Water Crisis Impact তীব্ৰ জল সংকটৰ আশংকা! এটি বিজ্ঞাপন প্ৰকাশৰ পিছতে হাহাকাৰ বাক্সাৰ বৃহত্তৰ আঙৰকাটাবাসীৰ

নতুনকৈ শিল-বালিৰ মহলৰ বাবে দিয়া বিজ্ঞাপনত জাঙুৰ খাই উঠিছে ৰাইজ, তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ

Baksa news

ফটো: নৰ্থইষ্ট নাও।

Water Crisis Impact ভাৰত-ভূটান আন্ত:ৰাষ্ট্ৰীয় ঘাইপথত কালা নদীৰ ওপৰত থকা পকী দলঙৰ প্ৰতি নামি আহিছে চৰম ভাবুকি। যিকোনো মুহূৰ্তত দলংখন ভাঙি পৰাৰ আশংকা ৰাইজৰ। ফলত বন্ধ হৈ যাব পাৰে আন্ত:ৰাষ্ট্ৰীয় ব্যৱসায়-বাণিজ্য। তদুপৰি, তীব্ৰ জল সংকটত পৰাৰ আশংকা কুৰিখনৰো অধিক গাঁৱৰ ৰাইজৰ। এতিয়া দুশ্চিন্তাত পৰিছে বৃহত্তৰ আঙৰকাটাবাসী ৰাইজ।

ভুটানৰ পৰা বৈ অহা কালা নৈৰ দলংখনৰ দক্ষিণ দিশে আছে দুটাকৈ শিল বালিৰ মহল। নতুনকৈ আৰু এটা মহল দিয়াৰ বাবে বাতৰি কাকতত চৰকাৰী বিজ্ঞাপন প্ৰকাশৰ পিছতে হাহাকাৰ লাগিছে ২০ খনৰো অধিক গাঁওৰ কৃষক ৰাইজৰ।

বিটিচি প্ৰশাসনে তৃতীয়টো মহল স্থাপনৰ ব্যৱস্থা লোৱাৰ খবৰ ৰাজহুৱা হোৱাৰ পিছতে চিন্তিত হৈ পৰিছে আঙৰকাটা গাঁওৰ ৰাইজৰ লগতে কেইবাখনো গাঁওৰ ৰাইজ।

Also Read: উগ্ৰপন্থী সংগঠনত যোগদান কৰিবলৈ গৈ নাগালেণ্ডত আটক টীয়কৰ যুৱক; হতাশ পিতৃ-মাতৃ

সোমবাৰে নৈৰ বুকুলৈ ওলাই আহে শংকিত হোৱা শ শ কৃষক। কালানদীৰ বুকুৰ পৰা নলা খান্দি প্ৰতি বছৰে খেতি পথাৰলৈ পানী নিয়ে এই কৃষক ৰাইজে।

বিগত সময়ত নদীত যধে মধে খনন কাৰ্য্য চলাই যোৱাৰ বাবে নৈৰ জলপৃষ্ঠ নিম্নগামী হোৱাত পথাৰত পানী নিয়াত সমস্যাৰ সন্মুখীন হৈছে কৃষক ৰাইজ। সেইদৰে, দোং সমূহৰ পানী শুকাই যোৱা দেখা গৈছে।

দক্ষিণ দিশত নদীত খনন অধিক হোৱাৰ বাবে নৈৰ পানীৰ প্ৰবল সোঁতে দলংখনৰ খুটাৰ গুৰিৰ মাটি ধুই নিয়াত খুঁটাৰ গুৰি উদং হৈ দলংখনলৈও নামি আহিছে ভাবুকি।

Also Read: Crime in the City পুনৰ মহানগৰীত ৰহস্যজনক হত্যাকাণ্ড! ঘৰৰ ভিতৰতে হানি খুচি হত্যা কৰাৰ সন্দেহ এজন লোকক

দুটাকৈ মহল থকাৰ পিছত নতুনকৈ আন এটা মহল স্থাপন কৰিলে কৃষক ৰাইজে তীব্ৰ জল সংকটত ভোগাতো নিশ্চিত বুলি দাবী কৰিছে স্থানীয় ৰাইজে। লগতে দলংখনো ভাঙি যোৱাৰ সম্ভৱনা প্ৰকট বুলি ব্যক্ত কৰিছে।

ইপিনে, চৰকাৰী পক্ষক এই কথা বাৰম্বাৰ জনোৱাৰ পিছতো ৰাইজে পোৱা নাই কোনো সুফল।কৃষক ৰাইজৰ কথা মানি নল’লে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ বাবে সাজু হব বুলিও মন্তব্য কৰে অঞ্চলবাসী ৰাইজে।

Also Read:Covid Update ৰাজ্যত ২৪ ঘন্টাত কিমান আক্ৰান্ত হ’ল কোভিডত; কিমানৰ মৃত্যু?

যি সময়ত কৃষকসকলৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বিভিন্ন অভিলাষী আঁচনি গ্ৰহণ কৰিছে তেনে সময়ত কৃষক ৰাইজক মাধমাৰ শোধাই ৰাজহ সংগ্ৰহত নামি কি প্ৰমাণ কৰিব খুজিছে এয়া চিন্তনীয় বিষয়।

এই  ক্ষেত্ৰত বিহিত ব্যৱস্থা লোৱাৰ বাবে বিটিচি প্ৰধান প্ৰমোদ বড়ো আৰু প্ৰশাসনক অনুৰোধ জনাইছে অঞ্চলটোৰ ৰাইজে।