শিলৰ কুৱেৰী আৰু শিল-বালি খননত পূব ছিয়াং প্ৰশাসনৰ নিষেধাজ্ঞা

a-board-says-extraction-of-sand-boulders-prohibited

প্ৰতিনিধিত্বমূলক ফটো

ছিয়াঙৰ খহনীয়াৰ পৰা জিলাখনক ৰক্ষা কৰিবৰ নিমিত্তে পূব ছিয়াং প্ৰশাসনে তৎকালীনভাৱে বলৱৎ হোৱাকৈ জিলাখনত থকা শিলৰ কুৱেৰীসমূহ বন্ধ কৰাৰ লগতে খনিজাতা দ্ৰব্য উদ্ঘাটন কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে।

জিলাখনত জধে-মধে শিলৰ কুৱেৰীসমূহ চলিথকা আৰু সৰু-সুৰা খনিজাত দ্ৰব্য উদ্ঘাটন কৰা বিষয়টো লৈ ৰাজহুৱা অভিযোগ অহাৰ পাছত ৰাজ্যিক খনি আৰু খনিজ দ্ৰব্য আৰু দুৰ্যোগ ব্যৱস্থাপনা সচিবে যোৱা ৪ নৱেম্বৰত উক্ত স্থানসমূহ প্ৰদৰ্শন কৰে আৰি প্ৰত্যক্ষ কৰে যে অনুজ্ঞাপত্ৰ থকা কুৱেৰীসমূহেও জিলাখনৰ অনুজ্ঞাপ্ৰাপ্ত আৰু জাননীকৃত কুৱেৰীসমূহৰ বাহিৰত জধে-মধে সৰু-সুৰা খনিজাত দ্ৰব্য যেনে বল্ডাৰ, শিল-বালি আদি  উদ্ঘাটন কৰি আছে।

আদেশ জাৰি কৰি জিলা উপায়ুক্ত তামিয়ো তাতাকে ব্যক্ত কৰে যে তিব্বতৰ উজনিত য়াৰ্লুং চাংপোত হোৱা ভূমিস্খলনৰ ফলস্বৰূপে ছিয়াঙৰ স্বাভাৱিক বাৰিষাৰ বানপানী আৰু ছিয়াঙৰ হঠাৎ বানপানীয়ে নদীৰ পাৰত খহনীয়া হোৱাটোৰ সম্ভাৱনা বঢ়াই তুলিছে।

উপায়ুক্তগৰাকীয়ে আৰু কয় যে অবৈধভাৱে শিল বালি, বল্ডাৰ আদি খনন কৰাৰ ফলত জিলাখনত ছিয়াঙৰ খহনীয়াই মানুহ আৰু মানুহৰ আৱাসভূমিলৈ ভাবুকি কঢ়িয়াই আনিছে।

উপায়ুক্তগৰাকীয়ে কয়, ‘’জিলাখনত বসবাসকাৰী লোকসকলৰ জীৱন আৰু সম্পত্তিৰ সঘন বানপানী আৰু খহনীয়াৰ পৰা ৰক্ষা কৰাৰ বৃহত্তৰ স্বাৰ্থক আগস্থান দি তৎকালীনভাৱে বলৱৎ হোৱাকৈ জিলাখনত অবৈধ খনন আৰু অবৈধ শিলৰ কুৱেৰীসমূহৰ ওপৰত নিশেধাজ্ঞা আৰোপ কৰা হৈছে।’’