NORTHEAST NOW (Assamese)

শিল-বালিৰ চিণ্ডিকেট চলোৱা চৰণজিৎ সিঙৰ বিৰুদ্ধে কি ব্যৱস্থা হ’ব? এপেক্স বেংকৰ পৰিচালন সঞ্চালকক নিলম্বিত কৰাৰ দাবী কংগ্ৰেছৰ

April 9, 2025 2:51 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 9, 2025 2:52 pm

এপেক্স বেংকৰ দুৰ্নীতিত জড়িতসকলৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে পুনৰ দাবী উত্থাপন কৰিছে।

বেংক জালিয়াতিৰ মূল অভিযুক্ত ৰাজেশ বাজাজে শেহতীয়াকৈ বিজেপিৰ এজন প্ৰাক্তন মন্ত্ৰী আৰু এজন বিধায়ক এই জালিয়াতিত জড়িত বুলি অভিযোগ উত্থাপন কৰা বিষয়টো উল্লেখ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই আজি কয় যে প্ৰাক্তন মন্ত্ৰী সঞ্জয় কিষাণ আৰু বিজেপিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ বিৰুদ্ধে দলটোৱে এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হব। জালিয়াতিৰ মূল অভিযুক্তজনে ৰাজহুৱা কৰা তথ্য অনুসৰি প্ৰাক্তন মন্ত্ৰী সঞ্জয় কিষাণে বাগিছাৰ কৰ্মচাৰীৰ পিএফৰ লেনদেনৰ ধন বন্ধ কৰি অভিযুক্তজনৰ পৰা বৃহৎ পৰিমাণৰ ধন দাবী কৰিছিল। তাৰে এটা অংশ ধন তেওঁ দিয়া বুলিও উল্লেখ কৰে।

অন্যহাতে এপেক্স বেংকৰ অধ্যক্ষৰ লগত তেওঁৰ সু-সম্পৰ্ক আৰু তেওঁ বেংকৰ পৰা অনিয়মেৰে ঋণ হিচাপে লোৱা ২০ কোটি ৩০ লাখ টকাৰ লেনদেন অধ্যক্ষ বিশ্বজিৎ ফুকন আৰু পৰিচালন সঞ্চালক ডম্বৰু শইকীয়া অৱগত বুলি উল্লেখ কৰে। এই বিষয়টো তৎকালীনভাৱে তদন্তৰ আওতালৈ আনিব লাগে বুলি উল্লেখ কৰি বৰাই কয় যে অসমৰ এই জাতীয় অনুষ্ঠানটো অসমীয়া ৰাইজৰ গাঁঠিৰ ধনেৰে গঢ়ি তোলা।

প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে এই বেংকটো উজ্জীৱিত কৰিবৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল আৰু তাৰ ফলশ্ৰুতিতেই এপেক্স বেংকে প্ৰাণ পাই আজিৰ অৱস্থা লাভ কৰিছে। এনে পৰিস্থিতিত বেংকটো ধ্বংস কৰিবলৈ চেষ্টা চলাই থকা লোকসকলৰ বিৰুদ্ধে উচিত তদন্ত হব লাগে বুলি বৰাই দাবী কৰে আৰু নিকা তদন্তৰ অন্তত বেংকটোৰ পৰিচালন সঞ্চালক ডম্বৰু শইকীয়াক তৎকালে কাৰ্যকৰী হোৱাকৈ নিলম্বন কৰিব লাগে বুলি দাবী জনায়। একেদৰে চৰণজিৎ সিং গান্ধী নামৰ এজন ব্যৱসায়ীয়ে কেনেদৰে শিল-বালিৰ চিণ্ডিকেট চলাই আছে সেই কথা অভিযুক্ত ৰাজেশ বাজাজে উল্লেখ কৰি অসমত চিণ্ডিকেট চলি থকাৰ কথা প্ৰমাণিত কৰিছে বুলিও কয় বৰাই। এই বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ স্থিতি কি হ’ব বুলিও বৰাই প্ৰশ্ন কৰে।

Related News