আজিও ৰহস্য হৈ আছে এগৰাকী প্ৰবাসী অসমীয়া মহিলাৰ মৃত্যু। ৩ বছৰৰ আগতে কোনে হত্যা কৰিছিল ৰিণি কাকতিক?

ৰিণি কাকতিৰ পুত্ৰৰ বিস্ফোৰক অভিযোগ আজিৰ পৰা ৩ বছৰৰ আগতে ৰহস্যজনকভাবে মৃত্যু হৈছিল প্ৰবাসী অসমীয়া মহিলা ৰিণি কাকতিৰ। ২০২০ চনৰ ২৭ ডিচেম্বৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰিছিল নিষ্ঠাবান সমাজকৰ্মী তথা সৰবৰহী মহিলা ৰিণি কাকতিয়ে।

অভিযোগ অনুসৰি মেঘালয়ৰ বাৰ্নিহাটৰ পৰা মহানগৰীৰ ব্লুমুন গেষ্ট হাউচলৈ উভতি আহোঁতে যোৰাবাটত ডিঙি চেপি হত্যা কৰা হয় ৰিণি কাকতিক। কেয়াৰটেকাৰ কনক ৰাজবংশী আৰু চালক প্ৰশান্ত গগৈৰ সৈতে কাকতিক ততাতৈয়াকৈ জি এম চি এইচলৈ লৈ যোৱা হয় আৰু তাতেই চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

দীৰ্ঘদিন ধৰি পুত্ৰৰ সৈতে লণ্ডনত বাস কৰা ৰিণি কাকতি আছিল এগৰাকী সমাজকৰ্মী। বিদেশত অসমীয়া ভাষা-সংস্কৃতি প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত উল্লেখনীয় বৰঙণি আগবঢ়াইছিল এইগৰাকী প্ৰবাসী অসমীয়াই। ভিক্টোৰিয়া আৰু এলবাৰ্ট সংগ্ৰহালয়ত বৃন্দাবনী বস্ত্ৰৰ চিনাক্তকৰণত বিশেষ অৰিহণা যোগাইছিল তেওঁ। তদুপৰি লণ্ডনৰ নেহৰু চেণ্টাৰত ড° ভূপেন হাজৰিকাৰ প্ৰতিকৃতি উন্মোচন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল এইগৰাকী মহিলাই। উল্লেখযোগ্য যে লেবাৰ পাৰ্টিৰ এগৰাকী কৰ্মী ৰিণি কাকতিক ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ছ’চাইটিয়ে প্ৰদান কৰিছিল সন্মানীয় ‘গ্ল’ৰী অৱ ইণ্ডিয়া বঁটা’।

 

লকডাউনৰ সময়ত লণ্ডনৰ পৰা গুৱাহাটীলৈ ঘূৰি আহি দিছপুৰৰ জাকিৰ হুছেইন ৰোডত বাস কৰিছিল ৰিণি কাকতিয়ে। গুৱাহাটীত নিজৰ ঘৰ-মাটি থকাৰ পিছতো নিজৰ ঘৰত বাস কৰিব পৰা নাছিল ৰিণি কাকতিয়ে। কিয়নো তেওঁৰ ঘৰ-মাটি অবৈধভাবে দখল কৰি ৰাখিছিল নবাব মিৰাজ আহমেদ আৰু এজন ৰাজনৈতিক নেতাই কনক ৰাজবংশী নামৰ ব্যক্তিৰ সহায়ত ভূৱা কাগজ উলিয়াই দখল কৰিছিল কাকতিৰ সম্পত্তি।
পুত্ৰ মানৱ কাকতিয়ে এই প্ৰৱঞ্চনা আৰু ৰিণি কাকতিৰ মৃত্যু সম্পৰ্কে সম্পৰ্কে দিছপুৰ থানাত গোচৰ দাখিল কৰাৰ পিছতে দিছপুৰ আৰক্ষীয়ে কাকতিৰ হত্যাকাণ্ডৰ সৈতে জড়িত কনক ৰাজবংশী, প্ৰশান্ত গগৈ, আৰু ভূমি দখলকাৰীকো জেৰা কৰে। আৰক্ষীক গোচৰ দিয়াৰ পিছতো পৰৱৰ্তী সময়ত ভূমি মাফিয়াই ৰিণি কাকতিৰ সম্পত্তি পুনৰ দখল কৰে। পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপত হে মাফিয়াৰ কবলৰ পৰা মুক্ত হয় ৰিণি কাকতিৰ দখলীকৃত মাটি।