যোৱা ২৯ অক্টোবৰত লামডিং বনাঞ্চলৰ অধীনৰ নখুঁটি বীটৰ বনকৰ্মীয়ে মহিলাৰ দল এটিৰ ওপৰত গুলি চলাই খুদেজা খাতুন নামৰ মহিলা এগৰাকীক গুৰুতৰভাৱে আহত কৰিছে ৷ চি পি আই (এম)ৰ অসম ৰাজ্যিক কমিটিয়ে এই পাশৱিক ঘটনাক তীব্ৰ নিন্দা কৰিছে ৷
ঘটনাৰ বিৱৰণী অনুসৰি লামডিং বনাঞ্চলৰ লগত সংলগ্ন নখুঁটিৰ ২ নং দেবেন গাঁৱৰ দুখীয়া মহিলাসকলে বনাঞ্চলত পৰি থকা খৰি নিয়মিত বুটলি ৰন্ধন কাৰ্যত ব্যৱহাৰ কৰে। পৰহি ২৯ অক্টোবৰৰ দিনৰ দহ বজাত আঠগৰাকী মহিলাই অইন দিনাৰ দৰে সিদিনাখনো বনাঞ্চলত পৰি থকা খৰি বুটলিবলৈ যায় ৷ এই মহিলা দলটোৰ ওপৰত বনকৰ্মীয়ে বিনা প্ৰৰোচনাত যধে-মধে গুলীচালনা কৰে ৷ গুলীচালনাৰ ফলত খুদেজা খাতুন নামৰ প্ৰায় ৪০ বছৰ বয়সীয়া এগৰাকী দুখীয়া পৰিয়ালৰ মহিলা গুৰুতৰভাৱে আহত হয় ৷ প্ৰথম অৱস্থাত স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও গুৰুতৰ আঘাতলৈ লক্ষ্য ৰাখি তেওঁক বৰ্তমান গুৱাহাটীৰ দিছপুৰ হস্পিতেলত ভৰ্তি কৰোৱা হৈছে ৷
চি পি আই (এম)ৰ অসম ৰাজ্যিক কমিটিয়ে বনবিভাগৰ এনে বেআইনী আৰু আসুৰিক ভূমিকাক তীব্ৰ নিন্দা কৰিছে আৰু ঘটনাৰ বাবে দায়ীসকলক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি দিবলৈ দাবী জনাইছে ৷ লামডিং বনাঞ্চলত বনবিভাগৰ অসাধু বিষয়া-কৰ্মচাৰীয়ে চোৰাং কাৰবাৰীৰ সৈতে জড়িত হৈ বনাঞ্চল ধ্বংসত লিপ্ত হৈ আছে৷ অথচ বনাঞ্চলৰ কোনো হানি নকৰাকৈ খৰি বুটলিবলৈ যোৱা স্থানীয় দুখীয়া নিৰীহ মহিলাৰ ওপৰত নিৰ্বিচাৰে গুলি চলাইছে ৷ এইদৰেই ৰাজ্যত চলিছে অৰাজকতা, আইন-শৃংখলাহীনতা আৰু স্বৈৰাচাৰী শাসন। চি পি আই (এম)-এ আহত মহিলাগৰাকীৰ চিকিৎসাৰ সম্পূৰ্ণ খৰচ বহন কৰা আৰু উপযুক্ত ক্ষতিপূৰণ দিয়াৰ লগতে দোষী বনকৰ্মী তথা বিষয়াৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে।