• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অসমীয়া ভাষা বাধ্যতামূলক কৰাৰ দাবী আপৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 4, 2024 5:26 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰাৰ ক্ষেত্ৰত ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা ইতিবাচক ভূমিকাৰ বাবে সংশ্লিষ্ট সকলোকে ধন্যবাদ জ্ঞাপন কৰে আম আদমী পাৰ্টিৰ জ্যেষ্ঠ নেত্ৰী অনুৰূপা ডেকাৰজাই।

আজি গণেশগুৰিস্থিত আপৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত আপৰ নেত্ৰীগৰাকীয়ে মাথোঁ ভাষাটোৰ ধ্ৰুপদী স্বীকৃতি লাভতে  সীমাৱদ্ধ নাথাকি অসমীয়া লিপিৰ স্বীকৃতিৰ ক্ষেত্ৰতো বৰ্তমান চৰকাৰক পদক্ষেপ ল’বলৈ দাবী জনায়।

Apply Now

সংবাদমেলত অনুৰূপা ডেকাৰজাই কয়, ” আজি আমাৰ ভাষাটোৱে এক ঐতিহাসিক স্বীকৃতি লাভ কৰিলে। এতিয়াৰ পৰা দেশ-বিদেশত অসমীয়া ভাষাৰ চৰ্চা হ’ব। ভাষাবিদ, গৱেষক সকলে অসমীয়া ভাষাৰ ওপৰত গৱেষণা কৰিবলৈ আগবাঢ়ি আহিব। এয়া নিশ্চিত ভাবে আশাৰ বতৰা।” আনহাতে, মাথোঁ এই স্বীকৃতি লাভৰ বাবে সন্তুষ্টি লাভ কৰিলেই নহ’ব, ভাষাটোক চিৰযুগমীয়া কৰিবৰ বাবে অসমৰ ব্যক্তিগত খণ্ডৰ ইংৰাজী বিদ্যালয় তথা বিশ্ববিদ্যালয় সমূহতো শীঘ্ৰেই অসমীয়া ভাষাৰ পাঠদান বাধ্যতামূলক কৰিবলৈ আপৰ নেত্ৰীগৰাকীয়ে দাবী জনায়। ৰাজ্য চৰকাৰে ইতিমধ্যে বন্ধ ঘোষণা কৰা অসমীয়া মাধ্যমৰ বিদ্যালয় সমূহৰ বিষয়তো সৰৱ হয় আপৰ জ্যেষ্ঠ মুখপাত্ৰ গৰাকীয়ে।

তেওঁ কয়, ” দীৰ্ঘদিনীয়া প্ৰক্ৰিয়াৰ অন্তত অসমীয়া ভাষাই এই স্বীকৃতি লাভ কৰিছে। কিন্তু এই সময়তে আমাৰ চৰকাৰে ৰাজ্যখনত অসমীয়া ভাষা মাধ্যমৰ ১,৬৭০ খন বিদ্যালয় বন্ধ কৰিছে। কিছুদিন পূৰ্বেও চৰকাৰে বিভিন্ন অজুহাতত অসমীয়া মাধ্যমৰ ২,২০০ বিদ্যালয় একত্ৰীকৰণৰ নামত বন্ধ কৰিছে। তদুপৰি অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ত প্ৰাথমিক স্তৰতো অংক আৰু বিজ্ঞানৰ পাঠ্যপুথি ইংৰাজী ভাষাত যোগান ধৰাৰ আত্মঘাতী সিদ্ধান্ত গ্ৰহণ কৰিছে। অসমীয়া ভাষাৰ সুৰক্ষাৰ স্বাৰ্থত চৰকাৰে এনে সিদ্ধান্ত বৰ্জন কৰিব লাগিব। “

সংবাদমেলত আপৰ আন এগৰাকী নেতা নীলমণি শইকীয়াই মাজুলী – যোৰহাট সংযোগী দলঙৰ কামৰ পুনৰ নিবিদা আহ্বান সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বক্তব্যৰ বিৰোধিতা কৰে। ২০১৬ চনত আধাৰশিলা স্থাপন কৰা দলংখনৰ কাম আৰম্ভ কৰা হৈছিল ২০২১ চনত।  কিন্তু কাম আৰম্ভ কৰাৰ মাজতে কিছুদিন পূৰ্বে নিৰ্মাণ প্ৰতিষ্ঠানটোৱে হঠাতে কাম বন্ধ কৰে। নিৰ্মাণৰ সামগ্ৰীও প্ৰকল্পস্থলীৰ পৰা স্থানান্তৰ কৰা হয়। বিগত এমাহৰ বেছি দিন ধৰি কাম বন্ধ হৈ থকাৰ বিষয়টোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক স্থিতি স্পষ্ট কৰিবলৈ দাবী জনায় আপৰ নেতাগৰাকীয়ে । আনহাতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে হোৱা আলোচনাত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ঠিকাৰ বাবে পুনৰ নিবিদা আহ্বানৰ সম্ভাৱনা ব্যক্ত কৰা সন্দৰ্ভত  নীলমণি শইকীয়াৰ প্ৰশ্ন – ” এটা ঠিকাদাৰী গোটে নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ পাছত পুনৰ একেটা কামৰ বাবে নিবিদা বিচৰা সম্ভৱ নে? মাজুলী- যোৰহাট সংযোগী দলংখনক লৈ মাজুলী বাসীয়ে ৰাজনীতি হোৱাটো নিবিচাৰে। দীৰ্ঘদিনীয়া অভাৱ পূৰণৰ স্বাৰ্থত সকলো ধৰণৰ বাধা বিঘিনি আঁতৰাই অবিলম্বে নিৰ্মাণৰ কাম পুনৰ আৰম্ভ কৰা উচিত।”

সংবাদমেলত আপৰ আন এগৰাকী নেত্ৰী মঞ্জু ডেকা হুছেইনো উপস্থিত থাকে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd