NORTHEAST NOW (Assamese)

শিৱসাগৰ জিলাৰ উন্নয়নমূলক কামকাজৰ খতিয়ান ব্যক্ত কৰে উপায়ুক্তই

November 4, 2018 7:38 am · পাৰ্শ্বজ্যোতি গগৈ
৩ নৱেম্বৰত শিৱসাগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই এক সংবাদমেলৰ জৰিয়তে জিলাখনত ২০১৭-১৮ বৰ্ষৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা ৰূপায়িত বিভিন্ন উন্নয়নমূলক আঁচনিৰ কামকাজৰ খাতিয়ান দাঙি ধৰে।
জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ চ্যুকাফা ভৱনৰ সভাকক্ষত অনুষ্ঠিত সংবাদমেলত উপায়ুক্ত পল্লৱ গোপাল ঝাই সমগ্ৰ ৰাজ্যৰ ভিতৰত স্বচ্ছ ভাৰত মিছন অভিযানত শিৱসাগৰে শ্ৰেষ্ঠতা অৰ্জন কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰে।
তাৰোপৰি শিৱসাগৰ জিলাৰ ৫১৮ খন গাঁৱৰ ২৫৬৮৬ টা বাসগৃহত বিজ্ঞানসন্মত ভাৱে শৌচাগাৰ নিৰ্মাণ কৰাৰ পাছত শিৱসাগৰ জিলাই মুকলি মলত্যাগ মুক্ত জিলা হিচাপে স্বীকৃতি লাভ কৰিছে। ২০১৭ চনৰ গুণোৎসৱত শিৱসাগৰ জিলা শ্ৰেষ্ঠ হৈছিল।  চলিত বৰ্ষতো শিৱসাগৰ জিলাই সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হ’ব বুলি উপায়ুক্ত গৰাকীয়ে ব্যক্ত কৰে।
তেওঁ কয় জিলাখনৰ কৃষি উন্নয়নৰ ক্ষেত্ৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ এন এফ এচ এম আঁচনিৰ অন্তৰ্গত ২০১৬ ৰ পৰা চলিত বৰ্ষলৈকে ২৫ টা আঁচনিৰ জৰিয়তে ৩৬৫৪.৩ হেক্টৰ ভূমি সামৰি লোৱা হৈছে। কৃষাণ নীতি আঁচনিৰ অন্তৰ্গত ৮৫৬৫ হেক্টৰ ভূমি, আৰ কে ভি ৱাই আঁচনিৰ অধীনত ৭৪৫৩.০৩ হেক্টৰ ভূমি, এন এম অ অ পি আঁচনিৰ অধীনত ৩০৩ হেক্টৰ ভূমি সামৰি লৈ কৃষিখণ্ডত শিৱসাগৰ জিলাই সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে।
ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ অন্তৰ্গত খেল ইণ্ডিয়া আঁচনিৰ অধীনত বিভিন্ন ক্ৰীড়া শিতানলৈ ১,৬৩,২২৬ টকাৰ আবণ্টন দিয়াৰ উপৰিও মুখ্য মন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন আঁচনিৰ অধীনত শিৱসাগৰ, নাজিৰা, ডিমৌ, গৌৰীসাগৰ আৰু আমগুৰিত খেল পথাৰ উন্নয়নৰ বাবে ২০ লাখ টকা আগবঢ়োৱা হৈছে।
তাৰোপৰি উপায়ুক্তগৰাকীয়ে অন্যান্য বিভাগৰ কামকাজৰ খতিয়ান দাঙি ধৰে। জিলা উন্নয়ন আয়ুক্ত নবাব আল আজহাৰ আলীয়ে আঁত ধৰা সংবাদমেলখনত নৱনিযুক্ত  জিলা তথ্য আৰু জনসংযোগ বিষয়া চৈয়দা হাচনাহানা উপস্থিত থাকে।

Related News