• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম আন্দোলনৰ চহিদক লৈ দুই প্ৰাক্তন মুখ্য মন্ত্ৰীৰ বোকা ছটিওৱাৰ ৰাজনীতিত অসন্তুষ্ট চহিদ পৰিয়াল

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
February 20, 2019 7:05 am
Former Assam CM Prafulla Mahanta terms NRC as milestone

প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘অসম চুক্তি’ স্বাক্ষৰিত হোৱাৰ সূদীৰ্ঘ ৩৩ বছৰৰ পাছত ঐতিহাসিক অসম আন্দোলনত ৮৫৫জন অসমীয়াৰ মৃত্যুক লৈ এতিয়া ৰাজ্যত চলিছে ইজনে সিজনৰ গালৈ দায় ঠেলাৰ ৰাজনীতি। এই ৰাজনীতিত অসন্তুষ্ট জাতীয় চহিদ পৰিয়াল।

প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে ১৮ ফেব্ৰুৱাৰিত অসম আন্দোলনৰ ৮৫৫জন অসমীয়াই চহিদ হ’ব লগীয়া হোৱাৰ বাবে সদৌ অসম ছাত্ৰ সন্থা আৰু তেতিয়াৰ আছুৰ সভাপতি প্ৰফুল্ল কুমাৰ মহন্তক দোষাৰোপ কৰাৰ পিছৰ দিনটোত গগৈক উভতি ধৰিলে মহন্তই।

গুৱাহাটীৰ হোটেল ৰাজধানী ৰিজেন্সিত এখন সংবাদমেল অনুষ্ঠিত কৰি অসম আন্দোলনৰ নেতা তথা প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই গগৈৰ দাবী তথ্যভিত্তিক নহয় বুলি উল্লেখ কৰি কংগ্ৰেছকেই অসম আন্দোলনৰ ৮৫৫জন অসমীয়াৰ হত্যাকাৰী বুলি দাবী কৰে।

“তৰুণ গগৈয়ে ভিত্তি বছৰ সন্দৰ্ভত যি মন্তব্য আগ বঢ়াইছে ইয়াৰ কোনো সত্যতা নাই। যদি সত্যতা আছে সেয়া তথ্য সহকাৰে প্ৰচাৰ মাধ্যমৰ জৰিয়তে আগ বঢ়াওক”, তৰুণ গগৈলৈ মহন্তৰ প্ৰত্যাহ্বান।

তৰুণ গগৈয়ে বিভ্ৰান্তিকৰ তথ্য ৰাইজৰ মাজত প্ৰচাৰ কৰা বুলি মন্তব্য কৰি মহন্তই আগলৈ গগৈক এনে কথাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়।

উল্লেখ্য যে, কালি এখন সংবাদমেলত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে কৈছিল যে ১৯৮০ চনতে ইন্দিৰা গান্ধী অসমলৈ আহি আন্দোলনৰ নেতৃত্বক ১৯৭১ চনৰ ভিত্তি বছৰ মানি ল’বলৈ আহ্বান জনাইছিল, কিন্তু আন্দোলনৰ নেতৃত্বত থকা সকলে সেইটো গ্ৰহণ কৰা নাছিল। কিন্তু একেই ভিত্তি বছৰ ১৯৮৫ চনত মানি ল’লে।

১৯৮০ চনতে ইন্দিৰা গান্ধীৰ প্ৰস্তাৱ মানি লোৱা হ’লে ৮৫৫জন চহিদ হ’ব লগীয়া নহ’ল হেঁতেন বুলিও গগৈয়ে মন্তব্য কৰিছিল। তেওঁ প্ৰফুল্ল কুমাৰ মহন্ত আৰু আছুক আন্দোলনকাৰীসকলৰ মৃত্যুৰ বাবে দোষাৰোপ কৰিছিল।

ইয়াৰ পাছতেই আজি প্ৰফুল্ল কুমাৰ মহন্তই কয়, ‘৮৫৫জন আন্দোলনকাৰীক কংগ্ৰেছে বন্দুক-বাৰুদ আৰু টাঙোনেৰে হত্যা কৰিছিল। গতিকে কংগ্ৰেছ অসম আন্দোলনৰ চহিদসকলক হত্যা কৰা এক নম্বৰ দল।

তেওঁ অসমৰ তদানীন্তন মুখ্য মন্ত্ৰী হিতেশ্বৰ শইকীয়া আৰু কেন্দ্ৰীয় মন্ত্ৰী হিচাপে থকা তৰুণ গগৈকো এইক্ষেত্ৰত দোষাৰোপ কৰি তেওঁলোকে অসমৰ সমস্যাৰ সমাধান বিচৰা নাছিল আৰু তেওঁলোকে প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীকো সমস্যাটো সমাধানৰ বাবে অনুৰোধ জনোৱা নাছিল বুলি মন্তব্য কৰে।

১৯৭১ চনৰ ২৪ মাৰ্চ ভিত্তি বছৰ সৰ্বসন্মতিক্ৰমে মানি লোৱা হৈছিল বুলি দাবী কৰি কেৱল আছু আৰু তেওঁ নিজে একপক্ষীয় সিদ্ধান্ত লোৱা নাছিল বুলিও প্ৰফুল্ল কুমাৰ মহন্তই মন্তব্য কৰে।

ইপিনে অসম আন্দোলন আৰু চহিদসকলক কেন্দ্ৰ কৰি এই বিতৰ্কক লৈ অসন্তুষ্ট সদৌ অসম জাতীয় চহিদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদ। পৰিষদৰ সভাপতি ৰাজেন ডেকাই তৰুণ গগৈয়ে কোৱা কথা মুখে মুখেহে চলি আছে, সেয়া কোনো কাগজে-পত্ৰই নাই বুলি মন্তব্য কৰে।

‘১৯৫১ চন বাদেই দিলো, ১৯৭১ চন যিহেতু ভিত্তি বছৰ লোৱা হৈছিল তাৰ পাছত কংগ্ৰেছে কি কৰিলে? কংগ্ৰেছৰ এনে ধৰণৰ কথা কোৱাৰ অৰ্থই নাই। অসমৰ ৰাইজে চুক্তিখন মানি লৈছে, গতিকে চুক্তি মতে কাম কৰক। বোকা ছটিওৱা ৰাজনীতি কৰি লাভ নাই’, ৰাজেন ডেকাৰ মন্তব্য।

তৰুণ গগৈৰ মন্তব্য দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰি ডেকাই কংগ্ৰেছে ভোটৰ লালসাত এনে ধৰণৰ ৰাজনীতি কৰিব বিচাৰিছে বুলিও কয়।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

September 13, 2025 7:04 pm
প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

September 13, 2025 6:57 pm
লুৰীণজ্যোতি গগৈৰ প্ৰধানমন্ত্ৰীলৈ তিনিটা প্ৰশ্ন: এতিয়াও পূৰ্বৰ ১৭টা প্ৰশ্নৰ উত্তৰ অপেক্ষাত

লুৰীণজ্যোতি গগৈৰ প্ৰধানমন্ত্ৰীলৈ তিনিটা প্ৰশ্ন: এতিয়াও পূৰ্বৰ ১৭টা প্ৰশ্নৰ উত্তৰ অপেক্ষাত

September 13, 2025 6:13 pm
‘মোক ৯ বছৰ ঘূৰাই দিয়ক’- মুম্বাই ৰেল বিস্ফোৰণ গোচৰত দোষমুক্ত হোৱা যুৱকে দাবী কৰিলে ৯ কোটি টকাৰ ক্ষতিপূৰণ

‘মোক ৯ বছৰ ঘূৰাই দিয়ক’- মুম্বাই ৰেল বিস্ফোৰণ গোচৰত দোষমুক্ত হোৱা যুৱকে দাবী কৰিলে ৯ কোটি টকাৰ ক্ষতিপূৰণ

September 13, 2025 5:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

September 13, 2025 7:04 pm
প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

September 13, 2025 6:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd