প্ৰেমিকাৰ সৈতে ফোনালাপত ব্যস্ত থকা সহ্য কৰিব নোৱাৰি পুত্ৰক হত্যা কৰিলে পিতৃয়ে

index.jpgkk

পুত্ৰৰ প্ৰেমক বাধা দিব নোৱাৰি এজন পিতৃয়ে পুত্ৰকে হত্যা কৰাৰ দৰে অতি লোমহৰ্ষক এক ঘটনা পোহৰলৈ আহিছে।

ঘটনাটো সংঘটিত হৈছে পশ্চিমবংগৰ বৰ্ধমান জিলাৰ পূৱস্থলী আৰক্ষী থানাৰ অন্তৰ্গত হামিদপুৰ অঞ্চলত।

ঘটনাটোৱে সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

স্থানীয় সূত্ৰৰ বিৱৰণীৰ মতে, আলিমউদ্দিন শ্বেখ নামৰ এজন যুৱকে বিগত কিছুদিন ধৰি এগৰাকী যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰি আহিছিল।

যুৱকজনৰ পিতৃয়ে এই সম্পৰ্কৰ কথা জানিব পৰি পুত্ৰৰ প্ৰেমৰ সম্পৰ্কক বিৰোধিতা কৰি যুৱতী গৰাকীৰ সৈতে সম্পৰ্ক যতি পেলাবলৈ নিৰ্দেশ দিয়ে।

কিন্তু পু্ত্ৰ আলিমউদ্দিনে পৰিয়াল আৰু পিতৃৰ নিৰ্দেশ অমান্য কৰি যুৱতীগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক অব্যাহত ৰখাত পিতৃ ক্ৰমশঃ খড়গস্ত হৈ উঠে।

ইফালে পুত্ৰ আলিমউমুদ্দিনে ৰাতি প্ৰেয়সীৰ সৈতে ফোনালাপত ব্যস্ত থকাটো সহ্য কৰি আহিব পৰা নাছিল পিতৃয়ে।

শনিবাৰে ৰাতি পুত্ৰই প্ৰেয়সীৰ সৈতে ফোনালাপত ব্যস্ত থকাত সহ্য কৰিব নোৱাৰি পিতৃয়ে খঙত অগ্নিশৰ্মা হৈ এখন ছুৰীৰে পুত্ৰক আক্ৰমণ কৰে।

পিতৃয়ে পুত্ৰ ওপৰত উপৰ্যুপৰি ছুৰীৰে আঘাত কৰা দেখি পিতৃক বাধা প্ৰদান কৰিবলৈ আগবাঢ়ি যোৱা মাতৃয়ো আঘাতপ্ৰাপ্ত হৈছে।

পিতৃৰ ছুৰীৰ আঘাতত ঘটনাস্থলীতে আলিমউদ্দিনৰ মৃত্যু ঘটে। ইফালে পুত্ৰক হত্যা কৰি পিতৃ পলায়ন কৰে ঘটনাস্থলীৰ পৰা।

ঘটনা খবৰ পায়ে স্থানীয় আৰক্ষীয়ে পূৰ্বস্থলীত উপস্থিত হয়। আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

ৰক্তাক্ত ছুৰীখন ঘটনাস্থলীৰ পৰা বাজেয়াপ্ত কৰি আৰক্ষীয়ে হত্যাকাৰী পিতৃৰ সন্ধানত অভিযান আৰম্ভ কৰিছে।