`জীৱনত বহুত ভুল কৰিলো, এতিয়া জীয়াই থাকিব বিচাৰো’; আৰু কি বাৰ্তা ‘অনুতপ্ত আলিবাবা’ৰ!

আত্মগোপনৰ পৰা ওলাই অহাৰ পিছত এইবাৰ জেক মাই কৰ্মচাৰীসকললৈ এখন দীঘলীয়া চিঠি লিখিলে। ইণ্টাৰনেট জায়েন্টটোৰ প্ৰতিষ্ঠাপক জেক মাই কৰ্মচাৰীসকললৈ লিখা এখন বিৰল দীঘলীয়া স্মাৰক পত্ৰত আলিবাবাৰ পুনৰ্গঠনক সমৰ্থন আগবঢ়ায়।

আলিবাবা গ্ৰুপৰ সহ-প্ৰতিষ্ঠাপকগৰাকীয়ে পূৰ্বতকৈ অধিক সক্ৰিয় ভূমিকা গ্ৰহণ কৰিবলৈ সাজু হৈছে। আনকি তেওঁৰ সেই পোষ্টটোৰ পিছতে হংকঙত আলিবাবাৰ শ্বেয়াৰৰ মূল্য ৫ শতাংশ বৃদ্ধি পালে।

জেক মাই তেওঁৰ বাৰ্তাত চিইঅ’ এডি ৱু আৰু চেয়াৰমেন জো ছাইৰ নেতৃত্বক প্ৰশংসা কৰে। তেওঁ উল্লেখ কৰে যে এবছৰৰ পূৰ্বে কোম্পানীটোৱে ছটা বিভাগত বিভক্ত হোৱাৰ সিদ্ধান্তই তৎপৰতা বৃদ্ধি কৰিছে, গ্ৰাহকৰ প্ৰয়োজনীয়তাৰ ওপৰত অধিক গুৰুত্ব দিছে আৰু সিদ্ধান্ত গ্ৰহণ ত্বৰান্বিত কৰিছে।

লগতে পঢ়কঃ সৈনিক স্কুলৰ বেচৰকাৰীকৰণৰ প্ৰতিবাদত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ পত্ৰ কংগ্ৰেছৰ

একে সময়তে পিডিডি হোল্ডিংছ আৰু বাইটডান্সৰ মালিকানাধীন ড’ৱিনৰ দৰে কম খৰচী প্ৰতিদ্বন্দ্বী কোম্পানীৰ ওচৰত ই-কমাৰ্চ খণ্ডত নিজস্ব অৱস্থান হেৰুৱাই ছে আলিবাবাই।

প্ৰসংগক্ৰমে ক’ব পাৰি যে ২০২০ চনৰ অক্টোবৰত চীনৰ নিয়ন্ত্ৰণ কৰ্তৃপক্ষৰ সন্দৰ্ভত তেওঁৰ সমালোচনাত্মক মন্তব্যৰ পিছত জেক মাৰ চৰ্চাৰ বিৰতি আৰম্ভ হৈছিল যাৰ ফলত এণ্ট গ্ৰুপৰ বহু প্ৰত্যাশিত প্ৰাৰম্ভিক ৰাজহুৱা অফাৰ বাতিল হৈ যায়।

লগতে পঢ়কঃIPL 2024: অথলে গ’ল ৰিয়ানৰ বিস্ফোৰক ইনিংছ; ৰুদ্ধশ্বাস মেচত গুজৰাটৰ জয়ৰ নায়ক ৰছিদ

শেষৰ পোষ্টটোত জেক মাই আলিবাবাৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি কৈছে, “আমাৰ উদ্ভাৱন আমাৰ প্ৰতিযোগীসকলক কেতিয়াও অতিক্ৰম কৰা নহয়, বৰঞ্চ ভৱিষ্যতক হাতৰ মুঠিলৈ অনা।”