ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ সংহাৰ; মৃতকৰ সংখ্যাই অতিক্ৰম কৰিলে শতকৰ ঘৰ

JE-570x320

ফাইল ফটো

ৰাজ্যখনৰ বানপানীৰ প্ৰলয়ৰ মাজতে জাপানীজ এনকেফেলাইটিছত মৃত্যু হোৱা লোকৰ সংখ্যা এশ অতিক্ৰম কৰিলে। শুকুৰবাৰে জাপানীজ এনকেফেলাইটিছত মৃত্যু হোৱা লোকৰ সংখ্যা ১০১ টা স্পৰ্শ কৰে।

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ দৈনিক প্ৰতিবেদন অনুসৰি শুকুৰবাৰে আৰু চাৰিজন লোকৰ মৃত্যু কথা উল্লেখ কৰিছে। যোৱা এপ্ৰিল মাহৰ পৰা ৪৩৯ টা জাপানীজ এনকেফেলাইটিছৰ ঘটনাকে ধৰি মুঠ ১,৫৬৯ টা প্ৰবল এনকেফেলাইটিছ লক্ষণৰ ঘটনা দেখা গৈছে।

হিন্দুস্তান টাইমছত প্ৰকাশিত বাতৰি অনুসৰি, ৰাজ্যৰ স্বাস্থ্য বিভাগে বানপানী আক্ৰান্ত অঞ্চলসমূহত জাপানীজ এনকেফেলাইটিছ বিয়পি পৰাটো ৰোধ কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।

যোৱা বছৰ ৰাজ্যখনত জাপানীজ এনকেফেলাইটিছৰ ৫০৯ টা ঘটনা ধৰা পৰিছিল আৰু ৯৪ জন লোকৰ এই ৰোগত মৃত্যু হৈছিল।

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ তথ্য অনুসৰি, কামৰূপ (গ্ৰাম্য) জিলাত গুৱাহাটীৰ সমীপৱৰ্তী অঞ্চলত ৰাজ্যখনৰ ভিতৰত সৰ্বাধিক ১১ জন লোকৰ জাপানীজ এনকেফেলাইটিছত মৃত্যু হৈছে। সেইদৰে লখিমপুৰ জিলাত ৰাজ্যৰ ভিতৰত সৰ্বাধিক ৩৭ টা জাপানীজ এনকেফেলাইটিছৰ ঘটনা ধৰা পৰিছে।

ৰাজ্যখনত বানৰ সংহাৰৰ ফলত লক্ষাধিক লোক আশ্ৰয় শিৱিৰত কটাবলগীয়া হৈছে। বৃহৎ সংখ্যক বানাক্ৰান্ত লোকে ওখ ঠাইত গাহৰিকে ধৰি তেওঁলোকৰ পোহনীয়া জন্তুৰ সৈতে আশ্ৰয় লৈছে। গাহৰিয়ে জাপানীজ এনকেফেলাইটিছৰ ভাইৰাছ বহন কৰাৰ সম্ভাৱনা বেছি। অৱশ্যে, বানে মহৰ উৎপত্তি স্থলসমূহ ধুই নিয়াৰ বাবে ৰোগটোৰ সংক্ৰমণৰ সুযোগ হ্ৰাস পাইছে।

সি যি কি নহওক, ৰাজ্যখনত এপিনে বানৰ সংহাৰ আৰু আনপিনে জাপানীজ এনকেফেলাইটিছৰ আতংকই ৰাজ্যখনৰ জনসাধাৰণক সকলো সময়তে উদ্বিগ্ন কৰি ৰাখিছে।