গাফিলতিৰ চূড়ান্ত ফল! খাদ্য,পানী অবিহনে দুদিন ধৰি লিফ্টত আবদ্ধ ৰোগী
৫৯ বছৰীয়া ৰবীন্দ্ৰ নায়াৰে চিকিৎসকৰ সৈতে নিয়মীয়াকৈ পৰীক্ষা কৰিবলৈ চিকিৎসালয়লৈ গৈছিল। কিন্তু এইবাৰ ২ দিন লিফ্টত আবদ্ধ হৈ থাকিবলগীয়া হ’ল ৰবীন্দ্ৰ৷
কেৰালাৰ তিৰুৱানন্তপুৰমত এই ঘটনাত গাফিলতিৰ বাবে তিনি শ্ৰমিকক নিলম্বন কৰা হৈছে। বহুবাৰ এলাৰ্ম বজাই থকাৰ পাছতো দুদিন ধৰি তেওঁক উদ্ধাৰ কৰিবলৈ কোনো নাহিল বুলি অভিযোগ কৰিছে ৰবীন্দ্ৰই৷
জানিব পৰা মতে, উল্লুৰ নিবাসী ৰবীন্দ্ৰই শনিবাৰে তিৰুৱনন্তপুৰম চিকিৎসালয়ৰ অ’ পি ব্লকত চিকিৎসকৰ ওচৰলৈ গৈছিল। কিন্তু ডাক্তৰক দেখাৰ কৰাৰ পাছত তেওঁ যাওঁতে সেই অ’ পি ব্লকৰ লিফ্টত আবদ্ধ হৈ পৰিল। সেই অৱস্থাতে দুদিন লিফটত থাকিল। আৰক্ষীৰ মতে, ৰবীন্দ্ৰই দ্বিতীয় মহলালৈ যাবলৈ লিফটত উঠিছিল। কিন্তু তেওঁক নিয়াৰ পাছতে লিফ্টখন খোলা নাছিল বুলি দাবী কৰে।
তেওঁ দাবী কৰে যে লিফ্টৰ ভিতৰত এলাৰ্ম বজাই থকাৰ পাছতো কোনো সঁহাৰি নাপালে। এইদৰেই গোটেই শনিবাৰটো পাৰ হৈ গ’ল আৰু পিছদিনা দেওবাৰ, বন্ধৰ দিন। ৰবীন্দ্ৰই ক’লে, ‘নাই খাদ্য, নাই পানী, নাই পোহৰ। কোনো সঁহাৰি নাপালে। ফোনটোও কাম কৰা নাই। চিঞৰি চিঞৰি ভাগৰি পৰি এটা সময়ত মাটিত বহিলোঁ। মোৰ সময় নাছিল।’
দেওবাৰে ৰবীন্দ্ৰ থানাত নিৰুদ্দেশ হোৱা বুলিও পৰিয়ালে অভিযোগ কৰে। অৱশেষত সোমবাৰে লিফ্টমেন অহাৰ পাছত তেওঁক উদ্ধাৰ কৰা হয়। ইয়াৰ পাছত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী বীনা জৰ্জে ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দি প্ৰতিবেদনৰ আহ্বান জনাইছে। দুই লিফ্ট অপাৰেটৰ আৰু এজন ডিউটি চাৰ্জেণ্টক স্বাস্থ্য বিভাগে নিলম্বন কৰিছে। চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ মতে চিকিৎসালয়খনৰ লিফ্টৰ বিশেষ ব্যৱহাৰ নহয়। অৱশ্যে লিফ্টত কোনো জাননী নথকাৰ বাবেই এই সমস্যাৰ সৃষ্টি হোৱা বুলি দাবী কৰে ৰবীন্দ্ৰই।