ৰাজ্যখনত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ আৰম্ভ হৈছে। প্ৰাথমিক শিক্ষাৰ মান উন্নত কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা দ্বিতীয় ৰাউণ্ড গুণোৎসৱৰ প্ৰথম পৰ্যায়ত ১৬খন জিলাক সামৰি লোৱা হৈছে আৰু ৮ অক্টোবৰৰ পৰা ১১ অক্টোবৰলৈ চলিব এই গুণোৎসৱ।
ৰাজ্যৰ অন্যান্য জিলাৰ লগতে হোজাই জিলাতো দ্বিতীয় ৰাউণ্ডৰ প্ৰথম পৰ্যায়ৰ গুণোৎসৱ সোমবাৰৰ পৰা আৰম্ভ হৈছে। প্ৰাপ্ত বাতৰি অনুসৰি, হোজাইৰ নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গুণোৎসৱ কাৰ্যসূচীৰ লগত সংগতি ৰাখি পুৱা ৮. ৩০ বজাত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱক তথা পৰিচালনা সমিতিৰ সদস্য বৃন্দৰ উপস্থিতিত স্বচ্ছ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷
উল্লেখ্য যে, স্বাধীনতাৰ আঠ বছৰ পূৰ্বে স্থাপিত হোৱা বৃহত্তৰ নীলবাগান অঞ্চলৰ এই ঐতিহ্য মণ্ডিত বিদ্যালয়খনে ইতিমধ্যে অবিভক্ত নগাঁও জিলাৰ ভিতৰত উন্নত ফলাফলৰ লগতে অন্যান্য সকলো দিশতে বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শনেৰে শিক্ষা জগতত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে।
সোমবাৰৰ পৰা আৰম্ভ হোৱা গুণোৎসৱত অভিভাৱক ৰাইজৰ বিপুল সহাৰি তথা সমৰ্থনে বিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰী তথা ছাত্ৰ-ছাত্ৰীসকল অধিক উৎসাহিত কৰিব বুলি বিদ্যালয়ৰ অধ্যক্ষ ফাইজ মহাম্মদ বৰভুঞাই মন্তব্য কৰে।
প্ৰথম দিনাৰ গুণোৎসৱৰ কাৰ্যসুচীত হোজাই জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি জামাল আহমেদ, বিদ্যালয় পৰিচালনা সমিতিৰ উপ সভাপতি আনোৱাৰ হুছেইন, সদস্য নিৰ্মল মজুমদাৰ লগতে বহু লোক উপস্থিত থাকে।