লক্ষ্য ৫ ত্ৰিলিয়ন ডলাৰ। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতক অহা ৫ বছৰত এখন ৫ ত্ৰিলিয়ন ডলাৰ পৰিমাণৰ অৰ্থনীতিৰ দেশলৈ উন্নত কৰাৰ লক্ষ্য ঘোষণা কৰিছে।
দেশক উন্নত কৰাৰ লক্ষ্য আদৰণীয়। আমাৰ বাবে এই ঘোষণা আদৰণীয় কাৰণ, ‘ৰাম মন্দিৰ সাজিম’, ‘হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰিম’ আদি লক্ষ্য ঘোষণা নকৰি চৰকাৰখনে অৰ্থনৈতিক উন্নয়নৰ লক্ষ্য ঘোষণা কৰিছে।
৫ ত্ৰিলিয়ন ডলাৰৰ লক্ষ্য মানেনো কি অকণমান চালিজাৰি চোৱা যাওক। লক্ষ্যটোত দুটাকৈ ইংৰাজী শব্দ আছে। ‘ত্ৰিলিয়ন’ আৰু ‘ডলাৰ’। একৰ পিঠিত ১২ টা শূন্য দিলে ত্ৰিলিয়ন হয়। অসমীয়াত এক ত্ৰিলিয়ন মানে হ’ল এক লাখ কোটি। গতিকে ৫ ত্ৰিলিয়ন মানে হ’ল ৫ লাখ কোটি। ডলাৰ আমেৰিকাৰ মুদ্ৰাৰ নাম। এতিয়া আমেৰিকাৰ এক ডলাৰ হ’ল ভাৰতৰ প্ৰায় ৭০ টকাৰ সমান। গতিকে ৫ ত্ৰিলিয়ন ডলাৰ মানে হ’বগৈ প্ৰায় ৩৫০ লাখ কোটি টকা। সহজ ভাষাত ২০২৪ চনত ভাৰতৰ মুঠ সম্পদৰ পৰিমাণ বা ভাৰতীয় অৰ্থনীতিৰ আকাৰ ৩৫০ লাখ কোটি টকা কৰাই হ’ল প্ৰধান মন্ত্ৰীৰ লক্ষ্য।
বৰ্তমান ভাৰতৰ অৰ্থনীতিৰ আয়তন হ’ল ২.৭১ ত্ৰিলিয়ন ডলাৰ। গতিকে ৫ ত্ৰিলিয়ন ডলাৰ হ’বলৈ হ’লে ভাৰতৰ অৰ্থনীতিৰ আয়তন এতিয়াতকৈ প্ৰায় দুগুণ বৃদ্ধি হ’ব লাগিব। অৰ্থাৎ ভাৰত এতিয়াতকৈ দুগুণ অধিক সম্পদশালী হ’ব লাগিব। বৰ্তমান ভাৰতৰ অৰ্থনীতি আয়তনৰ হিচাপত পৃথিৱীৰ সপ্তম স্থানত আছে।
দেশৰ নাম | অৰ্থনীতিৰ আয়তন [ত্ৰিলিয়ন ডলাৰ] |
১. আমেৰিকা যুক্তৰাষ্ট্ৰ | ২০.৪৯ |
২. চীন | ১৩.৪০ |
৩. জাপান | ৪.৯৭ |
৪. জাৰ্মেনি | ৪.০০ |
৫. ইউনাইটেড কিংডম | ২.৮২ |
৬. ফ্ৰান্স | ২.৭৭ |
৭. ভাৰত | ২.৭১ |
তালিকাখনৰ পৰা দেখা যায় পৃথিৱীৰ মাত্ৰ আমেৰিকা আৰু চীনৰ সম্পদহে ১০ ত্ৰিলিয়ন ডলাৰৰ ওপৰৰ। আমেৰিকাৰ সতে চীনৰ বৃহৎ ব্যৱধান আৰু চীনৰ সতে ব্যৱধান বৃহৎ আনবোৰ অৰ্থনীতিৰ।
কমিউনিষ্ট পাৰ্টিৰ একনায়কত্বৰ অধীনত পুঁজিবাদ আৰু বজাৰ অৰ্থনীতি আঁকোৱালি লৈ চীন আজি পৃথিৱীৰ দ্বিতীয় বৃহৎ সম্পদশালী দেশ। চীনত বিলিঅ’নেয়াৰ অৰ্থাৎ ১০০ কোটিতকৈও অধিক পৰিমাণৰ সম্পদ থকা লোকৰ সংখ্যা পৃথিৱীৰ ভিতৰতেই অধিক। সাম্যবাদৰ কি মহিমা!
এতিয়া ভাৰত চৰকাৰৰ লক্ষ্য ২০২৪ চনলৈ ভাৰতক এখন ৫ ত্ৰিলিয়ন ডলাৰ অৰ্থনীতিৰ দেশত পৰিণত কৰা।
এই লক্ষ্য সম্ভৱপৰনে?
প্ৰধান মন্ত্ৰী মোদীয়ে এই লক্ষ্য ঘোষণা কৰাৰ লগে লগে তাক লৈ ব্যাপক আলোচনা-বিলোচনা হৈছে। বিভিন্ন অৰ্থনীতিবিদে হিচাপ কৰি কৈছে যে ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন (GDP) যদি বছৰি ১০ শতাংশ হাৰত বাঢ়ে, তেনেহ’লে ভাৰতে সেই লক্ষ্যত উপনীত হব পাৰিব। প্ৰশ্ন হৈছে ভাৰতে প্ৰতিবছৰে ১০ শতাংশ হাৰত নিৰৱচ্ছিন্নভাৱে পাঁচ বছৰলৈ নিজৰ উৎপাদন বঢ়াব পাৰিবনে নোৱাৰে। আৰু পাৰিব লাগিলে ভাৰতে কি কি কৰিব লাগিব?
বৰ্তমান ভাৰতৰ ঘৰুৱা উৎপাদনৰ বিকাশৰ হাৰ ৬ শতাংশ। বৰ্তমানৰ হাৰত গৈ থাকিলে ৫ ত্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি হ’বলৈ ভাৰতক ১০ বছৰ লাগিব, কিন্তু তেতিয়ালৈ পৃথিৱীৰ আনবোৰ দেশৰ লগতে চীন-জাপানো ভাৰততকৈ অনেক বেছি আগবাঢ়ি যাব। বহু অৰ্থনীতিবিদে ৫ বছৰত এই লক্ষ্যত উপনীত হোৱা সম্ভৱ নহ’ব বুলি মত প্ৰকাশ কৰিছে।
পেচাদাৰ নিৰাশাবাদী
এই লক্ষ্যত উপনীত হোৱা কঠিন বা অসম্ভৱ বুলি কোৱাসকলক প্ৰধান মন্ত্ৰী মোদীয়ে পেচাদাৰী নিৰাশাবাদী বুলিছে। মোদীৰ মতে এইসকল লোক সাধাৰণ মানুহৰ পৰা বিচ্ছিন্ন। এই পেচাদাৰী নিৰাশাবাদীসকলে সমস্যাৰ সমাধান দিয়াৰ সলনি সমস্যাটোক আৰু অধিক জটিলহে কৰি তোলে। গতিকে এই পেচাদাৰ নিৰাশাবাদীসকলৰ পৰা প্ৰধান মন্ত্ৰীয়ে বিশেষ একো আশা নকৰে।
প্ৰধান মন্ত্ৰী মোদী ডাঙৰীয়াই সমালোচনাক বিশেষ পাত্তা দিয়ে যেন বোধ নহয়। তাতে এইবাৰ ৰাইজে তেওঁক বিপুল জয়েৰে আকৌ প্ৰধান মন্ত্ৰী পাতিছে। কিন্তু এই কথা সঁচা যে মোদীৰ যোৱাটো কাৰ্য্যকালত ঘৰুৱা উৎপাদন বিকাশৰ হাৰ আগৰ বছৰবোৰৰ তুলনাত কম হৈছিল। ২০০৮ চনৰ পৰাই বজাৰ অৰ্থনীতিৰ সংকট আৰম্ভ হৈছিল আৰু সেই সংকটে পৃথিৱীৰ সকলো দেশকে কম বেছি পৰিমাণে চুই গৈছিল। নব্য উদাৰ পুঁজিবাদী অৰ্থনীতি সংকটৰ সন্মুখীন হোৱাৰ পিচত বিশ্বায়নৰ পথৰ পৰা আমেৰিকাকে আদি কৰি উন্নত পুঁজিবাদী দেশবোৰ আঁতৰি আহি পুৰণি ৰক্ষণশীলতাক আঁকোৱালি লৈছে বা ল’বলৈ বাধ্য হৈছে।
ভাৰত বিকাশৰ বাবে বজাৰ অৰ্থনীতি, বিদেশী পুঁজি আৰু নব্য উদাৰ অৰ্থনীতিৰ ওপৰত নিৰ্ভৰ কৰিবলৈ বাধ্য। কিন্তু পৃথিৱীজুৰি বজাৰ অৰ্থনীতিয়েই যেতিয়া সংকটৰ সন্মুখীন হৈছে, সেই সময়ত ভাৰত চৰকাৰে লোৱা ব্যৱস্থাৰে সেই সংকট মোচন কৰিব পৰা নাযায়। গতিকে অহা বছৰবোৰৰ ভাৰতৰ বিকাশৰ হাৰ কিমান হ’ব সেয়া অকল ভাৰত চৰকাৰে লোৱা ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ নকৰে, সেয়া নিৰ্ভৰ কৰিব বিশ্বজোৰা পুঁজিবাদী বজাৰখনৰ স্বাস্থ্যৰ ওপৰত।
অতি সোনকালে পুঁজিবাদে সন্মুখীন হোৱা সংকট আঁতৰি যোৱাৰ কোনো সম্ভাৱনা নাই, গতিকে ভাৰতেও ইচ্ছা কৰিলেই বছৰি ১০ শতাংশ হাৰত পাঁচ বছৰলৈ নিৰৱচ্ছিন্নভাৱে ঘৰুৱা উৎপাদন বঢ়াব পৰাৰ সম্ভাৱনা বৰ্তমান পৰিস্থিতিত অসম্ভৱ যেনেই লাগে। এজন অৰ্থনীতিৰ ছাত্ৰ হিচাপে এই ক্ষেত্ৰত সাংঘাটিক আশাবাদী হোৱাৰ কোনো কাৰণ আমি দেখা নাই।
৫ ত্ৰিলিয়ন ডলাৰ কিয় লাগে?
মূল প্ৰশ্নটো হ’ল ৫ ত্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি কিয় লাগে? প্ৰধান মন্ত্ৰীৰ মতে ‘size of the cake matters’—কে’কটোৰ আকাৰটো এটা প্ৰয়োজনীয় বিষয়। দেশখনৰ পিঠাটোৰ অৰ্থাৎ দেশৰ সম্পদৰ আকাৰ যিমানেই ডাঙৰ হয় সিমানেই ভাল; সকলোৰে ভাগত পিঠাৰ ভাগো ডাঙৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।
এইখিনিতেই আহি পৰে সম্পদ আহৰণৰ লগতে সম্পদ বিতৰণৰ আহুকলীয়া কাৰবাৰটো। দেশখনৰ বৃদ্ধি পোৱা আয়খিনি ভাৰতত পুঁজি বিনিয়োগ কৰা বিদেশী পুঁজিপতি, দেশী পুঁজিপতি, ধনী শ্ৰেণী আৰু এচাম উচ্চ মধ্যবিত্তৰ মাজতে থাকি যাব পাৰে। সেই বৰ্ধিত আয়ৰ ভাগ সাধাৰণ মানুহে নাপাবও পাৰে। ইয়াৰ ফলত ভাৰতৰ সম্পদ বঢ়াৰ পিচতো জনতাৰ মাজত আৰ্থিক অসমতা ভয়ংকৰ ৰূপত বাঢ়িব। চীনত ইতিমধ্যে তেনেকুৱা হৈছে।
আনহাতে, ভাৰতৰ উন্নত অঞ্চলবোৰ যেনে– দক্ষিণৰ ৰাজ্যকেইখন, গুজৰাট, মহাৰাষ্ট্ৰ আদিতহে এই উন্নয়নৰ প্ৰভাৱ দেখা যাব, কিন্তু উত্তৰ ভাৰতৰ মূল ভূখণ্ড আৰু উত্তৰ-পূৰ্বাঞ্চলকে ধৰি পূব ভাৰত এই ত্ৰিলিয়ন ডলাৰ অৰ্থনীতিৰ প্ৰভাৱৰ বাহিৰত থাকি যোৱাৰ সম্ভাৱনা থাকিব। ইয়াৰ ফলত ভাৰতত আঞ্চলিক বৈষম্য বা অসমতা বাঢ়িব। চকুমুদি ৫ ত্ৰিলিয়ন ডলাৰৰ লক্ষ্যৰ পিচত দৌৰিলে বহু প্ৰয়োজনীয় বিষয়লৈ লক্ষ্য কৰাৰ অৱকাশ নাথাকিব। পিঠাখন ডাঙৰ হোৱাটো ভাল কথা, কিন্তু দেশখনৰ আটাইতকৈ দুৰ্দশাগ্ৰস্তজনলৈ সেই পিঠাৰ ভাগ গৈ পালেনে নাই সেইটোহে অধিক প্ৰয়োজনীয়।
বিকাশ আৰু কল্যাণ
অৰ্থনৈতিক বিকাশে জনগণৰ বৃহৎ অংশৰ কল্যাণ সাধন নকৰিব পাৰে। গতিকে কল্যাণ সাধন কৰা অৰ্থনৈতিক বিকাশহে আমাৰ কাম্য হ’ব লাগে। প্ৰধান মন্ত্ৰীৰ ৫ ত্ৰিলিয়ন ডলাৰৰ লক্ষ্যলৈ আদৰণি জনাই আমি আন এটা বিষয়হে উত্থাপন কৰিব বিচাৰিছো।
পুঁজিবাদে, বজাৰ অৰ্থনীতিয়ে মানুহৰ সমস্যা সমাধান কৰাত ব্যৰ্থ হৈছে। পুঁজিবাদতকৈও শোচনীয়ভাৱে ব্যৰ্থ হৈছে তথাকথিত সমাজবাদ আৰু সাম্যবাদ। ইতিমধ্যে সমাজবাদী ৰাষ্ট্ৰৰ অৱসান ঘটিছে আৰু এতিয়া পুঁজিবাদী বজাৰ অৰ্থনীতিৰেই পৃথিৱীখনৰ দৈনন্দিন জীৱন পৰিচালিত হৈছে। বিকাশ হৈছে কিন্তু কল্যাণ সাধন হোৱা নাই, নতুন নিয়োগৰ সুযোগ ওলোৱা নাই। নিবনুৱাৰ সংখ্যা পৃথিৱীজুৰি ভয়ানকভাৱে বাঢ়িছে। এমুঠি মানুহৰ হাতত পৃথিৱীৰ সমস্ত সম্পদ থূপ খাইছে। পৃথিৱীৰ বাতাৱৰণ দিনক দিনে অধিক প্ৰদূষিত হৈছে।
৫ ত্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি গঢ়ি কি লাভ যদিহে ভৱিষ্যত প্ৰজন্মৰ বাবে উশাহ ল’বলৈ বিশুদ্ধ বতাহেই নাথাকে!
কমিউনিজমে এসময়ত পুঁজিবাদৰ বিকল্প এটা দাঙি ধৰিছিল। কিন্তু কমিউনিজমৰ বিফলতাৰ পিচত এতিয়া এচাম মতান্ধৰ বাহিৰে আন কাৰো বাবে কমিউনিজম বিকল্প হৈ থকা নাই।
কিন্তু পৃথিৱীজুৰি নতুন চিন্তা-চৰ্চা আৰম্ভ হৈছে। এই নতুন চিন্তাধাৰা বিকশিত হোৱাৰ ক্ষেত্ৰত পুঁজিবাদ আৰু কমিউনিজমৰ অভিজ্ঞতাখিনিয়ে প্ৰভূত অৰিহণা যোগাইছে। কিন্তু আটাইতকৈ অধিক অৰিহণা যোগাইছে বিজ্ঞান আৰু প্ৰযুক্তিয়ে। তেনে এজন নতুন চিন্তা নায়ক হ’ল জেৰিমি ৰিফকিন। ৰিফকিনে তেওঁৰ The Third Industrial Revolution [তৃতীয় উদ্যোগ বিপ্লৱ] গ্ৰন্থখনত দেখুৱাইছে যে যেতিয়াই নতুন যোগাযোগ প্ৰযুক্তিৰ সতে নতুন শক্তি উৎপাদনৰ উৎসৰ সমন্বয় ঘটে, তেতিয়াই বুনিয়াদী অৰ্থনৈতিক পৰিৱৰ্তন সাধিত হয়।
ৰিফকিনৰ মতে ইন্টাৰনে’ট আৰু সৌৰ শক্তি আৰু আন অপৰম্পৰাগত শক্তিৰ উৎসৰ সমন্বয়ে অৰ্থনীতিৰ বুনিয়াদী পৰিৱৰ্তন সাধন কৰিব। তেনে পৰিৱৰ্তন ইতিমধ্যে আৰম্ভ হৈছে। পৃথিৱীৰ বহু উন্নত দেশৰ চৰকাৰে ৰিফকিনৰ সতে তৃতীয় উদ্যোগ বিপ্লৱৰ বাবে কেনেকৈ সাজু হ’ব পাৰি সেই বিষয়ে আলোচনা কৰিছে। চীনৰ চৰকাৰেও ৰিফকিনৰ সতে আলোচনাত মিলিত হৈছে। তৃতীয় উদ্যোগ বিপ্লৱৰ পৰা চীন যাতে আঁতৰি নৰয় তাৰ বাবে চীন সচেষ্ট হৈছে।
নিজৰ মৌলিক চিন্তাৰে পৃথিৱীজুৰি নতুন চিন্তাৰ পাতনি মেলিবলৈ সক্ষম হোৱা য়ুভাল নোৱাহ হাৰিৰিয়ে ফঁহিয়াই দেখুৱাইছে যে ‘কৃত্ৰিম বুদ্ধিমত্তা’ [Artificial Intelligence/ AI), মেচিনৰ এলগৰিদম আৰু জৈৱ প্ৰযুক্তিয়ে অহা দিনবোৰত পৃথিৱীখন চিনিব নোৱাৰাকৈ সলনি কৰি পেলাব। মানুহ প্ৰজাতি এনেকুৱা কিছুমান সমস্যাৰ সন্মুখীন হ’ব যাৰ বিষয়ে মানুহে কোনো ধৰণৰ পূৰ্বানুমান কৰিব নোৱাৰিব।
পৃথিৱীৰ সকলো মানুহৰ মৌলিক প্ৰয়োজনখিনি পূৰণ কৰিব পৰা এটা ৰাজনৈতিক বা সামাজিক ব্যৱস্থা কেনেকৈ গঢ়ি তুলিব পাৰি আৰু ইণ্টাৰনে’ট, সৌৰ শক্তি, কৃত্ৰিম বুদ্ধিমত্তা আদিৰ দৰে নতুন প্ৰযুক্তিয়ে তাত কেনেকৈ অৰিহণা যোগাব পাৰে সেই সন্দৰ্ভত ব্যাপক আলোচনা হৈছে। মানুহৰ মাজত থকা অৰ্থনৈতিক অসমতা, কিছু মানুহৰ হাতত সমস্ত পৃথিৱীৰ সম্পদ থূপ খোৱা, প্ৰদূষণ আদি আজি আৰু কাৰো বাবে গ্ৰহণযোগ্য নহয়। এই অৱস্থাৰ অৱসান ঘটিব লাগে। দক্ষিণপন্থী আৰ এচ এচ আৰু বামপন্থী সকলো এই ক্ষেত্ৰত একমত হ’ব পাৰে।
জাতীয় আয়ৰ বিকাশ এতিয়া উন্নতিৰ একমাত্ৰ মাপকাঠী নহয়। উন্নতিৰ এই নিগনি দৌৰত ভাগ লৈ পৃথিৱী এতিয়া অসুখীয়া আৰু ভাগৰুৱা। এই উন্নতিৰ ফলাফল দেখি মানুহ আজি শংকিত। এনেকুৱা সংকটময় সময়তেই নতুন চিন্তাৰ উন্মেষ ঘটে। ঘটিছেও।
বহুল জনমতেৰে চৰকাৰ গঠন কৰা বিজেপিয়েও ভাৰতত এনে নতুন চিন্তাৰ উন্মেষ ঘটাব পাৰে। জাতীয় আয় বৃদ্ধিৰ অমানুষিক নিগনি দৌৰত ভাগ নলৈ এনে এক বিকাশৰ আৰ্হি প্ৰস্তুত কৰিব পাৰে যিটোৱে ভৱিষ্যত প্ৰজন্মক বজাৰ অৰ্থনীতিৰ দানৱীয় প্ৰতিযোগিতাৰ ঠাইত সহযোগিতাৰে জীয়াই থাকিব পৰা এটা অৰ্থনীতি গঢ়ি দিব পাৰে।
জেৰিমি ৰিফকিনৰ মতে তৃতীয় উদ্যোগ বিপ্লৱে তেনে এখন সমাজ গঢ়িব পাৰিব। ৫ ত্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি গঢ়াৰ নিগনি দৌৰত ভাগ লোৱাৰ সলনি তৃতীয় উদ্যোগ বিপ্লৱেৰে এখন মানুহৰ সমাজ গঢ়িব পৰা অৰ্থনীতি গঢ়াৰ সংকল্প লওক নতুন বিজেপি চৰকাৰ আৰু প্ৰধান মন্ত্ৰী মোদীয়ে।
তাৰ বাবে প্ৰথমে চিন্তা আৰু চেতনাত পৰিৱৰ্তন আনিব লাগিব।
(লেখক গুৱাহাটীস্থিত এগৰাকী ৰাজনৈতিক বিশ্লেষক। তেখেতৰ ফ’ন নম্বৰ-৯৮৬৪০৯২১৩৭)