NORTHEAST NOW (Assamese)

প্ৰেমৰ ভয়ানক পৰিভাষা! ধেমালিয়েই হ’ল কাল; প্ৰেমিকাৰ ছলনাত পৰি সৰ্বনাশ মাতিলে প্ৰেমিকে

May 21, 2024 12:24 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

এগৰাকী মাতৃৰ এটা ফেচবুক পোষ্টে কঁপাইছে অসম। প্ৰেমৰ অপৰিপক্কতাই প্ৰাণ ল’লে এটি সদ্যোৰ্ত্তীণ যুৱকৰ। প্ৰেয়সীৰ ব্লেকমেইলৰ বলি হৈ যুৱকজনে আত্মহত্যাৰ সিদ্ধান্ত লোৱাৰ অভিযোগ মাতৃৰ।

কবিতা চৌধুৰী দেৱী নামৰ মহিলাগৰাকীয়ে সামাজিক মাধ্যম ফেছবুকত লিখা উক্ত পোষ্টটো পঢ়িলে গাৰ নোম শিয়ৰি উঠিব আপোনাৰ। অভিযোগ অনুসিৰ কবিতা চৌধুৰী দেৱীৰ পুত্ৰ পাৰ্থ প্ৰতিম নাথে ষষ্ঠ শ্ৰেণীৰ পৰাই গোৱালপাৰাৰ সৈনিক স্কুলত অধ্যয়ন কৰিছিল। এই বৰ্ষত সৈনিক স্কুলখনৰ পৰাই সুখ্যাতিৰে দ্বাদশ শ্ৰেণী উৰ্ত্তীণ হৈছিল তেখেতৰ সন্তান পাৰ্থ। যৌৱনত ভৰি দিয়াৰ সময়ত আন বহুতৰে জীৱনলৈ প্ৰেমৰ আগমন হোৱাৰ দৰে পাৰ্থৰ জীৱনলৈও আগমন ঘটিছিল প্ৰেমৰ। টংলাৰ এগৰাকী বান্ধৱীৰে সৈতে প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল পাৰ্থৰ।

দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ পিছত নিজৰ ঘৰতে আছিলহি পাৰ্থ। ঘৰত থকাৰ সময়ত পাৰ্থৰ প্ৰেমিকাই তাইৰ পৰা পাৰ্থক আঁতৰাই ৰখা বুলি পাৰ্থৰ মাতৃৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি হোৱাটছএপযোগে প্ৰেৰণ কৰিছিল বাৰ্তা। সেই বাৰ্তাৰ ভাব-ভাষা সহজভাবে মানি ল’ব পৰা নাছিল পাৰ্থৰ মাতৃয়ে।

ইয়াৰ পিছতেই ঘটিছিল মৰ্মান্তিক ঘটনা। যোৱা ১২ মে’ত হাতত নিগনি মৰাৰ ঔষধ লৈ আত্মহত্যা কৰিবলৈ ওলোৱা বুলি পাৰ্থক ফটো প্ৰেৰণ কৰিছিল যুৱতীগৰাকীয়ে। তাৰপিছত ফোন বন্ধ কৰি থৈছিল যুৱতীগৰাকীয়ে। সঁচাকৈয়ে তাই নিগনি মৰাৰ ঔষধ খোৱা বুলি ভাবি লৈছিল পাৰ্থই। গতিকে ভয়ত বিতত হৈ পাৰ্থয়ো কৰি লৈ পেলাইছিল চূড়ান্ত সিদ্ধান্ত। কিন্তু আত্মহত্যা কৰা নাছিল যুৱতীগৰাকীয়ে। 

পাৰ্থৰ মাতৃৰ অভিযোগ অনুসৰি পাৰ্থৰ মৃত্যুৰ পিছত এই সকলো বাৰ্তা পাৰ্থৰ মোবাইলত উদ্ধাৰ কৰিছিল পাৰ্থৰ মাতৃয়ে।

এতিয়া ঘটনাৰ পিছতেই এতিয়া শোকত ভাগি পৰিছে পাৰ্থৰ পৰিয়াল। আনৰ লগত এনে ঘটনা দুনাই নঘটক বুলি কামনা কৰি এই সমগ্ৰ ঘটনা ফেছবুকযোগে প্ৰকাশ কৰিছে পাৰ্থৰ মাতৃয়ে।

Related News