উমৰাংচুত স্থানীয় ৰাইজক উচ্ছেদ কৰি আদানিক ভূমি আবণ্টন কৰাৰ তীব্ৰ বিৰোধিতা চি পি আই (এম)ৰ

ডিমা হাচাওৰ ৯ হাজাৰ বিঘা মাটি অসম চৰকাৰে গৌতম আদানিক চিমেণ্ট উদ্যোগ স্থাপনৰ বাবে গতাই দিবলৈ যি পদক্ষেপ গ্ৰহণ কৰিছে তাৰ চি পি আই (এম)ৰ অসম ৰাজ্যিক কমিটিয়ে তীব্ৰ বিৰোধিতা কৰিছে।

বিজেপি চৰকাৰ, বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ স্থাপন হোৱাৰে পৰা খিলঞ্জীয়াক মাটিৰ অধিকাৰ প্ৰদান কৰাৰ কথা কৈ আহিছে। অসমবাসীক মাটিৰ অধিকাৰ প্ৰদানৰ বাবে বসুন্ধৰা ১,২,৩ আদি আঁচনিৰ প্ৰচাৰো কৰিছে। কিন্তু কাৰ্যক্ষেত্ৰত স্থানীয় মানুহক উচ্ছেদ আৰু বৃহৎ উদ্যোগ প্ৰতিষ্ঠানক মাটি হস্তান্তৰহে এইখন চৰকাৰৰ ভূমি নীতি। ডিমা হাচাওৰ বিজেপি পৰিচালনাধীন ডিমা হাচাও স্বায়ত্ত শাসিত পৰিষদে কৰ্পোৰেট ব্যৱসায়ী গৌতম আদানিক ৯ হাজাৰ বিঘা ভূমি অৱণ্টন দিয়াৰ বাবে উমৰাংচুৰ বৰচিলিংদং, ছেৰলাংছ’, বৰ লাৱাং, চুট লাৱাং, চিংকিলাংছ’, হাৰবেলাংছ’ আৰু চুলিকিদঙকে ধৰি কেইবাখনো গাঁৱৰ ৰাইজলৈ উচ্ছেদৰ জাননী দিছে বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজে এনে জনবিৰোধী পদক্ষেপৰ ইতিমধ্যে তীব্ৰ বিৰোধিতা কৰিছে।

চি পি আই(এম)ৰ অসম ৰাজ্যিক কমিটিয়ে উমৰাংচুৰ ৯ হাজাৰ বিঘা মাটি স্থানীয় ৰাইজৰ পৰা কাঢ়ি নি বৃহৎ পুঁজিপতিক গতাই দিয়াৰ তীব্ৰ বিৰোধিতা কৰিছে। দলে উদ্বেগেৰে লক্ষ্য কৰিছে যে বিজেপি চৰকাৰে সাধাৰণ মানুহক উচ্ছেদ কৰাৰ নীতিকে মূল ভূমি নীতি হিচাপে গ্ৰহণ কৰিছে আৰু এই নীতিৰ প্ৰধান লক্ষ্য হৈ পৰিছে ৰাজ্যখনৰ মুছলমান আৰু জনজাতীয়সকল। চি পি আই (এম)ৰ অসম ৰাজ্যিক কমিটিয়ে বিকল্প সংস্থাপন নিদিয়াকৈ সকলো ধৰণৰ উচ্ছেদ বন্ধ ৰাখিবলৈ অসম চৰকাৰক দাবী জনাইছে।