰ অভিলাষী গ্ৰেট নিকোবৰ প্ৰকল্প

জনজাতীয় লোকক উচ্ছেদ কৰি জৈৱ বৈচিত্ৰ ধ্বংসেৰে কেন্দ্ৰীয় শাসিত অঞ্চলত চৰকাৰৰ অভিলাষী গ্ৰেট নিকোবৰ প্ৰকল্প

September 9, 2025 1:45 pm
ৰণক্ষেত্ৰত পৰিণত কাঠমাণ্ডু! প্ৰতিবাদত সাধাৰণ নাগৰিকৰ মৃত্যুৰ পিছত ৯ জন মন্ত্ৰীৰ পদত্যাগ

ৰণক্ষেত্ৰত পৰিণত কাঠমাণ্ডু! প্ৰতিবাদত সাধাৰণ নাগৰিকৰ মৃত্যুৰ পিছত ৯ জন মন্ত্ৰীৰ পদত্যাগ

September 9, 2025 1:44 pm
যৌন নিৰ্যাতনকাৰী এপষ্টেইনৰ জন্মদিনত লিখা অশ্লীল চিঠিখন ট্ৰাম্পৰেই? কি ফাদিল কৰিলে ডেম’ক্ৰেটে?

যৌন নিৰ্যাতনকাৰী এপষ্টেইনৰ জন্মদিনত লিখা অশ্লীল চিঠিখন ট্ৰাম্পৰেই? কি ফাদিল কৰিলে ডেম’ক্ৰেটে?

September 9, 2025 12:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমত জন্মগ্ৰহণ কৰা অভিনেতা ৰাজদ্বীপ চৌধুৰীৰ ছবি ‘A Teacher’s Gift’ ট্ৰাইবেকা ফেষ্টিভেল লিছব’য়াৰ বাবে নিৰ্বাচিত

অসমত জন্মগ্ৰহণ কৰা অভিনেতা ৰাজদ্বীপ চৌধুৰীৰ ছবি ‘A Teacher’s Gift’ ট্ৰাইবেকা ফেষ্টিভেল লিছব’য়াৰ বাবে নিৰ্বাচিত

September 9, 2025 2:14 pm
জনজাতীয় লোকক উচ্ছেদ কৰি জৈৱ বৈচিত্ৰ ধ্বংসেৰে কেন্দ্ৰীয় শাসিত অঞ্চলত চৰকাৰৰ অভিলাষী গ্ৰেট নিকোবৰ প্ৰকল্প

জনজাতীয় লোকক উচ্ছেদ কৰি জৈৱ বৈচিত্ৰ ধ্বংসেৰে কেন্দ্ৰীয় শাসিত অঞ্চলত চৰকাৰৰ অভিলাষী গ্ৰেট নিকোবৰ প্ৰকল্প

September 9, 2025 1:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd