NORTHEAST NOW (Assamese)

Mulayam Singh Yadav passes away: বৰ্ষীয়ান ৰাজনীতিক সমাজবাদী পাৰ্টিৰ প্ৰতিষ্ঠাপক মুলায়ম সিং যাদৱৰ দেহাৱসান

October 10, 2022 11:18 am · এন ই নাও নিউজ, গুৱাহাটী

Mulayam Singh Yadav passes away সমাজবাদী পাৰ্টিৰ প্ৰতিষ্ঠাপক আৰু লোকসভাৰ সাংসদ মুলায়ম সিং যাদৱৰ আজি দেহাৱসান ঘটে। সোমবাৰে পুৱা ৮ বাজি ৩০ মিনিটত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮২ বছৰ। উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী কেইবাদিনো ধৰি সংকটজনক অৱস্থাত গুৰুগ্ৰামৰ মেদান্ত চিকিৎসালয়ত ভৰ্তি হৈ আছিল।

বাৰ্দ্ধক্যজনিত সমস্যাৰ উপৰিও তেওঁৰ মূত্ৰনলীত সংক্ৰমণ ঘটিছিল। চিকিৎসকৰ ধাৰাবাহিক প্ৰচেষ্টা স্বত্বেও তেওঁৰ শাৰীৰিক অৱস্থাৰ কোনো উন্নতি হোৱা নাছিল।

তেওঁৰ স্বাস্থ্যৰ অৱস্থা হঠাতে অৱনতি হোৱাৰ পিছত দেওবাৰে তেওঁক আইচিইউলৈ স্থানান্তৰিত কৰা হয়। তেওঁক তাত জীৱনদায়ী ঔষধ দিয়া হৈছিল। তেওঁৰ শৰীৰত অক্সিজেনৰ পৰিমাণ কমি যোৱাৰ বাবে উশাহ ল’বলৈ কষ্ট পাইছিল।

মুলায়ম সিং যাদৱ যোৱা ডেৰ মাহ ধৰি চিকিৎসালয়ত ভৰ্তি হৈ আছিল। তেওঁ আনকি খাদ্যও খাব পৰা নাছিল। ফলত তেওঁক পাইপৰ সহায়ত তৰল খাদ্য দিয়া হৈছিল।

ইয়াৰ পূৰ্বে জুন মাহত মুলায়ম সিং যাদৱক মেদান্ত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। জুলাইত মুলায়ম সিঙৰ পত্নীৰ মৃত্যু হৈছিল। তেতিয়াৰ পৰাই তেওঁৰ শাৰীৰিক অৱস্থা অধিক অৱনতি ঘটিছিল।

মুলায়েম সিং যাদৱৰ মৃত্যুত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাজনাথ সিং, প্ৰিয়ংকা গান্ধীকে ধৰি বিভিন্ন নেতাই শোক প্ৰকাশ কৰিছে। 

Related News