• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাঘ প্ৰতিৰোধী গোহালি নিৰ্মাণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে বৰজুৰি বস্তিৰ কৃষকে

গোহালিৰ গোমুত্ৰ-গোৱৰ ব্যৱহাৰ কৰি উৎপাদন কৰিছে ফচল

উত্তম শইকীয়া by উত্তম শইকীয়া
June 17, 2021 8:11 am
Borjuri bosti

ফটো: নর্থইষ্ট নাও।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা এখন গাওঁ ৷ অতীজৰে পৰাই বন্যপ্ৰাণীৰ সৈতে বসবাস কৰি আহিছে গাওঁবাসীয়ে ৷

ৰাষ্ট্ৰীয় উদ্যানৰ পৰা অহা হাতী, ম’হ,পহু, গাহৰি, গড়ঁ আদিয়ে গাওঁবাসীৰ শস্য নষ্ট কৰাৰ উপৰিও ৰাষ্ট্ৰীয় উদ্যানৰ ঢেকীয়াপতীয়া বাঘে বধ কৰিছিল গাওঁবাসীৰ পশুধন৷

Apply Now

তথাপিও বন্যপ্ৰাণীৰ প্ৰতি কোনো ক্ষোভ নাই গাওঁবাসীৰ ৷ বিভিন্ন কৌশলেৰে শস্য সুৰক্ষা কৰি কৃষিকাৰ্য কৰি আহিছে গাওঁখনৰ কৃষকে ৷

গাওঁখনৰ নাম বৰজুৰি বস্তি ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ গাতে লাগি আছে গাওঁখন ৷ ৰাষ্ট্ৰীয় উদ্যানৰ তৃতীয় সংযোজনৰ সীমাও চুই গৈছে গাওঁখনৰ সীমাই ৷

ক’ভিড সংক্ৰমণৰ বিশ্ব ত্ৰাসৰ মাজতেই এইখন গাওঁত গাওঁৰ বাসিন্দাই নীৰৱেই কৰি গৈছে কেতবোৰ উল্লেখনীয় কাম ৷

শেষতীয়াকৈ বাঘৰ হাতৰ পৰা পশুধনক ৰক্ষা কৰিবলৈ বিশেষ ধৰণৰ গোহালি নিৰ্মান কৰিছে গাওঁ বাসীয়ে ৷ গাওঁবাসীৰ এই কাৰ্যত সহায় কৰিবলৈ আগবাঢ়ি আহিছে বিশ্বৰ আগশাৰীৰ প্ৰকৃতি সংগঠন বিশ্ব প্ৰকৃতি নিধি বা ডাব্লিউ ডাব্লিউ এফ ৷

ঢেকীয়াপতীয়া বাঘৰ আক্ৰমণৰ পৰা পশুধনক বচাবৰ বাবে গাওঁবাসীয়ে অতি শক্তিশালী আৰু প্ৰতিৰোধী বেৰাৰে নিৰ্মাণ কৰিছে গোহালীবোৰ ৷

গোহালীৰ চৌকাষে নিৰ্মাণ কৰিছে নলা ৷ এই নলাৰে গোহালীত উৎপন্ন হোৱা গোমুত্ৰ আৰু গোৱৰ পৃথকে পৃথকে সংগ্ৰহ কৰি কৃষি কাৰ্যত ব্যৱহাৰ কৰি প্ৰভুত লাভৱান হৈছে বৰজুৰি বস্তিৰ গাওঁবাসী ৷

“অকল শস্যৰ উৎপাদন বৃদ্ধিয়েই নহয়, শস্যৰ পথাৰত কীটনাশক হিচাবেও আমি গোমুত্ৰক ব্যৱহাৰ কৰি উপকৃত হৈছো” বুলি জনায় গাওঁৰ কৃষক ভৱকান্ত হাজৰিকাই ৷

‘’আমি ধন্যবাদ জনাইছো বিশ্ব প্ৰকৃতি নিধিক আমাক সহায় কৰাৰ বাবে ৷ পথাৰৰ শস্য নষ্ট হোৱাতকৈ পশুধন হেৰুৱা কাৰ্য আমাৰ বাবে এক জটিল সমস্যা হৈ আছিল ৷ এতিয়া এই নতুন গোহালীবোৰে আমাৰ পশুধনৰ সুৰক্ষা দিয়াৰ লগতে শস্যৰো উৎপাদন বৃদ্ধিত সহায় কৰিছে,’’-হাজৰিকাই কয়।

গোহালীৰ পৰা সংগৃহীত গোমুত্ৰ আৰু গোৱৰ ব্যৱহাৰ কৰি জৈৱিকভাৱে বৰজুৰি বস্তিৰ গাওঁবাসীয়ে ৰঙালাওঁ, ভেণ্ডি, বেঙেনা, বিলাহীৰ খেতি কৰি আৰ্থিক ভাৱেও লাভৱান হৈছে ৷ বজাৰত বিক্ৰী কৰিছে জৈৱিক পাচলি ৷

এই ক্ষেত্ৰত বোকাখাত মহকুমা কৃষি বিভাগৰ সহযোগিতাও সোঁৱৰিছে গাওঁবাসীয়ে ৷ পথাৰৰ শস্য ৰক্ষাৰ বাবে টঙীঘৰ নিৰ্মাণ আৰু টৰ্চ লাইট গাওঁবাসীক সহায় কৰিছে কৰবেট ফাউণ্ডেচন নামৰ অন্য এক সংগঠনে ৷

বিশ্ব প্ৰকৃতি নিধিৰ সহযোগত বৰজুৰি বস্তিৰ গাওঁবাসীয়ে বাঘৰ পৰা সুৰক্ষা দিব পৰা  ভালেমান গোহালি নিৰ্মাণ কৰিছে ৷

‘’ঢেকীয়াপতীয়া বাঘ সংৰক্ষণৰ আঁচনিৰেই আমি বৰজুৰি বস্তিলৈ গৈছিলো। এসময়ত বাঘৰ হাতত এই অঞ্চলত বহু সংখ্যক পশুধনৰ মৃত্যু হৈছিল ৷ কিছু পৰিমানে যেন ক্ষোভিত হৈছিল গাওঁবাসী ৷ আমি বাঘে যাতে গোহালীৰ গৰু নিৱ নোৱাৰে তাৰবাবে সুপৰিকল্পিত আৰু বাঘ প্ৰতিৰোধী গোহালি নিৰ্মাণৰ পৰামৰ্শ দিছিলো ৷ সেইয়া আছিল আৰম্ভণি ৷ সেই আৰম্ভণিকেই গাওঁবাসীয়ে এক বহুমুখী আৰু কৃষি উপযোগী প্ৰকল্প হিচাবে গঢ়ি তুলিছে,’’-এইদৰে জনায় বিশ্ব প্ৰকৃতি নিধিৰ জ্যেষ্ঠ সমন্বয়ক ড০ প্ৰনৱ জ্যোতি বৰাই ৷

ক’ভিড ত্ৰাসৰ মাজত গাওঁৰ কৃষকৰ এই কাৰ্যৰ বাবেই বৰজুৰি বস্তি এতিয়া কৃষকৰ বাবে অনুকৰণীয় হৈ পৰিছে  ৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অটোমোবাইল খণ্ডত উত্তৰ-পূৰ্বৰ জয়যাত্ৰা: ‘ৱমেন ইন এফএডিএ’ৰ অধ্যক্ষা হিচাপে নিযুক্ত অৰুণাচলৰ পেমা ৱাই কে লয়ীক

অটোমোবাইল খণ্ডত উত্তৰ-পূৰ্বৰ জয়যাত্ৰা: ‘ৱমেন ইন এফএডিএ’ৰ অধ্যক্ষা হিচাপে নিযুক্ত অৰুণাচলৰ পেমা ৱাই কে লয়ীক

September 2, 2026 2:05 pm
‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

September 2, 2026 11:14 am
অসম-মিজোৰাম সীমান্তত উত্তেজনা: হাৰাশাস্তিৰ অভিযোগত লাইলাপুৰত ট্ৰাক চালকৰ পথ অৱৰোধ

অসম-মিজোৰাম সীমান্তত উত্তেজনা: হাৰাশাস্তিৰ অভিযোগত লাইলাপুৰত ট্ৰাক চালকৰ পথ অৱৰোধ

September 2, 2026 10:24 am
সাহায্য নালাগে, ক্ষতিপূৰণহে লাগে! চীন-আমেৰিকাক জবাবদিহি কৰি আন্তঃৰাষ্ট্ৰীয় মঞ্চত সৰৱ নেপাল

সাহায্য নালাগে, ক্ষতিপূৰণহে লাগে! চীন-আমেৰিকাক জবাবদিহি কৰি আন্তঃৰাষ্ট্ৰীয় মঞ্চত সৰৱ নেপাল

September 2, 2026 9:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অটোমোবাইল খণ্ডত উত্তৰ-পূৰ্বৰ জয়যাত্ৰা: ‘ৱমেন ইন এফএডিএ’ৰ অধ্যক্ষা হিচাপে নিযুক্ত অৰুণাচলৰ পেমা ৱাই কে লয়ীক

অটোমোবাইল খণ্ডত উত্তৰ-পূৰ্বৰ জয়যাত্ৰা: ‘ৱমেন ইন এফএডিএ’ৰ অধ্যক্ষা হিচাপে নিযুক্ত অৰুণাচলৰ পেমা ৱাই কে লয়ীক

September 2, 2026 2:05 pm
‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

September 2, 2026 11:14 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd