ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ পাৰ্টি (এনচিপি-এছপি)ৰ মুৰব্বী শাৰদ পাৱাৰ অসুস্থ হৈ পুনেৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি হৈছে। সোমবাৰে বুকুৰ বিষত আক্ৰান্ত হোৱাৰ পিছতে ৮৫ বছৰীয়া নেতাগৰাকীক পুনেৰ ৰুবী হল ক্লিনিকত ভৰ্তি কৰোৱা হয়।
শাৰদ পাৱাৰৰ কন্যা তথা বাৰামতীৰ সাংসদ আৰু এনচিপি-এছপিৰ কাৰ্যকৰী সভাপতি সুপ্ৰিয়া ছুলেই সামাজিক মাধ্যম এক্সযোগে এই কথা সদৰী কৰে। তেওঁ জনোৱা অনুসৰি, কাহৰ সমস্যাৰ পিছতে পাৱাৰক চিকিৎসালয়লৈ অনা হয়। বৰ্তমান তেওঁৰ স্বাস্থ্য পৰীক্ষা চলি আছে আৰু স্বাস্থ্যৰ সকলো প্ৰয়োজনীয় মাপকাঠী স্বাভাৱিক অৱস্থাত আছে।
ৰুবী হল ক্লিনিকৰ মুখ্য হৃদৰোগ বিশেষজ্ঞ তথা প্ৰতিষ্ঠানটোৰ অধ্যক্ষ ডাঃ পাৰভেজ কে গ্ৰাণ্টে জনোৱা মতে, শাৰদ পাৱাৰৰ অৱস্থা লাহে লাহে সুস্থিৰ হোৱাৰ আশা কৰা হৈছে। সাৱধানতামূলক ব্যৱস্থা হিচাপে তেওঁক চিকিৎসালয়ত পৰ্যবেক্ষণত ৰখা হ’ব।
উল্লেখ্য যে, প্লিউৰিটিক পেইন হৈছে বুকুৰ এক বিশেষ ধৰণৰ বিষ, যি সাধাৰণতে উশাহ লওঁতে, কাহিলে বা হাঁচিয়ালে অধিক বৃদ্ধি পায়।





