নৰ্থইষ্ট নাওৰ বাতৰিৰ প্ৰভাৱ: তৎপৰ শিৱসাগৰ জিলা প্ৰশাসন তথা লোক নিৰ্মাণ বিভাগ

কাম সম্পূৰ্ণ হোৱা দুই মাহৰ পিছতেই বিধ্বস্ত পথৰ পুনৰ মেৰামতি কৰিলে লোক নিৰ্মাণ বিভাগে

Sivasagar

যোৱা সোমাবাৰে নৰ্থইষ্ট নাওত শিৱসাগৰৰ বানমুখ চেতিয়া গাওঁ আৰু দিলিহি ধাই আলি সংযোগী প্ৰায় ৩ কিলোমিটাৰ দৈঘ্যৰ পথৰ বিধ্বস্ত এক ছবি দেখুওৱা হৈছিল।

নিৰ্মাণ সম্পূৰ্ণ হোৱা দুই মাহৰ পিছতেই পথটোৰ বিভিন্ন স্থানত বখলা-বখলে এৰাই যোৱাৰ লগতে বিপদজনক ভাৱে বহি গৈছিল।

ধেমাজীৰ ৰাহুল দিহিঙ্গীয়া নামৰ ঠিকাদাৰজনে অতি নিম্ন মানদণ্ডৰে আৰু বিসংগতিপূৰ্ণ ভাৱে কাম কৰাৰ বাবেই এই দৰে পথটো বিধ্বস্ত ৰূপ লোৱা বুলি স্থানীয় লোকে অভিযোগ কৰিছল।

ৰাইজৰ অভিযোগৰ ভিত্তিত নৰ্থইষ্ট নাওৱে বাতৰি সম্প্ৰচাৰ কৰাৰ পিছতেই তৎপৰ হৈ পৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দায়িত্বত থকা লোক নিৰ্মাণ বিভাগ।

লগে লগে পথটোৰ বেয়া অংশ পুনৰ মেৰামতি কৰাত ব্যস্ত হৈ পৰে ঠিকাদাৰ ৰাহুল দিহিঙ্গীয়া। মঙ্গলবাৰে এই বিধ্বস্ত পথটোৰ মেৰামতিত ব্যস্ত হৈ পৰে ঠিকাদাৰ গৰাকী।

আনহাতে কোনো কাৰণতে বৃহত্তৰ বানমুখ অঞ্চলৰ বাট পথ মেৰামতি বা পুনৰ নিৰ্মাণ কাৰ্যত লোক নিৰ্মাণ বিভাগ তথা ঠিকদাৰে দূৰ্নীতিৰ আশ্ৰয় লব নোৱাৰে তাৰ বাবে স্থানীয় ৰাইজ তথা দল সংগঠনে সকীয়নি দিছে।

লগতে এই পথৰ নিৰ্মাণত হোৱা বিসংগতি তথা দূৰ্নীতিৰ ছবি উদঙাই দিয়াত নৰ্থইষ্ট নাওক ধন্যবাদ জনায় স্থানীয় ৰাইজ তথা দল সংগঠনৰ নেতা কৰ্মীয়ে।

উল্লেখ্য যে দিলিহি দলংৰ পৰা বানমুখ চুতিয়া আলি হৈ ৩৭ নং ৰাষ্ট্ৰীয় পথ সংযোগী এই পথৰ শুভাৰম্ভ কৰিছিল বিজেপিৰ সাংসদ তপন কুমাৰ গগৈ আৰু শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে।