NORTHEAST NOW (Assamese)

আজিৰ পৰা আৰম্ভ হ’ব  ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’বলগীয়া টি-২০ শৃংখলাৰ প্ৰথমখন খেল

October 29, 2025 9:37 am · এন ই নাও নিউজ, গুৱাহাটী

আজিৰ পৰা ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত পাঁচখন খেলৰ টি-২০ শৃংখলা আৰম্ভ হব। কেনবেৰাত দুয়োটা দলৰ মাজত প্ৰথমখন খেল অনুষ্ঠিত হব।

এছিয়া কাপ জয় কৰাৰ পিছত অধিনায়ক সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত ভাৰতীয় দলটোৱে টি-২০ত অষ্ট্ৰেলিয়াক পৰাস্ত কৰাৰ বাবে সকলো প্ৰচেষ্টা চলাবলৈ চেষ্টা কৰিব। কিয়নো এদিনীয়া শৃংখলাত ভাৰত ১-২ ত পৰাস্ত হৈছিল।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ টি-২০ত ইতিহাস ভাল। এই পৰ্যন্ত দুয়োটা দলৰ মাজত ৩২ খন টি-২০ অনুষ্ঠিত হৈছে। ইয়াৰে ২০খন খেলত ভাৰতে জয়লাভ কৰাৰ বিপৰীতে অষ্ট্ৰেলিয়াই ১১খন খেলত জয়লাভ কৰিছে। লগতে এখন মেচ ড্ৰত সমাপ্ত হৈছে।

আজি ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত প্ৰথমখন টি-২০ মেচ আৰম্ভ হব আন্তৰ্জাতিক সময় অনুসৰি ১:৪৫ বজাৰ পৰা।এই শৃংখলাটোও গুৰুত্বপূৰ্ণ কাৰণ দুয়োটা দলে ২০২৬ চনৰ টি-২০ বিশ্বকাপৰ বাবে প্ৰস্তুতি চলাইছে। এই বিশ্বকাপ ভাৰত আৰু শ্ৰীলংকাত অনুষ্ঠিত হ’ব।

Related News