ৰাজ্যৰ বিভিন্ন বাণিজ্যিক সংগঠনৰ শীৰ্ষ নেতৃত্বৰে বিত্ত মন্ত্ৰী অজন্তা নেওগৰ বাজেট সম্পৰ্কীয় মত বিনিময়
ৰাজ্য চৰকাৰৰ ৫৭ টা বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে বাজেট পৰ্যালোচনা সমাপ্ত কৰাৰ পাছত বৃহস্পতিবাৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাণিজ্যিক সংগঠনৰ শীৰ্ষ নেতৃত্বৰ সৈতে আগন্তুক ২০২১-২২ বৰ্ষৰ বাজেট সন্দৰ্ভত বিত্তমন্ত্ৰী অজন্তা নেওগে মত বিনিময় কৰে।
এই মহামাৰীৰ সময়ত বাজেটখনৰ জৰিয়তে যাতে ৰাজ্যখনত বেহা-বেপাৰ কৰা লোকসকলো উপকৃত হয় সেই বিষয়টোৰ ওপৰতো যথাসম্ভৱ গুৰুত্ব প্ৰদান কৰা হ’ব বুলি বিত্তমন্ত্ৰী অজন্তা নেওগে আশ্বাস প্ৰদান কৰে।
এই মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰি বিভিন্ন বাণিজ্যিক সংগঠনৰ নেতৃত্বই তেওঁলোকৰ শেহতীয়া বাণিজ্যিক অৱস্থা বিত্তমন্ত্ৰীগৰাকীক অৱগত কৰাৰ লগতে মহামাৰীৰ বাবে যথেষ্ট ক্ষতিৰ সন্মুখীন হোৱা বুলি জানিবলৈ দিয়ে।
মত বিনিময় অনুষ্ঠানৰ অন্তত বাণিজ্যিক সংগঠনসমূহৰ নেতৃবৃন্দই আগন্তুক বাজেটখনৰ জৰিয়তে বিত্ত মন্ত্ৰীয়ে তেওঁলোকক কিছু সকাহ দিব বুলিও আশা ব্যক্ত কৰিছে।
অনুষ্ঠানত ভাৰতীয় চাহ সংঘৰ অসম শাখা(ABITA)ৰ সম্পাদক অভিজিত শৰ্মা, ভাৰতীয় বাণিজ্য আৰু উদ্যোগ সংঘ(FICCI)ৰ অধ্যক্ষ দীপাংকৰ বৰুৱা আৰু বিশ্বজিত চক্ৰবৰ্তী, উত্তৰ-পূৱ উদ্যোগ আৰু বাণিজ্য সংঘ(FINIER)ৰ দুই সঞ্চালক ক্ৰমে বিনোদ লোহিয়া আৰু বিনীত টুডি, ভাৰতীয় উদ্যোগ সংঘ (CII)ৰ উত্তৰ-পূব পৰিষদৰ অধ্যক্ষ অভিজিত বৰুৱা, সঞ্চালক চান্তা শৰ্মা, লঘু উদ্যোগ ভাৰতী, গুৱাহাটীৰ অধ্যক্ষ আশীষ কুমাৰ বাজাজ উপস্থিতি থাকে।
তদুপৰি, উপস্থিত থাকে আছাম ৰীয়েল এষ্টেট্ ইনফ্ৰাস্ট্ৰাকচাৰ ডেভেলপাৰ্চ এছ’চিয়েশ্যনৰ সভাপতি পি কে শৰ্মা, টেক্স বাৰ এছ’চিয়েশ্যনৰ অধ্যক্ষ গোপাল সিংঘানিয়া, আছাম ড্ৰাগ ডীলাৰ্চ এছ’চিয়েশ্যনৰ সভাপতি প্ৰমোদ মৌৰ, গুৱাহাটী চেনিটেৰী এণ্ড হাৰ্ডৱেৰ মাৰ্চেন্টছ্ এছ’চিয়েশ্যনৰ সভাপতি ৰমেশ পাৰিক আৰু হোটেল এণ্ড ৰেষ্টুৰেণ্ট এছ’চিয়েশ্যন অফ আছামৰ হৈ মনোজ শেঠীয়া আৰু দীপাংকৰ বৰুৱা।
বিয়লি সমাপ্ত হোৱা এই মত বিনিময় অনুষ্ঠানত বিত্ত বিভাগৰ আয়ুক্ত সচিব জয়ন্ত নাৰ্লিকাৰ, কৰ আয়ুক্ত ৰাকেশ আগৰৱালাও উপস্থিত আছিল।