NORTHEAST NOW (Assamese)

১৭ জানুৱাৰিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ব জোনবিল মেলা

January 14, 2019 9:35 am · এন ই নাও নিউজ

অহা ১৭ জানুৱাৰিৰৰ পৰা ১৯ জানুৱাৰিলৈকে তিনিদিনীয়া কাৰ্যসূচীৰে জাগীৰোডৰ ঐতিহাসিক জোনবিলৰ পাৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব গোভা দেওৰজাৰ পৰম্পৰাগত জোনবিল মেলা। পৰম্পৰা অনুসৰি মাঘ বিহুৰ প্ৰথমটো বৃহস্পতিবাৰৰ পৰা অনুষ্ঠিত হৈ আহিছে এই ঐতিহাসিক মেলা।

মেলাৰ প্ৰথম দিনা পতাকা উত্তোলন কৰিব গোভাৰ দীপসিং দেওৰজাই আৰু বন্তি প্ৰজ্বলন কৰিব মেলা সমিতিৰ সভাপতি সোণেশ্বৰ দলৈয়ে। দুপৰীয়া জোনবিলৰ পাৰত আয়োজিত প্ৰীতি ভোজত ৰজাৰ বিষয়াৰ লগতে অংশ ল’ব দীপসিং দেওৰজাই।

প্ৰতিবাৰৰ দৰে এইবাৰো জোনবিল মেলাত দেখিবলৈ পোৱা যাব পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ এনাজৰী। লগতে দেখা যাব পাহাৰ-ভৈয়ামৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষিজীৱী লোকসকলৰ মাজত যাউতিযুগীয়া সমন্বয়ৰ চানেকি বহন কৰা বিনিময় প্ৰথাৰ হাট।

আনহাতে মেলাৰ দ্বিতীয় দিনা পুৱা ৫ বজাত মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে বিনিময় প্ৰথাৰ হাট উদ্বোধন কৰিব। পুৱা ৯ বজাত জোনবিলত অনুষ্ঠিত হ’ব সমূহীয়া মাছ মৰা পৰ্ব। একেদিনাই দুপৰীয়া অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক কাৰ্যসূচী মুকলি কৰিব জাগীৰোডৰ বিধায়ক তথা মন্ত্ৰী পীয়ুষ হাজৰিকাই। মেলা উপলক্ষে প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ উন্মোচন কৰিব মৰিগাঁৱৰ উপায়ুক্ত ঋতুৰাজ বৰাই।

তৃতীয় দিনা অনুষ্ঠিত হ’ব লগীয়া পৰম্পৰাগত তিৱা ৰজাসকলৰ ৰাজদৰবাৰত উপস্থিত থাকিব মুখ্য মন্ত্ৰী সোণোৱাল। লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

Related News