কাৰ সংস্পৰ্শলৈ আহিছিল গুৱাহাটীৰ কোভিড-১৯ আক্ৰান্ত দন্ত মহাবিদ্যালয়ৰ ছাত্ৰীগৰাকী?

WhatsApp Image 2020-05-09 at 12.33.08 PM

কন্টেইনমেন্ট জ'ন ঘোষণা কৰা আঞ্চলিক দন্ত মহাবিদ্যালয়ৰ গাৰ্লছ হোষ্টেল। ফটো: নৰ্থইষ্ট নাও

শুকুৰবাৰে নিশা দেহত কোভিড-১৯ পজিটিভ ধৰা পৰা আঞ্চলিক দন্ত মহাবিদ্যালয়ৰ ছাত্ৰীগৰাকীj সন্দৰ্ভত পোহৰলৈ আহিছে ন-ন তথ্য।

তেওঁ নিজ ইচ্ছাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত যোৱা ২৫ এপ্ৰিলৰ পৰা ১ মে লৈকে কোভিড-১৯ স্ক্ৰীনিঙৰ কামত ব্যস্ত আছিল বুলি সংবাদমাধ্যমৰ আগত জানিবলৈ দিয়ে মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ এ. চি. ভুঞাই।

বৃহস্পতিবাৰে দেহত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি ধৰা পৰা ডঃ লিথিকেশৰ সংস্পৰ্শলৈ আহিছিল বুলি সন্দেহ কৰা হৈছে আক্ৰান্ত ছাত্ৰী গৰাকী।

ডাঃ দীপা ডেকা নমাৰ ছাত্ৰী গৰাকীৰ ঘৰ নলবাৰীত বুলি ভুঞাই জানিবলৈ দিয়ে।

ভুঞাই জনোৱা অনুসৰি ছাত্ৰীগৰাকীক যোৱা ২ মে’ ৰ পৰাই গাৰ্লছ হোষ্টেলটোত চেল্ফ কোৱাৰেন্টাইন কৰি ৰখা হৈছিল।

কালি নিশা ছাত্ৰীগৰাকীৰ দেহত পজিটিভ ৰিজাল্ট ধৰা পৰাৰ লগে লগে তেওঁক চিকিৎসাৰ বাবে GMCH লৈ প্ৰেৰণ কৰা হয়।

ইপিনে, ছাত্ৰীগৰাকীৰ দেহত বৰ্তমানলৈকে কোনোধৰণৰ কৰ’নাৰ লক্ষণ দেখা দিয়া নাই বুলি ভুঞাই উল্লেখ কৰাৰ লগতে অৱস্থা স্বাভাৱিক বুলি কয়।

আনহাতে, ছাত্ৰীগৰাকীৰ দেহত এই মাৰাত্মক ভাইৰাছ ধৰা পৰাৰ পাছতে হোষ্টেলটোত থকা ৪০ গৰাকী ছাত্ৰীৰ স্বাৱ চেম্পল সংগ্ৰহ কৰিছে স্বাস্থ্য কৰ্মীয়ে।

ইয়াৰে চাৰিগৰাকীৰ ফলাফল বৰ্তমানলৈকে নিগেটিভ অহা বুলি জানিব পৰা গৈছে আৰু বাকী সকলৰ ৰিজাল্ট নিশাৰ ভাগলৈ জানিব পৰা যাব।

ইয়াৰ মাজতে, কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিত পেগু হোষ্টেলটোত উপস্থিত হৈ কনতেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰে গাৰ্লছ হোষ্টেল কেম্পাছৰ লগতে ভঙাগড়ৰ উক্ত অঞ্চলটো।

ইতিমধ্যে সমগ্ৰ অঞ্চলটো চেনিটাইজ কৰাৰ ব্যৱস্থা কৰিছে গুৱাহাটী পৌৰ নিগমে।

উল্লেখযোগ্য যে, ছাত্ৰীগৰাকীৰ এই খবৰ লাভ কৰি নিশা প্ৰায় ১২ বজাত স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয়গৈ ছাত্ৰীগৰাকী থকা গাৰ্লছ হোষ্টেলত।

এক সূত্ৰৰ পৰা জানিব পৰা মতে ডঃ লিথিকেশে মহাবিদ্যালয়খনৰ কেণ্টিনত আহাৰ গ্ৰহণ কৰিছিল।

তদুপৰি, দাক্ষিণাত্যৰ ডা০ লিথিকেশৰ দেহত ২৭ এপ্ৰিলৰ পৰাই কৰ’নাৰ লক্ষণে দেখা দিছিল।

৩০ এপ্ৰিলত তেওঁ আনকি গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয়ত এটা ৱৰ্কশ্বপতো অংশগ্ৰহণ কৰিছিল। আনকি কোৰোণাৰ স্ক্ৰীনিং টেষ্টো কৰিছিল চিকিত্‍সকগৰাকীয়ে।

জিএমচিএইচৰ এক নং ছাত্ৰাবাসত আছিল আৰু পাঁচ নং ছাত্ৰাবাসতো আহাৰ গ্ৰহণ কৰিছিল।