যোৱা ৫ জানুৱাৰী, ২০২৫ তাৰিখৰ পৰা আৰম্ভ হোৱা চি পি আই (এম) ৰ ৰাজ্যিক সন্মিলনৰ আজি সফল পৰিসমাপ্তি ঘটে।অসমৰ জিলাসমূহক প্ৰতিনিধিত্ব কৰি ৩৪৫ জন প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা উক্ত সন্মিলনত ৬৭ জন প্ৰতিনিধিয়ে ৭ ঘন্টা ধৰি ৰাজনৈতিক প্ৰস্তাৱ, সাংগঠনিক প্ৰতিবেদন আৰু বিভিন্ন প্ৰস্তাৱৰ ওপৰত আলোচনা কৰে আৰু আগন্তুক দিনৰ কৰ্মপন্থা নিৰ্ধাৰণ কৰে। অসম বিৰোধী, সাম্প্ৰদায়িক আৰু দেশৰ সংবিধান বিৰোধী বিজেপিক উৎখাত কৰাৰ স্বাৰ্থত ২০২৬ত সকলো বিৰোধী শক্তিক ঐক্যবদ্ধ কৰাৰ পৰিকল্পনা এই সন্মিলনত গ্ৰহণ কৰা হয়। আগন্তুক পঞ্চায়ত নিৰ্বাচন,বিটিচি নিৰ্বাচন আৰু ২০২৬চনৰ বিধান সভা নিৰ্বাচনত বিজেপিক পৰাস্ত আৰু বাঁওপন্থীৰ প্ৰতিনিধিৰ সংখ্যা বৃদ্ধি কৰিবলৈ চিপিআই(এম)-এ সৰ্বশক্তি প্ৰয়োগ কৰিব।এ চি পি আই (এম) -এ সমগ্ৰ অসমতে তৃণমূল পৰ্যায়ত ব্যাপক গণআন্দোলন সংগঠিত কৰিব আৰু বাওঁ বিকল্প জনগণৰ সন্মুখত তুলি ধৰিব।
২৪ সংখ্যক অসম ৰাজ্যিক সন্মিলনে কমৰেড সুপ্ৰকাশ তালুকদাৰক পুনৰ সম্পাদক হিচাপে নিৰ্বাচিত কৰে। এই সন্মিলনে ৫০ গৰাকী সদস্যৰে ৰাজ্যিক কমিটি আৰু ১৩ জনীয়া সম্পাদকমণ্ডলী গঠন কৰে।
নৱনিৰ্বাচিত সম্পাদকমণ্ডলীৰ সদস্যসকল হৈছে সুপ্রকাশ তালুকদাৰ, ইচ্ফাকুৰ ৰহমান, মনোৰঞ্জন তালুকদাৰ ,টিকেন দাস,অজিত দাস,নয়ন ভূঞা,তপন শৰ্মা,গজেন বৰ্মন,আজিজুৰ ৰহমান, নিৰংকুশ নাথ,সংগীতা দাস, শতঞ্জীৱ দাস
আৰু বাসুদেৱ কলিতা।
সন্মিলনত দলৰ পলিট ব্যুৰ’ ৰ দুই সদস্য ক্ৰমে ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰ আৰু প্ৰাক্তন সাংসদ নিলোৎপল বসু উপস্থিত থাকে।
সন্মিলনত ২১ টা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ সন্মিলনত গ্ৰহণ কৰা হয়। অসমৰ চলি থকা লুণ্ঠনৰাজ বন্ধ কৰা, অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা, গুৱাহাটীৰ পানীৰ পাইপ ফটাৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰাৰ লগতেই ক্ষতিগ্ৰস্তক উপযুক্ত ক্ষতিপূৰণৰ ব্যৱস্থা গ্ৰহণ কৰা,খাদ্য – সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিৰ বিৰুদ্ধে, মহিলাৰ ওপৰত হোৱা ক্ৰমবৰ্ধমান অপৰাধৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰা ইত্যাদি প্ৰস্তাৱ সন্মিলনে গ্ৰহণ কৰে।
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী , ৰাজহুৱা শিক্ষা ৰক্ষাৰ দাবী, চাহ শ্ৰমিকৰ সমস্যা উচ্চেদৰ বিৰুদ্ধে আৰু মাটিৰ পট্টা প্ৰদান কৰাৰ দাবীক আগত লৈ আন্দোলন গঢ়ি তোলাৰ সিদ্ধান্ত সন্মিলনে গ্ৰহণ কৰে। নতুন পেন্সন ব্যৱস্থা বাতিল কৰাৰ লগতেই সকলোকে পুৰণি পেন্সন ব্যৱস্থাৰ আওতালৈ অনাৰ উপৰিও সাৰ্বজনীন সামাজিক সুৰক্ষামূলক পেন্সনৰ ব্যৱস্থাৰ দাবীত প্ৰস্তাৱ সন্মিলনত গ্ৰহণ কৰা হয়।সন্মিলনে গিবন অভয়াৰণ্য ৰক্ষাৰ লগতে পৰিৱেশ ৰক্ষাৰ দাবীতো এক প্ৰস্তাৱ গ্ৰহণ কৰা হয়।
উল্লেখ্য যে যোৱা ৫ জানুৱাৰীত গুৱাহাটীৰ ফাঁচিবজাৰৰ জাহাজঘাটত অনুষ্ঠিত বিশাল জনসভাৰে এই সন্মিলন আৰম্ভ হৈছিল।