• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, November 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘আপুনি আমেৰিকান নাগৰিক, ভাৰতীয়ৰ দৰে অধিকাৰ সাব্যস্ত কৰিব নোৱাৰে’: উচ্চ ন্যায়ালয়ৰ কঠোৰ ভৰ্ৎসনাৰ পাছতে নিঃচৰ্ত ক্ষমা বিচাৰিলে ইমৰাণ খানে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 2, 2026 6:15 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়াৰ বিৰুদ্ধে নিৰ্বাচন আয়োগক কেন্দ্ৰ কৰি হোৱা প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ বাবে সোমবাৰে বম্বে উচ্চ ন্যায়ালয়ত নিঃচৰ্ত ক্ষমা বিচাৰে বলীউডৰ অভিনেতা ইমৰাণ খানে। লগতে ভৱিষ্যতে এনে ধৰণৰ প্ৰতিবাদত অংশগ্ৰহণ নকৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে। যোৱা ১০ অক্টোবৰত মুম্বাইত হোৱা প্ৰতিবাদৰ সময়ত আটক হোৱা ৪২ বছৰীয়া অভিনেতাগৰাকীয়ে ‘লিভ ইণ্ডিয়া জাননী’ লাভ কৰিছিল। তেওঁ ন্যায়ালয়ক জনায় যে আয়োজকসকলৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাই আৰু প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ পৰিণতিৰ বিষয়ে তেওঁ অৱগত নাছিল।

Apply Now

উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে খানক কঠোৰ ভাষাৰে ভৰ্ৎসনা কৰি কয় যে তেওঁ এগৰাকী অভাৰছিজ চিটিজেন অৱ ইণ্ডিয়া কাৰ্ডধাৰী আমেৰিকান নাগৰিক। সেয়েহে ভাৰতীয় নাগৰিকৰ দৰে ৰাজনৈতিক প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ তেওঁৰ কোনো অধিকাৰ নাই। বিচাৰপীঠে তেওঁক প্ৰশ্ন কৰে যে যদি কোনো ভাৰতীয় নাগৰিকে আমেৰিকাত এনে প্ৰতিবাদত অংশগ্ৰহণ কৰিলেহেঁতেন, তেন্তে তেওঁক পৰৱৰ্তী বিমানতে নিজ দেশলৈ ওভতাই পঠোৱা হ’লহেঁতেন। খানে সৰুৰে পৰা ভাৰতত ডাঙৰ-দীঘল হোৱাৰ পাছতো কিয় ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰা নাই বুলিও বিচাৰপীঠে প্ৰশ্ন কৰে।

খানৰ হৈ আদালতত উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা ভেংকটেশ ধোণ্ডে যুক্তি দৰ্শাই কয় যে খানে তেওঁৰ সমগ্ৰ জীৱন ভাৰতত কটাইছে আৰু জন্মসূত্ৰে আমেৰিকাৰ নাগৰিকত্ব লাভ কৰিছে। ২০০৬ চনত অচিআই মৰ্যাদা লাভ কৰাৰ পূৰ্বে তেওঁ পাৰ্চন অৱ ইণ্ডিয়ান অৰিজিন কাৰ্ডধাৰী আছিল বুলিও তেওঁ জনায়। অৱশ্যে ফৰেইনাৰ্ছ ৰিজনেল ৰেজিষ্ট্ৰেচন অফিচৰ হৈ উপস্থিত থকা অতিৰিক্ত চলিচিটৰ জেনেৰেল অনিল সিঙে এই যুক্তিক বিৰোধিতা কৰে আৰু খানৰ ছ’চিয়েল মিডিয়াৰ প’ষ্ট তথা সাক্ষাৎকাৰক প্ৰমাণ হিচাপে দাখিল কৰি তেওঁৰ সক্ৰিয় অংশগ্ৰহণৰ কথা আঙুলিয়াই দিয়ে।

আদালতে স্পষ্ট কৰি দিয়ে যে ক্ষমা প্ৰাৰ্থনাক এনে প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ অনুমতি বুলি গণ্য কৰিব নোৱাৰি। “তেওঁলোক ইয়াত চৰকাৰৰ কৃপাত আছে। তেওঁলোকে ইয়াত থাকি সমালোচনা কৰিব নোৱাৰে,” বুলি বিচাৰপীঠে মন্তব্য কৰে। মুখ্য ন্যায়াধীশ এম চি ত্ৰিপাঠী আৰু ন্যায়াধীশ অদ্বৈত শেঠনাৰ বিচাৰপীঠে যোৱা সপ্তাহত স্থগিত ৰখা ‘লিভ ইণ্ডিয়া জাননী’ বৰ্তমানো বাহাল ৰাখি খানৰ নিঃৰ্ত ক্ষমা প্ৰাৰ্থনা গ্ৰহণ কৰে। অহা ৭ ডিচেম্বৰত গোচৰটোৰ পৰৱৰ্তী শুনানীৰ দিন ধাৰ্য কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আপুনি আমেৰিকান নাগৰিক, ভাৰতীয়ৰ দৰে অধিকাৰ সাব্যস্ত কৰিব নোৱাৰে’: উচ্চ ন্যায়ালয়ৰ কঠোৰ ভৰ্ৎসনাৰ পাছতে নিঃচৰ্ত ক্ষমা বিচাৰিলে ইমৰাণ খানে

‘আপুনি আমেৰিকান নাগৰিক, ভাৰতীয়ৰ দৰে অধিকাৰ সাব্যস্ত কৰিব নোৱাৰে’: উচ্চ ন্যায়ালয়ৰ কঠোৰ ভৰ্ৎসনাৰ পাছতে নিঃচৰ্ত ক্ষমা বিচাৰিলে ইমৰাণ খানে

November 2, 2026 6:15 pm
ৰামলীলা ময়দানৰ ভিৰ দেখুৱাবলৈ ছানী লিয়নী, আৰ্জেণ্টিনাৰ বিশ্বকাপ উদযাপনৰ ছবি! ‘ইণ্ডিয়া’ৰ সমাৱেশক লৈ ছ’চিয়েল মিডিয়াত ভুৱা ছবিৰ বন্যা

ৰামলীলা ময়দানৰ ভিৰ দেখুৱাবলৈ ছানী লিয়নী, আৰ্জেণ্টিনাৰ বিশ্বকাপ উদযাপনৰ ছবি! ‘ইণ্ডিয়া’ৰ সমাৱেশক লৈ ছ’চিয়েল মিডিয়াত ভুৱা ছবিৰ বন্যা

November 2, 2026 4:26 pm
মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাহৰ বিবাহক লৈ বিতৰ্কৰ সূত্ৰপাত; নিধি ৰাজদানৰ সৈতে হোৱা বিবাহ অবৈধ আখ্যা জামাত প্ৰধানৰ

মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাহৰ বিবাহক লৈ বিতৰ্কৰ সূত্ৰপাত; নিধি ৰাজদানৰ সৈতে হোৱা বিবাহ অবৈধ আখ্যা জামাত প্ৰধানৰ

November 2, 2026 4:00 pm
এ পি ডি চি এলৰ বকেয়া আদায়ৰ প্ৰস্তাৱত ছীলমোহৰ: নৱেম্বৰৰ পৰা ৰাজ্যত পুনৰ বৃদ্ধি পাব বিদ্যুতৰ মাচুল

এ পি ডি চি এলৰ বকেয়া আদায়ৰ প্ৰস্তাৱত ছীলমোহৰ: নৱেম্বৰৰ পৰা ৰাজ্যত পুনৰ বৃদ্ধি পাব বিদ্যুতৰ মাচুল

November 2, 2026 3:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আপুনি আমেৰিকান নাগৰিক, ভাৰতীয়ৰ দৰে অধিকাৰ সাব্যস্ত কৰিব নোৱাৰে’: উচ্চ ন্যায়ালয়ৰ কঠোৰ ভৰ্ৎসনাৰ পাছতে নিঃচৰ্ত ক্ষমা বিচাৰিলে ইমৰাণ খানে

‘আপুনি আমেৰিকান নাগৰিক, ভাৰতীয়ৰ দৰে অধিকাৰ সাব্যস্ত কৰিব নোৱাৰে’: উচ্চ ন্যায়ালয়ৰ কঠোৰ ভৰ্ৎসনাৰ পাছতে নিঃচৰ্ত ক্ষমা বিচাৰিলে ইমৰাণ খানে

November 2, 2026 6:15 pm
ৰামলীলা ময়দানৰ ভিৰ দেখুৱাবলৈ ছানী লিয়নী, আৰ্জেণ্টিনাৰ বিশ্বকাপ উদযাপনৰ ছবি! ‘ইণ্ডিয়া’ৰ সমাৱেশক লৈ ছ’চিয়েল মিডিয়াত ভুৱা ছবিৰ বন্যা

ৰামলীলা ময়দানৰ ভিৰ দেখুৱাবলৈ ছানী লিয়নী, আৰ্জেণ্টিনাৰ বিশ্বকাপ উদযাপনৰ ছবি! ‘ইণ্ডিয়া’ৰ সমাৱেশক লৈ ছ’চিয়েল মিডিয়াত ভুৱা ছবিৰ বন্যা

November 2, 2026 4:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd