• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘গৰখীয়া’: হেৰাই যোৱাৰ পথত গ্ৰাম্য জীৱনৰ এটা চিনাকি চৰিত্ৰ

NE NOW NEWS নীলমণি শৰ্মা
কৃষ্ণাই , November 4, 2018 7:35 am

2 min read

IMG_20181030_082535

ভেলাখামাৰ গাৱঁৰ গৰখীয়া হিমা চৰন নাথে ৰ’দ, বৰষুণ নেওচি এনেদৰে গৰু ৰখীয়াৰ কাম কৰি গৈছে। ফটো : নীলমণি শৰ্মা

541
VIEWS
Share on FacebookShare on Twitter

অসমীয়া সমাজ জীৱনৰ লগত ওত:প্ৰোতভাবে জড়িত গৰখীয়াসকল৷ ৰ’দ-বৰষুণ তথা ধুমুহাক নেওচি কাম কৰি যোৱা এই গৰখীয়া সকলক বাদ দি যেন অসমীয়া সমাজ জীৱনৰ কথা ভাবিবই নোৱাৰি৷ অসমীয়া সমাজ জীৱনত বিশেষ স্থান দখল কৰি অহা গৰখীয়া সকলে গৰুৰখীয়া কামক জীৱন আৰু জীবিকাৰ একমাত্ৰ পথ হিচাপে লৈ আহিছে। গৰখীয়াসকলৰ নিজৰ গৰু নাথাকিলেও আনৰ গৰু চৰাই প্ৰতিদিনে গৃহস্থক কৃষি কৰ্মত সহায় কৰি আহিছে।

এই গৰখীয়া সকলৰ জীৱনলৈ কাহানিও নাহে দূৰ্গা পূজা অথবা ঈদ, বিহুৰ দৰে উৎসৱ-আনন্দ। পৰিয়ালটোক পোহপাল দিয়াৰ তাগিদাত বছৰটোৰ আটাইকেইটা দিন ব্যস্ত থাকে গৰু ৰখীয়াৰ কামত।

IMG_20181030_082511
ভেলাখামাৰ গাৱঁৰ গৰখীয়া হিমা চৰন নাথে ৰ’দ, বৰষুণ নেওচি এনেদৰে গৰু ৰখীয়াৰ কাম কৰি গৈছে। ফটো : নীলমণি শৰ্মা

ইপিনে,আধুনিক প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ লগে লগে গ্ৰাম্য অঞ্চলত অধিকাংশ খেতিয়কে ট্ৰেক্টৰ,পাৱাৰটিলাৰ আদি ব্যৱহাৰ কৰাত গৰুৰ সংখ্যাও দ্ৰুতগতিত কমি আহিছে ৷ তদুপৰি, বজাৰৰ আকাশংঘী মূল্যবৃদ্ধিয়ে এই দুখীয়া দৰিদ্ৰ সকলোক একপ্ৰকাৰ কোঙা কৰি তুলিছে।

অসমৰ গ্ৰাম্য জীৱনৰ লগত জড়িত এই গৰখীয়া সকলৰ খবৰ ল’বলৈ যেন কাৰোৰে আহৰি নাই। কৃষ্ণাইৰ কাষৰীয়া ভেলাখামাৰ গাৱঁৰ হিমা চৰন নাথে বিগত ৩০/৪০বছৰ ধৰি গৰু ৰখীয়াৰ কাম কৰি গৈছে যদিও  আজিলৈ কাৰোৰে পৰা কোনো সঁহাৰি নাপালে।

সীমাহীন দুখ যন্ত্ৰণাৰ মাজেৰে দিন অতিবাহিত কৰিছে হিমা চৰন নাথে। সততে দূখীয়াৰ চৰকাৰ বুলি জয়গান গোৱা সৰ্বানন্দ সোণোৱাল চৰকাৰৰ কোনো এখন আঁচনিয়ে ঢুকি পোৱা নাই গৰখীয়া সকলক।

গোটেই বছৰটোৱে গৰু ৰাখি গৃহস্থক সহায় কৰা এই গৰখীয়া সকলৰ কথা নাভাবে গৰুৰ মালিক সকলেও। আনকি সময়ে সময়ে বহু মালিকে গৰখীয়াক প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত কৰাৰ অলেখ উদাহৰণো আছে। সময় থাকোঁতে যদি এই গৰখীয়া সকলৰ কথাবোৰ চিন্তা নকৰে,তেন্তে অচিৰেই হেৰাই যাব গ্ৰাম্য জীৱনৰ এই চিনাকি চৰিত্ৰ ‘গৰখীয়া’৷ হয়তোবা সাধুকথাৰ পুথিতে আৱদ্ধ থাকিব গৰখীয়াৰ চৰিত্ৰ।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd