NORTHEAST NOW (Assamese)

বৰদৈচিলাৰ তাণ্ডৱ! বছৰৰ প্ৰথমটো ধুমুহাত বঙাইগাঁৱৰ বিভিন্ন ঠাইত বিস্তৰ ক্ষতি

March 14, 2021 8:11 am · ইয়াছিন আলী
ফটো: নর্থইষ্ট নাও।

শনিবাৰে সন্ধিয়া বঙাইগাঁও জিলাৰ শৌলমাৰী, নাম্বাৰপাৰা, চাকলা, কোকিলা, চকিহালী আদি অঞ্চল সামৰি বছৰৰ প্ৰথমটো ধুমুহাই জোকাৰি যায়।

হঠাতে অহা ধুমুহাজাকৰ বাবে কোনো প্ৰস্তুত নাছিল।

ধুমুহাৰ লগতে অত্যাধিক পৰিমাণে শিলাবৃষ্টিৰ ফলত শস্যৰ লগতে বিভিন্ন গছ-গছনি উভালি পৰি বৃহত্তৰ অঞ্চলত বৃহৎ পৰিমাণে ক্ষতি হয়।

ইফালে গছ গছনি উভালি পৰাৰ ফলত অঞ্চলব্যাপি বিদ্যুৎ সেৱা ব্যহত হৈ পৰিছে।

বছৰৰ প্ৰথমটো ধুমুহাৰ তাণ্ডৱ দেখি শংকিত হৈ পৰিছে বৃহত্তৰ অঞ্চলৰ ৰাইজ।

বিধ্বংসী ধুমুহাৰ ফলত বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ ক্ষয়-ক্ষতি হৈছে যদিও এতিয়ালৈকে ক্ষয়-ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই।

Related News