দেশৰ সৎ কৰদাতা সকলৰ সুবিধাৰ্থে কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ বোৰ্ডৰ ডি আই এন ছিষ্টেম মুকলি

nirmala-sitharaman-1568943450

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ।

কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ বোৰ্ড চমুকৈ চি বি ডি টিৰ ডকুমেণ্টেশ্যন আইডেণ্টিফিকেশ্যন নম্বৰ(ডি আই এন)ছিষ্টেম প্ৰথম দিনটোতে প্ৰায় ১৭,৫০০ ডি আই এনৰ সৈতে যোগাযোগ জেনেৰেশ্যনৰ মাধ্যমত আজিৰ পৰা কাৰ্য্যকৰী হৈছে।

কেন্দ্ৰীয় বিত্ত বিভাগে জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিত এই কথা প্ৰকাশ কৰা হৈছে।

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ নিৰ্দেশ অনুসৰি ডি আই এন ছিষ্টেম প্ৰস্তুত কৰা হৈছে আৰু এতিয়াৰে পৰা প্ৰতিটো চি বি ডি টি যোগাযোগত এটা ডকুমেণ্টেশ্যন আইডেণ্টিফিকেশ্যন নম্বৰ থকাটো বাধ্যতামূলক হ’ব।

‘‘আজিৰ পৰা আয়কৰ বিভাগৰ কম্পিউটাৰৰ পৰা প্ৰকাশিত ডি আই এন বিহীন যিকোনো জাননী, পত্ৰ, আদেশ অথবা যিকোনো ধৰণৰ যোগাযোগক অবৈধ বুলি গণ্য কৰা হ’ব আৰু আইন অনুসৰি ইয়াক কেতিয়াও জাৰি কৰা হোৱা নাছিল বুলি বিবেচনা কৰা হ’ব,’’ এইদৰে ৰাজহ সচিব ড০ অজয় ভূষণ পাণ্ডেয়ে কয়।

ডি আই এন ছিষ্টেমে কৰ বিভাগটোক অধিক স্বচ্ছতা আৰু দায়িত্বশীল কৰি তুলিব বুলিও সচিব গৰাকীয়ে উল্লেখ কৰে।

আজিৰ পৰা ডি আই এন থকা সকলো ধৰণৰ যোগাযোগ ই-ফিলিং পোৰ্টেলৰ মাধ্যমত নিৰীক্ষণ কৰিব পৰা হ’ব আৰু নিৰ্দিষ্ট ব্যতিক্ৰমী পৰিস্থিতিৰ বাহিৰে ডি আই এন নোহোৱা কোনোধৰণৰ ম্যেনুৱেল যোগাযোগ জাৰি কৰা নহ’ব বুলি পাণ্ডেয়ে জানিবলৈ দিয়ে।

আনহাতে, বিশেষ পৰিস্থিতিত ম্যেনুৱেল যোগাযোগ কৰিবলগীয়া হ’লেও এইক্ষেত্ৰত ডি আই এন নোহোৱাকৈ কৰা যোগাযোগ সন্দৰ্ভত বিশেষ ফৰ্মেটত তাৰিখৰ সৈতে কৰ বিভাগৰ মুখ্য নিৰ্দেশকৰ লিখিত অনুমতি ল’ব লাগিব।

উল্লেখিত নিৰ্দেশ অমান্য কৰা সকলো ধৰণৰ যোগাযোগক অবৈধ বুলি গণ্য কৰা হ’ব বুলিও কৰ বিভাগৰ পৰা প্ৰকাশ কৰা প্ৰেছ বিজ্ঞপ্তিটোত উল্লেখ কৰা হৈছে।

তদুপৰি, বিশেষ পৰিস্থিতিত ম্যেনুৱেল যোগাযোগ কৰিবলগীয়া হ’লেও ইয়াক ১৫ দিনৰ ভিতৰত নিৰ্দিষ্ট ছিষ্টেম পোৰ্টেলত আপলোড কৰিব লাগিব।

১৪.০৮.২০১৯ তাৰিখে ডি আই এন সম্পৰ্কীয় জাননী জাৰি কৰাৰ পূৰ্বৰ সকলো ধৰণৰ বাকী থকা যোগাযোগ কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ বোৰ্ডে চিনাক্ত কৰিব আৰু চলিত মাহৰ শেষলৈকে আই টি বি এত ইয়াক আপলোড কৰিব।

দেশৰ ন্যায়িক কৰদাতা সকলে যাতে শাস্তি ভোগ কৰিবলগীয়া নহয় আৰু তেওঁলোকক কৰ প্ৰদানৰ ক্ষেত্ৰত ভাল সুবিধা প্ৰদান কৰিব পৰা যায় তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশতে বিত্ত মন্ত্ৰ্যালয়ে এনে ফলপ্ৰসু সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে।