• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাঘ প্ৰতিৰোধী গোহালি নিৰ্মাণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে বৰজুৰি বস্তিৰ কৃষকে

গোহালিৰ গোমুত্ৰ-গোৱৰ ব্যৱহাৰ কৰি উৎপাদন কৰিছে ফচল

উত্তম শইকীয়া by উত্তম শইকীয়া
June 17, 2021 8:11 am
Borjuri bosti

ফটো: নর্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা এখন গাওঁ ৷ অতীজৰে পৰাই বন্যপ্ৰাণীৰ সৈতে বসবাস কৰি আহিছে গাওঁবাসীয়ে ৷

ৰাষ্ট্ৰীয় উদ্যানৰ পৰা অহা হাতী, ম’হ,পহু, গাহৰি, গড়ঁ আদিয়ে গাওঁবাসীৰ শস্য নষ্ট কৰাৰ উপৰিও ৰাষ্ট্ৰীয় উদ্যানৰ ঢেকীয়াপতীয়া বাঘে বধ কৰিছিল গাওঁবাসীৰ পশুধন৷

তথাপিও বন্যপ্ৰাণীৰ প্ৰতি কোনো ক্ষোভ নাই গাওঁবাসীৰ ৷ বিভিন্ন কৌশলেৰে শস্য সুৰক্ষা কৰি কৃষিকাৰ্য কৰি আহিছে গাওঁখনৰ কৃষকে ৷

গাওঁখনৰ নাম বৰজুৰি বস্তি ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ গাতে লাগি আছে গাওঁখন ৷ ৰাষ্ট্ৰীয় উদ্যানৰ তৃতীয় সংযোজনৰ সীমাও চুই গৈছে গাওঁখনৰ সীমাই ৷

ক’ভিড সংক্ৰমণৰ বিশ্ব ত্ৰাসৰ মাজতেই এইখন গাওঁত গাওঁৰ বাসিন্দাই নীৰৱেই কৰি গৈছে কেতবোৰ উল্লেখনীয় কাম ৷

শেষতীয়াকৈ বাঘৰ হাতৰ পৰা পশুধনক ৰক্ষা কৰিবলৈ বিশেষ ধৰণৰ গোহালি নিৰ্মান কৰিছে গাওঁ বাসীয়ে ৷ গাওঁবাসীৰ এই কাৰ্যত সহায় কৰিবলৈ আগবাঢ়ি আহিছে বিশ্বৰ আগশাৰীৰ প্ৰকৃতি সংগঠন বিশ্ব প্ৰকৃতি নিধি বা ডাব্লিউ ডাব্লিউ এফ ৷

ঢেকীয়াপতীয়া বাঘৰ আক্ৰমণৰ পৰা পশুধনক বচাবৰ বাবে গাওঁবাসীয়ে অতি শক্তিশালী আৰু প্ৰতিৰোধী বেৰাৰে নিৰ্মাণ কৰিছে গোহালীবোৰ ৷

গোহালীৰ চৌকাষে নিৰ্মাণ কৰিছে নলা ৷ এই নলাৰে গোহালীত উৎপন্ন হোৱা গোমুত্ৰ আৰু গোৱৰ পৃথকে পৃথকে সংগ্ৰহ কৰি কৃষি কাৰ্যত ব্যৱহাৰ কৰি প্ৰভুত লাভৱান হৈছে বৰজুৰি বস্তিৰ গাওঁবাসী ৷

“অকল শস্যৰ উৎপাদন বৃদ্ধিয়েই নহয়, শস্যৰ পথাৰত কীটনাশক হিচাবেও আমি গোমুত্ৰক ব্যৱহাৰ কৰি উপকৃত হৈছো” বুলি জনায় গাওঁৰ কৃষক ভৱকান্ত হাজৰিকাই ৷

‘’আমি ধন্যবাদ জনাইছো বিশ্ব প্ৰকৃতি নিধিক আমাক সহায় কৰাৰ বাবে ৷ পথাৰৰ শস্য নষ্ট হোৱাতকৈ পশুধন হেৰুৱা কাৰ্য আমাৰ বাবে এক জটিল সমস্যা হৈ আছিল ৷ এতিয়া এই নতুন গোহালীবোৰে আমাৰ পশুধনৰ সুৰক্ষা দিয়াৰ লগতে শস্যৰো উৎপাদন বৃদ্ধিত সহায় কৰিছে,’’-হাজৰিকাই কয়।

গোহালীৰ পৰা সংগৃহীত গোমুত্ৰ আৰু গোৱৰ ব্যৱহাৰ কৰি জৈৱিকভাৱে বৰজুৰি বস্তিৰ গাওঁবাসীয়ে ৰঙালাওঁ, ভেণ্ডি, বেঙেনা, বিলাহীৰ খেতি কৰি আৰ্থিক ভাৱেও লাভৱান হৈছে ৷ বজাৰত বিক্ৰী কৰিছে জৈৱিক পাচলি ৷

এই ক্ষেত্ৰত বোকাখাত মহকুমা কৃষি বিভাগৰ সহযোগিতাও সোঁৱৰিছে গাওঁবাসীয়ে ৷ পথাৰৰ শস্য ৰক্ষাৰ বাবে টঙীঘৰ নিৰ্মাণ আৰু টৰ্চ লাইট গাওঁবাসীক সহায় কৰিছে কৰবেট ফাউণ্ডেচন নামৰ অন্য এক সংগঠনে ৷

বিশ্ব প্ৰকৃতি নিধিৰ সহযোগত বৰজুৰি বস্তিৰ গাওঁবাসীয়ে বাঘৰ পৰা সুৰক্ষা দিব পৰা  ভালেমান গোহালি নিৰ্মাণ কৰিছে ৷

‘’ঢেকীয়াপতীয়া বাঘ সংৰক্ষণৰ আঁচনিৰেই আমি বৰজুৰি বস্তিলৈ গৈছিলো। এসময়ত বাঘৰ হাতত এই অঞ্চলত বহু সংখ্যক পশুধনৰ মৃত্যু হৈছিল ৷ কিছু পৰিমানে যেন ক্ষোভিত হৈছিল গাওঁবাসী ৷ আমি বাঘে যাতে গোহালীৰ গৰু নিৱ নোৱাৰে তাৰবাবে সুপৰিকল্পিত আৰু বাঘ প্ৰতিৰোধী গোহালি নিৰ্মাণৰ পৰামৰ্শ দিছিলো ৷ সেইয়া আছিল আৰম্ভণি ৷ সেই আৰম্ভণিকেই গাওঁবাসীয়ে এক বহুমুখী আৰু কৃষি উপযোগী প্ৰকল্প হিচাবে গঢ়ি তুলিছে,’’-এইদৰে জনায় বিশ্ব প্ৰকৃতি নিধিৰ জ্যেষ্ঠ সমন্বয়ক ড০ প্ৰনৱ জ্যোতি বৰাই ৷

ক’ভিড ত্ৰাসৰ মাজত গাওঁৰ কৃষকৰ এই কাৰ্যৰ বাবেই বৰজুৰি বস্তি এতিয়া কৃষকৰ বাবে অনুকৰণীয় হৈ পৰিছে  ৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd