NORTHEAST NOW (Assamese)

কৃষ্ণাইত বাছ আস্থান নিৰ্মাণৰ বাবে দান দিয়া মাটি বৰ্তমান ব্যৱসায়ীৰ দখলত

September 27, 2018 6:29 pm · নীলমণি শৰ্মা
Updated: September 27, 2018 6:31 pm

গোৱালপাৰা জিলাৰ কৃষ্ণাইত আজিও গঢ়ি নুঠিল এটা স্থায়ী বাছ আস্থান। যাৰ পিৰপ্ৰেক্ষিতত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে গুৱাহাটী-গোৱালপাৰা-ধুবুৰী-মানকাচাৰ-মেঘালয় আদি দূৰণিবটীয়া যাত্ৰীবাহী বাছকে ধৰি সকলো ধৰণৰ যান-বাহন ৰখাৰ বাবে যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে।

উল্লেখযোগ্য যে কৃষ্ণাইত পূৰ্বতে স্থায়ী বেচৰকাৰী বাছ স্থান নাাছিল তেনে নহয়। বিগত ১৯৯৬ চনতে কৃষ্ণাইত সমাজ সংগঠক প্ৰণয় ৰয়কে ধৰি স্থানীয় কেইজন মান দূৰদৰ্শী যুৱকৰ অনুৰোধত প্ৰয়াত ফণীন্দ্ৰ নাথ বসুৱে কৃষ্ণাই বজাৰৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ এডৰা মাটি বাছ আস্থানৰ নামত দান দিছিল।

কিন্তু মন কৰিব লগীয়া যে প্ৰয়াত বসুৱে দান দিয়া মাটিত আজিলৈও গঢ় লৈ নুঠিল বাছ আস্থানৰ। ইয়াৰ বিপৰীতে এক বিশেষ দুষ্ট চক্ৰই আত্মসাৎ কৰাৰ বাবে উঠিপৰি লাগিছে।

এই সন্দৰ্ভত যুৱ সমাজ সংগঠক প্ৰণয় ৰয়ে অতি ক্ষোভেৰে কয় যে, ‘বিগত ১৯৯৬ চনতে এটা বাছস্থানৰ প্ৰয়োজনবোধ কৰি সেই সময়ৰ বিশিষ্ট ব্যৱসায়ী তথা জ্যেষ্ঠ নাগৰিক ফনীন্দ্ৰ নাথ বসুৰ লগত আলোচনাৰ অন্তত তেওঁ দান কৰা মাটিতে এটা বাছস্থান নিৰ্মাণৰ উদ্দেশ্যৰে এখন সমিতি বনোৱা হৈছিল।’

তাৰোপৰি ৰয়ে কয় যে ইয়াৰ পিছতে এই সন্দৰ্ভত সেই সময়ৰ জিলা উপায়ুক্তক কথাটো জনোৱা হ’ল। আৰু উপায়ুক্ত গৰাকীয়ে দান দিয়া মাটিখিনি চৰকাৰী খাচ কৰি দিয়াৰ পৰামৰ্শ দিলে। আৰু সেই মৰ্মে যাৱতীয় কামখিনি কৰি মাটিখিনি খাচ কৰা হয়।

প্ৰাপ্ত তথ্য মতে ইয়াৰ পৰৱৰ্তী সময়ত কৃষ্ণাই উন্নয়ণ খণ্ডই দিয়া তিনিলাখ টকাৰ অনুদানেৰে মাটিখিনিত মাটি পুৰোৱাৰ কাম কৰা হয়। ইয়াৰ পিছতে পুনৰ তিনি লাখ টকা অনুদানেৰে চৌহদৰ বেৰা নিৰ্মাণ কৰা হ’ল। আৰু ১৯৯৭ চনত আনুষ্ঠানিকভাৱে বাছ আস্থানটো শুভাৰম্ভ কৰা হ’ল।

তাৎপৰ্যপূৰ্ণ বিষয় যে বাছ আস্থানটোৰ শুভাৰম্ভণি কৰাৰ পিছতে একাংশৰ মাজত লাগিল খোৱা-কামোৰা।  ইখনৰ পিছত সিখন নতুন সমিতি বনোৱা হ’ল যদিও বাছ আস্থানটো স্থায়ী নহ’ল। বৰ্তমান বাছ আস্থানটোৰ অস্তিত্ব নোহোৱা কৰি মাটিখিনি পৰিমল সাহা নামৰ ব্যৱসায়ী এজনে ব্যক্তিগত গেৰেজত পৰিণত কৰাৰ অভিযোগ উঠিছে।

উত্থাপিত অভিযোগ অনুসৰি ইতিমধ্যে নিজ পচন্দৰ মানুহখিনিক লৈ পৰিমল সাহাই নতুনকৈ এখন পৰিচালনা সমিতি গঠন কৰি নিজে সভাপতিৰ আসন দখল কৰিছে। সেই ক্ষমতাৰ অপব্যৱহাৰ কৰি বাছ আস্থানৰ  প্ৰসাৱগাৰ, শৌচাগাৰ আদিকো ভাঙি পেলাইছে সাহাই।

উল্লেখযোগ্য যে পৰিমল সাহা বিজেপিৰ কৃষ্ণাই মণ্ডল কমিটীৰ সভাপতি ৷ ইফালে আস্থানৰ পিছফালে সাহাই নিজ ভূমিত যি বিল্ডিং নিৰ্মাণ কৰি আছে তালৈ যোৱা পথ বেলেগ যদিও তেওঁ আস্থানৰ মাটিকে পদূলি মুখ হিচাপে ব্যৱহাৰ কৰিছে।

ফলত একাংশ সচেতন মহল ক্ষোভিত হৈ পৰিছে। ইফালে প্ৰণৱ ৰয়ে প্ৰশাসনক শীৰ্ঘে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে দাবী জনায়। তেওঁ লগতে মাটিখিনিত স্থায়ী বাছ আস্থান আৰম্ভ কৰক নহ’লে মাটিখিনি প্ৰয়াক বসু পৰিয়ালক ওভোটাই দিয়াৰ দাবী জনায়। ৰয়ে এই সন্দৰ্ভত অতি ক্ষোভেৰে কয় যে, ‘প্ৰয়োজনত আইনী যুঁজ দিব লগা হ’লেও আমি পিছ হুহুকি নাহিম।’

Related News